--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জোকাৰি যোৱা এটা নাম-অৰূণা ইৰাণী। এগৰাকী মাতৃৰ পৰা প্ৰেমিকালৈকে, নায়িকাৰ পৰা লাস্যময়ী অভিনেত্ৰীলৈকে, বলীউডে প্ৰতিটো চৰিত্ৰতে দেখিছে তেওঁক। ছয় দশকজোৰা অভিনয় জীৱনত দৰ্শকে তেওঁক নায়ক-নায়িকাৰ এগৰাকী মাতৃ হিচাপেই জানে। এসময়ত পৰ্দাত দৰ্শকৰ মনজয় কৰা অৰুণা ইৰাণীয়ে সেই দিশটো কিদৰে বিবেচনা কৰে? শেহতীয়াকৈ এক সাক্ষাৎকাৰত, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰিছে। দৰ্শকে একেগৰাকী অভিনেত্ৰীক সম্পূৰ্ণ বিপৰীত চৰিত্ৰত কেনেদৰে ভাল পায়? কিদৰে ল’ব পাৰে আদৰি? এই কথাই আজিয়ো হেনো আচৰিত কৰি তোলে অভিনেত্ৰীগৰাকীক। সেই সন্দৰ্ভত ক’বলৈ গৈ অৰূণা ইৰাণীয়ে সঞ্জয় দত্তৰ উদাহৰণ দাঙি ধৰিছিল। স্মৰ্তব্য যে, সঞ্জয়ৰ প্ৰথম ছবি 'ৰকী'ত অৰূণাই তেওঁৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। সঞ্জয়ৰ সৈতে দ্বিতীয় খন ছবি 'জনী আই লাভ ইউ'ত সেই অৰূণাই হৈছিল সঞ্জয়ৰ লাস্যময়ী প্ৰেমিকা! তেওঁ কয়, ‘বলীউডৰ বেছিভাগ অভিনেতাৰ সৈতে মই কাম কৰিছো। সঞ্জয় তেওঁলোকৰ মাজৰ এজন। তেওঁৰ প্ৰথম ছবিত মই সঞ্জয়ৰ মাতৃ আছিলো আৰু পৰৱৰ্তী ছবিখনত মই প্ৰেমৰ প্ৰলোভন দিছিলো সঞ্জয়ক! দৰ্শকে কেনেকৈ একেজন ব্যক্তিক এনে বিপৰীত চৰিত্ৰত গ্ৰহণ কৰি ল’ব পাৰে তাক মই আজিও বুজি নাপালো।’ মন কৰিবলগীয় যে, অৰূণাই ১৯৬১ চনত 'গংগা যমুনা' ছবিখনত শিশু শিল্পী হিচাপে বলীউডত আত্মপ্ৰকাশ কৰিছিল।এতিয়ালৈকে ৫০০ তকৈও অধিক ছবিত কাম কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। কেৰিয়াৰৰ আৰম্ভণিতে, অভিনেত্ৰীগৰাকীয়ে বিভিন্ন চৰিত্ৰৰে খলকনি তুলিছিল অৰূণাই। বলীউডত খোজ থোৱাৰ পাছত এগৰাকী মাতৃ বা দণ্ডুৰী শাহুৰ চৰিত্ৰত অধিক জনপ্ৰিয় হৈ পৰিছিল অৰূণা ইৰাণী। সেয়া যি কি নহওক, অভিনেত্ৰীগৰাকীৰ শেহতীয়া এই বাৰ্তালাপ অনুৰাগীৰ মাজতো বেছ জনপ্ৰিয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু