--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কালি গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰ পদত্যাগ কৰিলে বিজয় ৰূপানীয়ে। এতিয়া ৰাজ্যখনত চলিছে নতুন মুখ্যমন্ত্ৰীৰ সন্ধান। পিছে পাঁচবছৰ পূৰ নহওঁতেই পদত্যাগ কৰা কৰিবলৈ বাধ্য হোৱা বিজেপি শাসিত ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী নহয় তেওঁ। বিজেপি শাসিত ৰাজ্যত বিগত ছয়টা মাহত ৰূপানীকে ধৰি চাৰিগৰাকী মুখ্যমন্ত্ৰীয়ে কাৰ্যকাল পূৰ নহওঁতেই পদত্যাগ কৰিছে।


এওঁলোকৰ ভিতৰত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিৰুপ্পা।য়েডিৰুপ্পাক অপসাৰণৰ দাবী তুলিছিল দলীয় কৰ্মীয়েই। ইয়াৰ পূৰ্বে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰীবেন্দ্ৰ ৰাৱটেও পদত্যাগ কৰিছিল।তেওঁৰ স্থান পূৰাইছিল তীৰথ সিঙ ৰাৱটে। উত্তৰাখণ্ডৰ ক্ষেত্ৰতো দলীয় নেতা কৰ্মীৰ অসন্তুষ্টিয়েই আছিল মুখ্যমন্ত্ৰীৰ পদত্যাগৰ আঁৰৰ মূল কাৰণ।
অনুৰূপ ঘটনা ঘটিবলৈ ওলাইছিল উত্তৰ প্ৰদেশত।

যোগী আদিত্যনাথক লৈ দলৰ বহুসংখ্যক স্থানীয় নেতা-কৰ্মীৰ অসন্তুষ্টি থকাৰ খবৰ ওলাইছিল।স্থানীয় নেতা-কৰ্মীৰ মতামত ল’বলৈ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতিনিধি গৈ ওলাইছিল ৰাজ্যখনত। অৱশ্যে বিভিন্ন কাৰণত যোগী আদিত্যনাথৰ দৰে হাই প্ৰফাইল নেতা তথা মুখ্যমন্ত্ৰীগৰাকীৰ অপসাৰণ সম্ভৱ নহ’ল।উল্লেখ্য যে গুজৰাট, উত্তৰখণ্ডৰ দৰেই উত্তৰ প্ৰদেশতো নিৰ্বাচন অনুষ্ঠিত হ’ব ২০২২ চনত।
যি নহওঁক, কিহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এইসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে বা প্ৰকাৰান্তৰে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে সেয়া এক বিচাৰ্য বিষয়। এয়া চৰকাৰসমূহৰ ব্যৰ্থতা গাপ দিয়াৰ এক চেষ্টা বুলিও বহুতে মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ