--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খান-বলীউডৰ ভাইজান। যাৰ নাম শুনা মাত্ৰকে ছবিগৃহত বীৰ‌ দি বাট নোপোৱা অৱস্তা হয়!  বলীউডৰ এলিজিবল বেচলৰ হিচাপেও পৰিচিত তেওঁ। ছলমানৰ বিয়াক লৈয়ো গুঞ্জনৰ অন্ত নাই। তেওঁৰ জীৱনলৈ আহি বলীউডৰ বহুতো নায়িকা। পাছে এসময়ৰ প্ৰেমিকা আজি আন কাৰোবাৰ জীৱন সংগী। সোণাক্ষী সিংহাৰ সৈতেও বিবাহৰ গুঞ্জন উঠিছিল ভাইজানৰ। ছলমানৰ বিবাহক লৈ এইবাৰ মুখ খুলিছে ৰাণী মুখাৰ্জীয়ে। যিমানদূৰ সম্ভৱ ছলমানে সোনকালে পিতৃ হোৱাটো বিচাৰে ৰাণী মুখাৰ্জীয়ে। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে নিজেই এক বিবৃতিত এই মন্তব্য কৰা দেখা গৈছে। ৰাণী মুখাৰ্জীৰ এই মন্তব্যৰ পাছতে তোলপাৰ লাগিছে সামাজিক মাধ্যমত। পাছে ছলমানে পিতৃ হোৱা বিচৰাৰ আঁৰৰ কাহিনী বেলেগ। ৰাণী মুখাৰ্জীৰ জীয়ৰীৰ সৈতে খেলাৰ সংগী নাই বাবে ছলমানে পিতৃ হোৱাটো বিচাৰিছে ৰাণীয়ে। ব্যংগ কৰি অভিনেত্ৰীগৰাকীয়ে এই মন্তব্য কৰা দে‌খা গৈছে। এসময়ত ৰাণী মখাৰ্জীৰ সৈতেও ছলমান খানৰ প্ৰেমৰ সম্পৰ্কক লৈ সংবাদ মাধ্যমত গুজৱ শুনিবলৈ পোৱা গৈছিল। তেওঁলোকৰ সম্পৰ্কক কেন্দ্ৰ কৰি এসময়ত কম চৰ্চা হোৱা নাছিল। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ছলমান খান আৰু ৰাণী মুখাৰ্জীয়ে। স্মৰ্তব্য যে, ৰাণী মুখাৰ্জীও বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীগৰাকীয়ে মাতৃ হোৱাৰ পিছতো নিজকে টঙাই ৰাখিছে বলীউডত। অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে ৱেব প্লেটফৰ্মতো ভৰি দিছে। ’৯০ ৰ দশকৰ অন্যতম শ্ৰেষ্ঠ যুটি আছিল ছলমান-ৰাণী। কিন্তু বৰ্তমান ৰাণী মুখাৰ্জী আদিত্য চোপ্ৰাৰ পত্নী। যশ চোপ্ৰাৰ জ্যেষ্ঠ পুত্ৰ আদিত্যৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল এইগৰাকী মোহময়ী অভিনেত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু