--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তি পোৱাৰ এসপ্তাহ পাৰ হৈ গ’ল। কিন্তু এতিয়াও কমা নাই 'পাঠান’ৰ ধুমুহা। অতিক্ৰম কৰিলে ৮টাকৈ দিন। "পাঠান"-এ কেৱল দেশতে নহয় বিদেশৰ বজাৰতো শক্তিশালী ব্যৱসায় কৰি আছে। মুক্তিৰ পিছৰ প্ৰথম সপ্তাহত এই ছবিখনে সমগ্ৰ বিশ্বতে ৬০০ কোটি টকাৰ ব্যৱসায় কৰিছে। ৮ দিনত মুঠ আয় ৬৩৪ কোটি।

ছলমান খানৰ জনপ্ৰিয় ছবি ‘টাইগাৰ জিন্দা হায়’ৰ আয়ক ৮ দিনত চেৰ পেলাইছে ‘পাঠান’-এ। ছলমান আৰু কেটৰিনা কাইফে অভিনীত ছবি ‘টাইগাৰ জিন্দা হায়’ই ঘৰুৱা বজাৰত ৩৪০ কোটি টকা উপাৰ্জন কৰে। ৮ দিনত সেই আয় অতিক্ৰম কৰিলে শ্বাহৰুখৰ ছৱিখনে।

পৰিসংখ্যা অনুসৰি, প্ৰথম ৮ দিনত দেশৰ বক্স অফিচত মুঠ ৩৪৮ কোটি টকাৰ ব্যৱসায় কৰিছে ‘পাঠানে’। অষ্টম দিনা ছবিখনে ১৭.৫ কোটি টকা উপাৰ্জন কৰে।

হিন্দী চিনেমাৰ ইতিহাসৰ আন কোনো ছবিয়ে প্ৰথম সপ্তাহত ইমান ব্যৱসায়িক সফলতা লাভ কৰা নাই।‘টাইগাৰ জিন্দা হায়’ৰ পিছত এইবাৰ দেশৰ বক্স অফিচত আমিৰ খানৰ ‘দংগল’ৰ আয় (৩৮৭ কোটি) অতিক্ৰম কৰাৰ পথত ‘পাঠান’।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু