--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খান-বলীউডৰ ভাইজান। যাৰ নাম শুনা মাত্ৰকে ছবিগৃহত বীৰ‌ দি বাট নোপোৱা অৱস্তা হয়!  বলীউডৰ এলিজিবল বেচলৰ হিচাপেও পৰিচিত তেওঁ। ছলমানৰ বিয়াক লৈয়ো গুঞ্জনৰ অন্ত নাই। তেওঁৰ জীৱনলৈ আহি বলীউডৰ বহুতো নায়িকা। পাছে এসময়ৰ প্ৰেমিকা আজি আন কাৰোবাৰ জীৱন সংগী। সোণাক্ষী সিংহাৰ সৈতেও বিবাহৰ গুঞ্জন উঠিছিল ভাইজানৰ। ছলমানৰ বিবাহক লৈ এইবাৰ মুখ খুলিছে ৰাণী মুখাৰ্জীয়ে। যিমানদূৰ সম্ভৱ ছলমানে সোনকালে পিতৃ হোৱাটো বিচাৰে ৰাণী মুখাৰ্জীয়ে। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে নিজেই এক বিবৃতিত এই মন্তব্য কৰা দেখা গৈছে। ৰাণী মুখাৰ্জীৰ এই মন্তব্যৰ পাছতে তোলপাৰ লাগিছে সামাজিক মাধ্যমত। পাছে ছলমানে পিতৃ হোৱা বিচৰাৰ আঁৰৰ কাহিনী বেলেগ। ৰাণী মুখাৰ্জীৰ জীয়ৰীৰ সৈতে খেলাৰ সংগী নাই বাবে ছলমানে পিতৃ হোৱাটো বিচাৰিছে ৰাণীয়ে। ব্যংগ কৰি অভিনেত্ৰীগৰাকীয়ে এই মন্তব্য কৰা দে‌খা গৈছে। এসময়ত ৰাণী মখাৰ্জীৰ সৈতেও ছলমান খানৰ প্ৰেমৰ সম্পৰ্কক লৈ সংবাদ মাধ্যমত গুজৱ শুনিবলৈ পোৱা গৈছিল। তেওঁলোকৰ সম্পৰ্কক কেন্দ্ৰ কৰি এসময়ত কম চৰ্চা হোৱা নাছিল। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ছলমান খান আৰু ৰাণী মুখাৰ্জীয়ে। স্মৰ্তব্য যে, ৰাণী মুখাৰ্জীও বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীগৰাকীয়ে মাতৃ হোৱাৰ পিছতো নিজকে টঙাই ৰাখিছে বলীউডত। অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে ৱেব প্লেটফৰ্মতো ভৰি দিছে। ’৯০ ৰ দশকৰ অন্যতম শ্ৰেষ্ঠ যুটি আছিল ছলমান-ৰাণী। কিন্তু বৰ্তমান ৰাণী মুখাৰ্জী আদিত্য চোপ্ৰাৰ পত্নী। যশ চোপ্ৰাৰ জ্যেষ্ঠ পুত্ৰ আদিত্যৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল এইগৰাকী মোহময়ী অভিনেত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক