--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ হিজাব বিতৰ্কই দেশৰ পৰিধি ভেদি বিদেশতো তুলিছিল আলোড়ণ৷ আৰু, হিজাব সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিগত বৰ্ষৰ মিছ ইউনিভাৰ্ছ হাৰনাজ কৌৰ সান্ধুৱে৷ এগৰাকী সাংবাদিকে সান্ধুক হিজাবৰ বিষয়ে তেওঁৰ মতামত জানিব বিচাৰিছিল৷ হাৰনাজ সান্ধুৱে সমাজক হিজাব বিষয়টোকে ধৰি যিকোনো বিষয়তে প্ৰথমে ছোৱালীসকলক লক্ষ্য কৰা বন্ধ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়, তেওঁলোকক তেওঁলোকে বিচৰা ধৰণে জীয়াই থাকিবলৈ দিয়ক। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে শেহতীয়াকৈ শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ অনুমতি বিচৰা আৱেদনসমূহ খাৰিজ কৰি কয় যে, হেডস্কার্ফ এক অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা নহয় আৰু শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্ম ড্ৰেছ নিয়ম অনুসৰণ কৰা উচিত, য’ত ইয়াক নিৰ্ধাৰণ কৰা হৈছে। ছ’চিয়েল মিডিয়াত মিছ ইউনিভাৰ্ছ সান্ধুৱে ১৭ মাৰ্চত ঘৰলৈ ঘূৰি অহাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আয়োজকে হস্তক্ষেপ কৰিছিল আৰু সাংবাদিকজনক ৰাজনৈতিক প্ৰশ্ন সোধাৰ পৰা বিৰত থাকিবলৈ কৈছিল৷ আৰু সংবাদ মাধ্যমক সান্ধুৰ যাত্ৰা, সফলতা আৰু তেওঁ কেনেদৰে অনুপ্ৰেৰণাৰ উৎস হৈ আছে সেই বিষয়ে সুধিবলৈহে পৰামৰ্শ দিছিল। সাংবাদিকজনে উত্তৰ দি কৈছিল, হৰনাজক মাথোঁ এটা কথা ক’বলৈ দিয়ক। চণ্ডিগড়স্থিত মডেলগৰাকীয়ে তেতিয়া সমাজত কিমান সঘনাই ছোৱালীক লক্ষ্য কৰি লোৱা হয় তাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, সদায় ছোৱালীবোৰকে লক্ষ্য কৰি লোৱা হয়৷ আনকি হিজাবৰ বিষয়তো ছোৱালীবোৰক লক্ষ্য কৰা হৈছে। তেওঁলোকক (ছোৱালীবোৰ) তেওঁলোকে বিচৰাধৰণে জীয়াই থাকিবলৈ দিয়ক, তেওঁলোকক তেওঁলোকৰৰ গন্তব্যস্থানত উপণীত হ’বলৈ দিয়ক, তাইক উৰিবলৈ দিয়ক৷ সেইবোৰ তেওঁলোকৰ পাখি, সেইবোৰ কাটিব নালাগে৷ যদি আপুনি কাৰোবাৰ পাখি কাটিবই বিচাৰে, আপোনাৰ নিজৰ পাখি কাটিব লাগিব৷ উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ ওপৰত জৰুৰী শুনানি দিবলৈ অস্বীকাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ