--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কালি গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰ পদত্যাগ কৰিলে বিজয় ৰূপানীয়ে। এতিয়া ৰাজ্যখনত চলিছে নতুন মুখ্যমন্ত্ৰীৰ সন্ধান। পিছে পাঁচবছৰ পূৰ নহওঁতেই পদত্যাগ কৰা কৰিবলৈ বাধ্য হোৱা বিজেপি শাসিত ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী নহয় তেওঁ। বিজেপি শাসিত ৰাজ্যত বিগত ছয়টা মাহত ৰূপানীকে ধৰি চাৰিগৰাকী মুখ্যমন্ত্ৰীয়ে কাৰ্যকাল পূৰ নহওঁতেই পদত্যাগ কৰিছে।


এওঁলোকৰ ভিতৰত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিৰুপ্পা।য়েডিৰুপ্পাক অপসাৰণৰ দাবী তুলিছিল দলীয় কৰ্মীয়েই। ইয়াৰ পূৰ্বে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰীবেন্দ্ৰ ৰাৱটেও পদত্যাগ কৰিছিল।তেওঁৰ স্থান পূৰাইছিল তীৰথ সিঙ ৰাৱটে। উত্তৰাখণ্ডৰ ক্ষেত্ৰতো দলীয় নেতা কৰ্মীৰ অসন্তুষ্টিয়েই আছিল মুখ্যমন্ত্ৰীৰ পদত্যাগৰ আঁৰৰ মূল কাৰণ।
অনুৰূপ ঘটনা ঘটিবলৈ ওলাইছিল উত্তৰ প্ৰদেশত।

যোগী আদিত্যনাথক লৈ দলৰ বহুসংখ্যক স্থানীয় নেতা-কৰ্মীৰ অসন্তুষ্টি থকাৰ খবৰ ওলাইছিল।স্থানীয় নেতা-কৰ্মীৰ মতামত ল’বলৈ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতিনিধি গৈ ওলাইছিল ৰাজ্যখনত। অৱশ্যে বিভিন্ন কাৰণত যোগী আদিত্যনাথৰ দৰে হাই প্ৰফাইল নেতা তথা মুখ্যমন্ত্ৰীগৰাকীৰ অপসাৰণ সম্ভৱ নহ’ল।উল্লেখ্য যে গুজৰাট, উত্তৰখণ্ডৰ দৰেই উত্তৰ প্ৰদেশতো নিৰ্বাচন অনুষ্ঠিত হ’ব ২০২২ চনত।
যি নহওঁক, কিহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এইসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে বা প্ৰকাৰান্তৰে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে সেয়া এক বিচাৰ্য বিষয়। এয়া চৰকাৰসমূহৰ ব্যৰ্থতা গাপ দিয়াৰ এক চেষ্টা বুলিও বহুতে মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু