--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী ফলাফল ঘোষণা হোৱা কৰ্ণাটকত আজি কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ বদলিৰ নিৰ্দেশ দিয়ে। সেইমৰ্মে কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ সুদক পৰৱৰ্তী দুবছৰৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ সঞ্চালক হিচাপে নিযুক্তি  দিয়া হৈছে। 

প্ৰধানমন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলপতিক লৈ গঠিত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ নাম  চিবিআইৰ নতুন সঞ্চালক হিচাপে  চূড়ান্ত কৰে৷ কৰ্ণাটক কেডাৰৰ ১৯৮৬ বেটচৰ আইপিএছ বিষয়া প্ৰবীণ সুদে চিবিআইৰ বৰ্তমানৰ মুৰব্বী সুবোধ কুমাৰ জয়ছোৱালৰ পৰা দায়িত্ব গ্ৰহণ কৰিব৷  

প্ৰধানমন্ত্ৰী, চিজেআই আৰু লোকসভাৰ বিৰোধী দলৰ নেতাক লৈ গঠিত  সমিতিয়ে দুবছৰৰ বাবে সুদক চিবিআইৰ মুৰব্বীৰ পদত  নিযুক্ত  কৰে। উল্লেখ্য  চিবিআইৰ  সঞ্চালক হিচাবে সুদৰ  কাৰ্যকাল প্ৰয়োজনত  পাঁচ বছৰলৈকে বৃদ্ধি কৰিব পৰা যাব।

 উচ্চ পৰ্যায়ৰ সমিতি খনে  চিবিআই সঞ্চালক পদৰ বাবে তিনিজন জ্যেষ্ঠ আইপিএছ বিষয়াৰ নাম বাছনি কৰাৰ পিছত   সুদক উক্ত পদৰ বাবে চূড়ান্ত কৰে। কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছতে ৰাজ্য খনৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ সুদক চিবিআইলৈ নিয়াৰ কথাই বহুতৰ মাজত চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস