--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ খানে বলীউড ইন্ডাষ্ট্ৰিত ইতিমধ্যে বহু বছৰ অতিক্ৰম কৰিছে। ’৯০ ৰ দশকৰ জনপ্ৰিয় অভিনেতাসকলৰ ভিতৰত অন্যতম শ্বাহৰূখ খান। সেই সময়ত শ্বাহৰূখ খান মানেই যেন দুৰ্দান্ত গ্ৰাফিক্স,একশ্যন আৰু হিট ছবি। অভিনেতাজনে ’৯০ ৰ দশকত ইখনৰ পাছত সিখন ছবি উপহাৰ দি গৈছে। অৱশ্যে, শ্বাহৰূখ খানে পূৰ্বৰ সেই জনপ্ৰিয়তা আজিকোপৰ্যন্ত বজাই ৰাখিছে। শ্বাহৰূখৰ সমান্তৰালকৈ সুস্মিতা সেনো বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী। তেওঁ বৰ্তমান ৱেব প্লেটফৰ্মতো অভিনয় কৰিবলৈ লৈছে। ২০০৪ চনত, শ্বাহৰূখ-সুস্মিতাৰ যুটিক একেলগে 'মে হুন না'ত দেখা গৈছিল। শেহতীয়াকৈ, এটা ভিডিঅ'ৰ যোগেদি পুনৰ চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে এই যুটি।   ভাইৰেল ভিডিঅ'ত কিং খানক সুস্মিতা সেনৰ সৈতে কথা পাতি থকা দেখা গৈছে। শ্বাহৰূখে সুস্মিতা সেনক এটা বাৰ্তালাপৰ জৰিয়তে সুধিছিল যে, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সৈতে এছ আৰ কে প্লাছৰ বাবে একেলগে কাম কৰিব পাৰিবনে? অৱশ্যে, ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, তেওঁ সম্প্ৰতি ডিজনী প্লাছ হ’টষ্টাৰত ব্যস্ত হৈ থকা বুলি জনাইছে। আনকি অহা বছৰ একেলগে কাম কৰাৰো আশ্বাস প্ৰদান কৰে সুস্মিতা সেনে। কিন্তু বলীউড ছুপাৰষ্টাৰজনক অভিনেত্ৰীৰ প্ৰতিক্ৰিয়াই যে আহত কৰিছে কোনোবাখিনিত। সেই কথা স্পষ্ট ৰূপত ধৰা পৰিছে। বিষয়টোক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হোৱা পৰিলক্ষিত হৈছে। সম্প্ৰতি এই ভিডিঅ’টো ডিজনী প্লাছ হ’টষ্টাৰৰ অফিচিয়েল টুইটাৰ পেজৰ পৰা শ্বেয়াৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক