--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা হিচাপে বলীউডত প্ৰায় ৩৭ বছৰ অতিবাহিত কৰিছে তেওঁ। জীৱনৰ ৬৭ সংখ্যক জন্মদিনৰ দিনা এটা টুইটত অৰ্ধ উলংগ হৈ সু-স্বাস্থ্যৰ বাৰ্তা দিছে বলীউড অভিনেতা অনুপম খেৰে। জীৱনৰ এই বিশেষ দিনটোত নানা স্মৃতিকথাই দোলা দি গৈছে তেওঁৰ শুভাকাংক্ষীৰ মনত। ছাত্ৰৱস্থাত অডিচনৰ বাবে ১১৮ টকাত চোৰ কৰিছিল অনুপম খেৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ‘চিমলাত থকা সময়ত পঞ্জাৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত অডিচনত অংশগ্ৰহণ কৰিলে ২০০ টকাৰ বৃত্তি লাভ কৰিলোহেঁতেন।মা-দেউতাক টকা খোজাৰ সাহস মোৰ নাছিল।সেইবাবে মায়ে মন্দিৰত জমা কৰা টকা চোৰ কৰিবলৈ বাধ্য হৈছিলো।’ পৰৱৰ্তী সময়ত বৃত্তি লাভ কৰিলেও কিন্তু অনুপমে মাকৰ পৰা পাইছিল কঠোৰ শাস্তি। উল্লেখ্য যে, ৮০- ৯০ ৰ দশকৰ পৰা এগৰাকী পিতৃৰ চৰিত্ৰত অভিনয় কৰা অনুপমে প্ৰতিটো চৰিত্ৰতে শ্ৰোতা দৰ্শকক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে। তেওঁ অভিনয় কৰা খলনায়কৰ চৰিত্ৰবোৰতো মৌলিকতাৰ স্পষ্ট ৰেখ দেখিবলৈ পোৱা গৈছিল। সেইবাবে হয়তো তেওঁৰ প্ৰতিটো চৰিত্ৰ, সাৱলীল অভিনয় আৰু সংলাপে আকৰ্ষিত কৰি আহিছে অনুৰাগীক। 'কহো না প্যায়াৰ হ্যে', 'দিল' এই ছবিসমূহৰ ভিতৰত অন্যতম। অৱশ্যে, দিন যোৱাৰ লগে লগে অনুপম খেৰৰ অভিনয় শৈলীৰো উত্তৰন ঘটা দেইখবলৈ পোৱা গৈছে। কিন্তু অভিনয়ৰ উপৰি স্বাস্থ্য সচেতনতাক লৈ কিমান যত্নশীল তেওঁ, সাময়িক ছবিবোৰেই স্পষ্ট কৰিছে। এই বয়সত অনুপমৰ ‘ফিট বডী’ দেখি হতবাক হৃত্বিক ৰোছন। ছবিৰ তলত হৃত্বিকৰ মন্তব্য, 'চমতকাৰ, শুভ জন্মদিন।' আনহাতে, আগন্তুক ১১মাৰ্চত মুক্তি পাব কাশ্মীৰৰ পণ্ডিতসকলক কেন্দ্ৰ কৰি তেওঁৰ অভিনীত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু