--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খান ৫৭ বছৰ ধৰি অবিবাহিত হৈ আছে। অৱশ্যে, এতিয়ালৈকে 'ভাইজান'ৰ নাম বহুতো মহিলাৰ সৈতে সাঙোৰ খাই আহিছে। ১৯৯১ চনৰ পৰা ১৯৯৯ চনলৈ তেওঁ অভিনেত্ৰী ছমি আলীৰ স’তে সম্পৰ্কত আছিল।


কেনে আছিল সেই প্ৰেম? প্ৰাক্তন অভিনেত্ৰী আৰু বৰ্তমানৰ সমাজকৰ্মী ছমীৰ মতে, চলমানৰ স’তে তেওঁৰ সম্পৰ্ক মুঠেই সুখজনক নাছিল। তেওঁ ছলমানৰ ওপৰত শাৰীৰিক উৎপীড়নৰো অভিযোগ উত্থাপন কৰি আহিছে৷


ছলমানৰ স’তে সম্পৰ্কত থাকোতে ছমীয়ে বুজি পাইছিল ঘৰুৱা হিংসা কি! প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে সামাজিক মাধ্যমত শেহতীয়াকৈ কেইবাটাও পোষ্ট পোষ্ট কৰি আহিছে। কিন্তু পিছত তেওঁ  সেইবোৰ ডিলিট কৰে।

ছলমানৰ স’তে সম্পৰ্কৰ সময়খিনিৰ বিষয়ে প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে- "ভয়াৱহ আঠটা বছৰ! ছলমানৰ সৈতে অতিবাহিত কৰা সময়খিনি মোৰ জীৱনৰ পৰা আঁতৰাব বিচাৰো। "

ছলমানে দিনে দিনে ৰাতিয়ে তাইক কেনেদৰে হাৰাশাস্তি কৰিছিল সেই কথাও ছমীয়ে কৈছিল। তেওঁৰ মতে ছলমান এগৰাকী নাৰীবিদ্বেষী। তেওঁ কয়, "প্ৰতি মুহূৰ্ততে মোক তুচ্ছজ্ঞান কৰা হৈছিল।"

‘‘ছলমানে মোক অহৰ্নিশে কৈছিল যে মই কিমান কুৎসিত, মূৰ্খ আৰু মূল্যহীন। তাৰ লগতে ইজনী পিছত সিজনী যুৱতীৰ প্ৰেমত পৰা আৰম্ভ কৰে ছলমানে। আঠটা বছৰ হ’ল সেইবোৰৰ মাজেৰে পাৰ হৈ আহিছিলো।”- ছমীয়ে কৈছিল৷

কেৱল সেয়াই নহয়, ছলমানে আগতে বন্ধু-বান্ধৱীৰ সন্মুখতো তাইক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰে ছমীয়ে। কোনোদিনে ছলমানে ছমীক প্ৰেমিকা হিচাপে স্বীকৃতি নিদিলে। সেইবাবেই সম্পৰ্কৰ পৰা ওলাই আহিল তেওঁ। ছমীয়ে বিচাৰি আছিল এজন সদয় হৃদয়ৰ মানুহ৷

উল্লেখ্য যে ছমীৰ পিছত আন বহু অভিনেত্ৰীৰ সৈতে জড়িত হৈ পৰে ছলমান। এই তালিকাত আছে মডেল ষ্টাৰ সংগীতা বিজলানী, অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কেটৰিনা কাইফ। শেহতীয়াকৈ শ্বেহনাজ গিলৰো লগত জড়িত হৈ পৰিছে ছলমান। ছলমানৰ বাবেই বলীউডত শ্বেহনাজে অভিষেক ঘটায়। বৰ্তমান মডেল ষ্টাৰ লুলিয়া ভান্টুৰৰ সৈতে ছলমানৰ সম্পৰ্কক লৈ গুজৱ চলি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক