--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ খানে বলীউড ইন্ডাষ্ট্ৰিত ইতিমধ্যে বহু বছৰ অতিক্ৰম কৰিছে। ’৯০ ৰ দশকৰ জনপ্ৰিয় অভিনেতাসকলৰ ভিতৰত অন্যতম শ্বাহৰূখ খান। সেই সময়ত শ্বাহৰূখ খান মানেই যেন দুৰ্দান্ত গ্ৰাফিক্স,একশ্যন আৰু হিট ছবি। অভিনেতাজনে ’৯০ ৰ দশকত ইখনৰ পাছত সিখন ছবি উপহাৰ দি গৈছে। অৱশ্যে, শ্বাহৰূখ খানে পূৰ্বৰ সেই জনপ্ৰিয়তা আজিকোপৰ্যন্ত বজাই ৰাখিছে। শ্বাহৰূখৰ সমান্তৰালকৈ সুস্মিতা সেনো বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী। তেওঁ বৰ্তমান ৱেব প্লেটফৰ্মতো অভিনয় কৰিবলৈ লৈছে। ২০০৪ চনত, শ্বাহৰূখ-সুস্মিতাৰ যুটিক একেলগে 'মে হুন না'ত দেখা গৈছিল। শেহতীয়াকৈ, এটা ভিডিঅ'ৰ যোগেদি পুনৰ চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে এই যুটি।   ভাইৰেল ভিডিঅ'ত কিং খানক সুস্মিতা সেনৰ সৈতে কথা পাতি থকা দেখা গৈছে। শ্বাহৰূখে সুস্মিতা সেনক এটা বাৰ্তালাপৰ জৰিয়তে সুধিছিল যে, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সৈতে এছ আৰ কে প্লাছৰ বাবে একেলগে কাম কৰিব পাৰিবনে? অৱশ্যে, ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, তেওঁ সম্প্ৰতি ডিজনী প্লাছ হ’টষ্টাৰত ব্যস্ত হৈ থকা বুলি জনাইছে। আনকি অহা বছৰ একেলগে কাম কৰাৰো আশ্বাস প্ৰদান কৰে সুস্মিতা সেনে। কিন্তু বলীউড ছুপাৰষ্টাৰজনক অভিনেত্ৰীৰ প্ৰতিক্ৰিয়াই যে আহত কৰিছে কোনোবাখিনিত। সেই কথা স্পষ্ট ৰূপত ধৰা পৰিছে। বিষয়টোক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হোৱা পৰিলক্ষিত হৈছে। সম্প্ৰতি এই ভিডিঅ’টো ডিজনী প্লাছ হ’টষ্টাৰৰ অফিচিয়েল টুইটাৰ পেজৰ পৰা শ্বেয়াৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য