--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা হিচাপে বলীউডত প্ৰায় ৩৭ বছৰ অতিবাহিত কৰিছে তেওঁ। জীৱনৰ ৬৭ সংখ্যক জন্মদিনৰ দিনা এটা টুইটত অৰ্ধ উলংগ হৈ সু-স্বাস্থ্যৰ বাৰ্তা দিছে বলীউড অভিনেতা অনুপম খেৰে। জীৱনৰ এই বিশেষ দিনটোত নানা স্মৃতিকথাই দোলা দি গৈছে তেওঁৰ শুভাকাংক্ষীৰ মনত। ছাত্ৰৱস্থাত অডিচনৰ বাবে ১১৮ টকাত চোৰ কৰিছিল অনুপম খেৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ‘চিমলাত থকা সময়ত পঞ্জাৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত অডিচনত অংশগ্ৰহণ কৰিলে ২০০ টকাৰ বৃত্তি লাভ কৰিলোহেঁতেন।মা-দেউতাক টকা খোজাৰ সাহস মোৰ নাছিল।সেইবাবে মায়ে মন্দিৰত জমা কৰা টকা চোৰ কৰিবলৈ বাধ্য হৈছিলো।’ পৰৱৰ্তী সময়ত বৃত্তি লাভ কৰিলেও কিন্তু অনুপমে মাকৰ পৰা পাইছিল কঠোৰ শাস্তি। উল্লেখ্য যে, ৮০- ৯০ ৰ দশকৰ পৰা এগৰাকী পিতৃৰ চৰিত্ৰত অভিনয় কৰা অনুপমে প্ৰতিটো চৰিত্ৰতে শ্ৰোতা দৰ্শকক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে। তেওঁ অভিনয় কৰা খলনায়কৰ চৰিত্ৰবোৰতো মৌলিকতাৰ স্পষ্ট ৰেখ দেখিবলৈ পোৱা গৈছিল। সেইবাবে হয়তো তেওঁৰ প্ৰতিটো চৰিত্ৰ, সাৱলীল অভিনয় আৰু সংলাপে আকৰ্ষিত কৰি আহিছে অনুৰাগীক। 'কহো না প্যায়াৰ হ্যে', 'দিল' এই ছবিসমূহৰ ভিতৰত অন্যতম। অৱশ্যে, দিন যোৱাৰ লগে লগে অনুপম খেৰৰ অভিনয় শৈলীৰো উত্তৰন ঘটা দেইখবলৈ পোৱা গৈছে। কিন্তু অভিনয়ৰ উপৰি স্বাস্থ্য সচেতনতাক লৈ কিমান যত্নশীল তেওঁ, সাময়িক ছবিবোৰেই স্পষ্ট কৰিছে। এই বয়সত অনুপমৰ ‘ফিট বডী’ দেখি হতবাক হৃত্বিক ৰোছন। ছবিৰ তলত হৃত্বিকৰ মন্তব্য, 'চমতকাৰ, শুভ জন্মদিন।' আনহাতে, আগন্তুক ১১মাৰ্চত মুক্তি পাব কাশ্মীৰৰ পণ্ডিতসকলক কেন্দ্ৰ কৰি তেওঁৰ অভিনীত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু