--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী ফলাফল ঘোষণা হোৱা কৰ্ণাটকত আজি কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ বদলিৰ নিৰ্দেশ দিয়ে। সেইমৰ্মে কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ সুদক পৰৱৰ্তী দুবছৰৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ সঞ্চালক হিচাপে নিযুক্তি  দিয়া হৈছে। 

প্ৰধানমন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলপতিক লৈ গঠিত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ নাম  চিবিআইৰ নতুন সঞ্চালক হিচাপে  চূড়ান্ত কৰে৷ কৰ্ণাটক কেডাৰৰ ১৯৮৬ বেটচৰ আইপিএছ বিষয়া প্ৰবীণ সুদে চিবিআইৰ বৰ্তমানৰ মুৰব্বী সুবোধ কুমাৰ জয়ছোৱালৰ পৰা দায়িত্ব গ্ৰহণ কৰিব৷  

প্ৰধানমন্ত্ৰী, চিজেআই আৰু লোকসভাৰ বিৰোধী দলৰ নেতাক লৈ গঠিত  সমিতিয়ে দুবছৰৰ বাবে সুদক চিবিআইৰ মুৰব্বীৰ পদত  নিযুক্ত  কৰে। উল্লেখ্য  চিবিআইৰ  সঞ্চালক হিচাবে সুদৰ  কাৰ্যকাল প্ৰয়োজনত  পাঁচ বছৰলৈকে বৃদ্ধি কৰিব পৰা যাব।

 উচ্চ পৰ্যায়ৰ সমিতি খনে  চিবিআই সঞ্চালক পদৰ বাবে তিনিজন জ্যেষ্ঠ আইপিএছ বিষয়াৰ নাম বাছনি কৰাৰ পিছত   সুদক উক্ত পদৰ বাবে চূড়ান্ত কৰে। কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছতে ৰাজ্য খনৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ সুদক চিবিআইলৈ নিয়াৰ কথাই বহুতৰ মাজত চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস