--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত বিজেপিৰ পৰাজয়ৰ পাছতে মুখ খুলিছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে। বিজেপিৰ নাম নোলোৱাকৈয়ে তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে।

দেশৰ অন্যতম বৰ্ষীয়ান নেতা তথা বিজেডিৰ মুৰব্বীগৰাকীৰ ভাষাত, “ছিংগল ইঞ্জিন নে ডাবল ইঞ্জিন, সেয়া ডাঙৰ কথা নহয়। জনতাৰ দৃষ্টিকোণৰ পৰা চালে সুশাসনেই চৰকাৰ চলোৱাৰ চাবিকাঠি।”

তেওঁ লগতে কয় যে, “যি চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত কাম কৰে আৰু সুশাসনৰ প্ৰতি চকু ৰাখে, সেইখন চৰকাৰে সদায় জয়ী হ’ব।”

পাটনায়কে আপাত দৃষ্টিত বিজেপি বা আন কোনো দলৰ নাম উল্লেখ নকৰিলেও কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰেক্ষাপটত তেওঁৰ এই মন্তব্যক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। কাৰণ, বিভিন্ন ৰাজ্যৰ বিজেপি নেতাই ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ কথা কৈছে। এই কথা ব্যাখ্যা কৰি বিজেপিয়ে কয় যে কেন্দ্ৰত আৰু ৰাজ্যত একেটা দলৰ চৰকাৰ থাকিলে উন্নয়নৰ গতি বৃদ্ধি পাব।

ৰ্ণাটকতো বিজেপি নেতাসকলে ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ কথা কোৱা শুনা গৈছিল। বিৰোধী দলসমূহে অৱশ্যে অভিযোগ যে বিজেপিয়ে নিজৰ কথাৰেই প্ৰমান কৰি দিছে যে বিৰোধী শাসিত ৰাজ্যৰ উন্নয়নত তেওঁলোকে সুযোগ নিদিয়ে ৷

ৰাষ্ট্ৰীয় ৰাজনীতিত নবীন পাটনায়কক সততে বিজেপিৰ বিৰোধিতা কৰা দেখা নাযায়। কিন্তু ২০০৯ চনত বিজেডিয়ে বিজেপিৰ মিত্ৰজোঁট ত্যাগ কৰে। তেতিয়াৰ পৰাই ওড়িশাৰ শাসকীয় দলে কংগ্ৰেছ আৰু বিজেপি উভয়ৰে পৰা সম দূৰত্বৰ নীতিৰে চলি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস