--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১৪ এপ্ৰিলত ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। কিছুদিন পূৰ্বে ৰাজস্থানৰ পৰা ধৰা পৰিছিল মহম্মদ চৌধুৰী। অভিযুক্তই বন্দুকধাৰীক ধন যোগান ধৰে। আনকি ৰেইকিৰ দিনাও তেওঁ তেওঁলোকৰ লগত গৈছিল বুলি অভিযোগ উঠিছে। ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। আনহাতে ছলমানৰ ঘৰত সংঘটিত হোৱা গুলীচালনাত আন ছয়জন বন্দুকধাৰীও জড়িত আছিল। আৰু সকলোৰে মুৰব্বী হৈছে গেংষ্টাৰ লৰেন্স বিষ্ণোই। ছলমানক হত্যা কৰিবলৈ প্ৰায় ২০ লাখ টকা দিয়া হৈছিল।

ছলমান খানৰ বান্দ্ৰা ফ্লেটত গুলীচালনা কৰে বিষ্ণই গেঙৰ সদস্যই। অভিনেতাজনৰ ঘৰৰ বেৰত দুটা গুলীচালনা কৰে। অভিনেতাজনৰ ফ্লেটৰ দেৱাল ফাদিল। সমগ্ৰ ঘটনাই কঁপাইছে মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে মুম্বাই আৰক্ষী। পলম নকৰাকৈয়ে আৰম্ভ হ’ল তদন্ত।

দুদিন পিছত আৰক্ষীয়ে আটক কৰে দুজন বন্দুকধাৰীক। ইয়াৰ পিছতে বন্দুকধাৰীক অস্ত্ৰ যোগান ধৰা দুজন ধৰা পৰে। তেওঁলোক হ’ল অনুজ থাপন আৰু সোণু বিষ্ণোই। বন্দুকধাৰীৰ মতে, ছলমানৰ ঘৰত ১০ ৰাউণ্ড গুলিয়াবলৈ নিৰ্দেশ লাভ কৰে। ইয়াৰ পিছত তেওঁলোকে বন্দুকটো চুৰাটৰ তাপতি নদীত দলিয়াই দিলে। শুনা গৈছে যে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে নদীখনৰ পৰা এটা বন্দুক আৰু কিছু কাৰ্টিজ উদ্ধাৰ কৰিছে। ইফালে অনুজে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আত্মহত্যা কৰে।

ইয়াৰ পিছতে ধৰা পৰিল ৰফিক। শুনা যায় যে হৰপালে ২-৩ লাখ টকা দি বন্দুকধাৰীক গুলীয়াই দিয়ে। অৱশ্যে এই ঘটনাত ছলমানৰ নিৰাপত্তা সুদৃঢ় হৈছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ছলমানক হত্যা কৰিবলৈ পাকিস্তানৰ পৰা অনা হৈছিল উচ্চ শক্তিৰ আগ্নেয়াস্ত্ৰ। ইয়াৰ উপৰিও ২০২২ চনত পাঞ্জাবী গায়ক সিধু মুছেৱালাৰ হত্যাকাণ্ডৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে বুলি জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু