--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুজ থাপনে যোৱা মঙলবাৰে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আত্মহত্যা কৰে। কিন্তু ইয়াতেই শেষ নহয়। ছলমানৰ ঘৰৰ বাহিৰত সংঘটিত হোৱা আক্ৰমণত বহু লোক জড়িত আছিল। এইবাৰ ৰাজস্থানৰ পৰা ধৰা পৰিল মহম্মদ চৌধুৰী। তেওঁ বন্দুকধাৰীসকলক ধন যোগান ধৰিছিল আৰু আনকি তেওঁলোকৰ সৈতে  দিনো কটায়। এই মহম্মদ ৰাজস্থানৰ পৰা ধৰা পৰিল। মঙলবাৰে তেওঁক মুম্বাইলৈ অনা হয়। শীঘ্ৰে তেওঁক আদালতলৈ লৈ যোৱা হ’ব।

১৪ এপ্ৰিলত বিষ্ণুই চক্ৰৰ সদস্যই ছলমান খানৰ বান্দ্ৰা ফ্লেটত গুলীচালনা কৰে। অভিনেতাজনৰ ঘৰৰ বেৰত দুটা গুলীচালনা কৰে। অভিনেতাজনৰ ফ্লেটৰ দেৱাল ফাদিল। সমগ্ৰ ঘটনাই কঁপাইছে মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে মুম্বাই আৰক্ষী। কোনো পলম নকৰাকৈয়ে তদন্ত আৰম্ভ হয়। ঘটনাৰ দুদিন পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন বন্দুকধাৰীক। ইয়াৰ পিছতে বন্দুকধাৰীক অস্ত্ৰ যোগানকাৰী দুজন ধৰা পৰে। তেওঁলোক হ’ল অনুজ থাপন আৰু সোনু বিষ্ণোই বন্দুকধাৰীৰ মতে ছলমানৰ ঘৰত ১০ গুলী চলাবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পিছত তেওঁলোকে বন্দুকটো চুৰাটৰ তাপতি নদীত দলিয়াই দিলে। জানিব পৰা মতে, ইয়াৰ মাজতে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে নদীখনৰ পৰা এটা বন্দুক আৰু কিছু কাৰ্টিজ উদ্ধাৰ কৰিছে।

গুলীচালনাৰ পিছৰে পৰা ছলমানক ঘেৰি ধৰিছে কটকটীয়া নিৰাপত্তাৰক্ষীয়ে। তেওঁ সকলো সময়তে ৱাই কেটেগৰী ছিকিউৰিটিৰ অধীনত থাকে। ছলমানৰ অনুৰাগীকে ধৰি পৰিয়ালৰ লোক চিন্তিত। শুনা যায় যে তেওঁ ইতিমধ্যে নিজৰ বান্দ্ৰা ফ্লেট এৰি পানভেলৰ ফাৰ্ম হাউচত থাকিবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু