--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুজ থাপনে যোৱা মঙলবাৰে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আত্মহত্যা কৰে। কিন্তু ইয়াতেই শেষ নহয়। ছলমানৰ ঘৰৰ বাহিৰত সংঘটিত হোৱা আক্ৰমণত বহু লোক জড়িত আছিল। এইবাৰ ৰাজস্থানৰ পৰা ধৰা পৰিল মহম্মদ চৌধুৰী। তেওঁ বন্দুকধাৰীসকলক ধন যোগান ধৰিছিল আৰু আনকি তেওঁলোকৰ সৈতে  দিনো কটায়। এই মহম্মদ ৰাজস্থানৰ পৰা ধৰা পৰিল। মঙলবাৰে তেওঁক মুম্বাইলৈ অনা হয়। শীঘ্ৰে তেওঁক আদালতলৈ লৈ যোৱা হ’ব।

১৪ এপ্ৰিলত বিষ্ণুই চক্ৰৰ সদস্যই ছলমান খানৰ বান্দ্ৰা ফ্লেটত গুলীচালনা কৰে। অভিনেতাজনৰ ঘৰৰ বেৰত দুটা গুলীচালনা কৰে। অভিনেতাজনৰ ফ্লেটৰ দেৱাল ফাদিল। সমগ্ৰ ঘটনাই কঁপাইছে মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে মুম্বাই আৰক্ষী। কোনো পলম নকৰাকৈয়ে তদন্ত আৰম্ভ হয়। ঘটনাৰ দুদিন পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন বন্দুকধাৰীক। ইয়াৰ পিছতে বন্দুকধাৰীক অস্ত্ৰ যোগানকাৰী দুজন ধৰা পৰে। তেওঁলোক হ’ল অনুজ থাপন আৰু সোনু বিষ্ণোই বন্দুকধাৰীৰ মতে ছলমানৰ ঘৰত ১০ গুলী চলাবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পিছত তেওঁলোকে বন্দুকটো চুৰাটৰ তাপতি নদীত দলিয়াই দিলে। জানিব পৰা মতে, ইয়াৰ মাজতে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে নদীখনৰ পৰা এটা বন্দুক আৰু কিছু কাৰ্টিজ উদ্ধাৰ কৰিছে।

গুলীচালনাৰ পিছৰে পৰা ছলমানক ঘেৰি ধৰিছে কটকটীয়া নিৰাপত্তাৰক্ষীয়ে। তেওঁ সকলো সময়তে ৱাই কেটেগৰী ছিকিউৰিটিৰ অধীনত থাকে। ছলমানৰ অনুৰাগীকে ধৰি পৰিয়ালৰ লোক চিন্তিত। শুনা যায় যে তেওঁ ইতিমধ্যে নিজৰ বান্দ্ৰা ফ্লেট এৰি পানভেলৰ ফাৰ্ম হাউচত থাকিবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ