--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খান ৫৭ বছৰ ধৰি অবিবাহিত হৈ আছে। অৱশ্যে, এতিয়ালৈকে 'ভাইজান'ৰ নাম বহুতো মহিলাৰ সৈতে সাঙোৰ খাই আহিছে। ১৯৯১ চনৰ পৰা ১৯৯৯ চনলৈ তেওঁ অভিনেত্ৰী ছমি আলীৰ স’তে সম্পৰ্কত আছিল।


কেনে আছিল সেই প্ৰেম? প্ৰাক্তন অভিনেত্ৰী আৰু বৰ্তমানৰ সমাজকৰ্মী ছমীৰ মতে, চলমানৰ স’তে তেওঁৰ সম্পৰ্ক মুঠেই সুখজনক নাছিল। তেওঁ ছলমানৰ ওপৰত শাৰীৰিক উৎপীড়নৰো অভিযোগ উত্থাপন কৰি আহিছে৷


ছলমানৰ স’তে সম্পৰ্কত থাকোতে ছমীয়ে বুজি পাইছিল ঘৰুৱা হিংসা কি! প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে সামাজিক মাধ্যমত শেহতীয়াকৈ কেইবাটাও পোষ্ট পোষ্ট কৰি আহিছে। কিন্তু পিছত তেওঁ  সেইবোৰ ডিলিট কৰে।

ছলমানৰ স’তে সম্পৰ্কৰ সময়খিনিৰ বিষয়ে প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে- "ভয়াৱহ আঠটা বছৰ! ছলমানৰ সৈতে অতিবাহিত কৰা সময়খিনি মোৰ জীৱনৰ পৰা আঁতৰাব বিচাৰো। "

ছলমানে দিনে দিনে ৰাতিয়ে তাইক কেনেদৰে হাৰাশাস্তি কৰিছিল সেই কথাও ছমীয়ে কৈছিল। তেওঁৰ মতে ছলমান এগৰাকী নাৰীবিদ্বেষী। তেওঁ কয়, "প্ৰতি মুহূৰ্ততে মোক তুচ্ছজ্ঞান কৰা হৈছিল।"

‘‘ছলমানে মোক অহৰ্নিশে কৈছিল যে মই কিমান কুৎসিত, মূৰ্খ আৰু মূল্যহীন। তাৰ লগতে ইজনী পিছত সিজনী যুৱতীৰ প্ৰেমত পৰা আৰম্ভ কৰে ছলমানে। আঠটা বছৰ হ’ল সেইবোৰৰ মাজেৰে পাৰ হৈ আহিছিলো।”- ছমীয়ে কৈছিল৷

কেৱল সেয়াই নহয়, ছলমানে আগতে বন্ধু-বান্ধৱীৰ সন্মুখতো তাইক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰে ছমীয়ে। কোনোদিনে ছলমানে ছমীক প্ৰেমিকা হিচাপে স্বীকৃতি নিদিলে। সেইবাবেই সম্পৰ্কৰ পৰা ওলাই আহিল তেওঁ। ছমীয়ে বিচাৰি আছিল এজন সদয় হৃদয়ৰ মানুহ৷

উল্লেখ্য যে ছমীৰ পিছত আন বহু অভিনেত্ৰীৰ সৈতে জড়িত হৈ পৰে ছলমান। এই তালিকাত আছে মডেল ষ্টাৰ সংগীতা বিজলানী, অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কেটৰিনা কাইফ। শেহতীয়াকৈ শ্বেহনাজ গিলৰো লগত জড়িত হৈ পৰিছে ছলমান। ছলমানৰ বাবেই বলীউডত শ্বেহনাজে অভিষেক ঘটায়। বৰ্তমান মডেল ষ্টাৰ লুলিয়া ভান্টুৰৰ সৈতে ছলমানৰ সম্পৰ্কক লৈ গুজৱ চলি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু