--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জোকাৰি যোৱা এটা নাম-অৰূণা ইৰাণী। এগৰাকী মাতৃৰ পৰা প্ৰেমিকালৈকে, নায়িকাৰ পৰা লাস্যময়ী অভিনেত্ৰীলৈকে, বলীউডে প্ৰতিটো চৰিত্ৰতে দেখিছে তেওঁক। ছয় দশকজোৰা অভিনয় জীৱনত দৰ্শকে তেওঁক নায়ক-নায়িকাৰ এগৰাকী মাতৃ হিচাপেই জানে। এসময়ত পৰ্দাত দৰ্শকৰ মনজয় কৰা অৰুণা ইৰাণীয়ে সেই দিশটো কিদৰে বিবেচনা কৰে? শেহতীয়াকৈ এক সাক্ষাৎকাৰত, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰিছে। দৰ্শকে একেগৰাকী অভিনেত্ৰীক সম্পূৰ্ণ বিপৰীত চৰিত্ৰত কেনেদৰে ভাল পায়? কিদৰে ল’ব পাৰে আদৰি? এই কথাই আজিয়ো হেনো আচৰিত কৰি তোলে অভিনেত্ৰীগৰাকীক। সেই সন্দৰ্ভত ক’বলৈ গৈ অৰূণা ইৰাণীয়ে সঞ্জয় দত্তৰ উদাহৰণ দাঙি ধৰিছিল। স্মৰ্তব্য যে, সঞ্জয়ৰ প্ৰথম ছবি 'ৰকী'ত অৰূণাই তেওঁৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। সঞ্জয়ৰ সৈতে দ্বিতীয় খন ছবি 'জনী আই লাভ ইউ'ত সেই অৰূণাই হৈছিল সঞ্জয়ৰ লাস্যময়ী প্ৰেমিকা! তেওঁ কয়, ‘বলীউডৰ বেছিভাগ অভিনেতাৰ সৈতে মই কাম কৰিছো। সঞ্জয় তেওঁলোকৰ মাজৰ এজন। তেওঁৰ প্ৰথম ছবিত মই সঞ্জয়ৰ মাতৃ আছিলো আৰু পৰৱৰ্তী ছবিখনত মই প্ৰেমৰ প্ৰলোভন দিছিলো সঞ্জয়ক! দৰ্শকে কেনেকৈ একেজন ব্যক্তিক এনে বিপৰীত চৰিত্ৰত গ্ৰহণ কৰি ল’ব পাৰে তাক মই আজিও বুজি নাপালো।’ মন কৰিবলগীয় যে, অৰূণাই ১৯৬১ চনত 'গংগা যমুনা' ছবিখনত শিশু শিল্পী হিচাপে বলীউডত আত্মপ্ৰকাশ কৰিছিল।এতিয়ালৈকে ৫০০ তকৈও অধিক ছবিত কাম কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। কেৰিয়াৰৰ আৰম্ভণিতে, অভিনেত্ৰীগৰাকীয়ে বিভিন্ন চৰিত্ৰৰে খলকনি তুলিছিল অৰূণাই। বলীউডত খোজ থোৱাৰ পাছত এগৰাকী মাতৃ বা দণ্ডুৰী শাহুৰ চৰিত্ৰত অধিক জনপ্ৰিয় হৈ পৰিছিল অৰূণা ইৰাণী। সেয়া যি কি নহওক, অভিনেত্ৰীগৰাকীৰ শেহতীয়া এই বাৰ্তালাপ অনুৰাগীৰ মাজতো বেছ জনপ্ৰিয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ