--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ হিজাব বিতৰ্কই দেশৰ পৰিধি ভেদি বিদেশতো তুলিছিল আলোড়ণ৷ আৰু, হিজাব সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিগত বৰ্ষৰ মিছ ইউনিভাৰ্ছ হাৰনাজ কৌৰ সান্ধুৱে৷ এগৰাকী সাংবাদিকে সান্ধুক হিজাবৰ বিষয়ে তেওঁৰ মতামত জানিব বিচাৰিছিল৷ হাৰনাজ সান্ধুৱে সমাজক হিজাব বিষয়টোকে ধৰি যিকোনো বিষয়তে প্ৰথমে ছোৱালীসকলক লক্ষ্য কৰা বন্ধ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়, তেওঁলোকক তেওঁলোকে বিচৰা ধৰণে জীয়াই থাকিবলৈ দিয়ক। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে শেহতীয়াকৈ শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ অনুমতি বিচৰা আৱেদনসমূহ খাৰিজ কৰি কয় যে, হেডস্কার্ফ এক অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা নহয় আৰু শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্ম ড্ৰেছ নিয়ম অনুসৰণ কৰা উচিত, য’ত ইয়াক নিৰ্ধাৰণ কৰা হৈছে। ছ’চিয়েল মিডিয়াত মিছ ইউনিভাৰ্ছ সান্ধুৱে ১৭ মাৰ্চত ঘৰলৈ ঘূৰি অহাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আয়োজকে হস্তক্ষেপ কৰিছিল আৰু সাংবাদিকজনক ৰাজনৈতিক প্ৰশ্ন সোধাৰ পৰা বিৰত থাকিবলৈ কৈছিল৷ আৰু সংবাদ মাধ্যমক সান্ধুৰ যাত্ৰা, সফলতা আৰু তেওঁ কেনেদৰে অনুপ্ৰেৰণাৰ উৎস হৈ আছে সেই বিষয়ে সুধিবলৈহে পৰামৰ্শ দিছিল। সাংবাদিকজনে উত্তৰ দি কৈছিল, হৰনাজক মাথোঁ এটা কথা ক’বলৈ দিয়ক। চণ্ডিগড়স্থিত মডেলগৰাকীয়ে তেতিয়া সমাজত কিমান সঘনাই ছোৱালীক লক্ষ্য কৰি লোৱা হয় তাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, সদায় ছোৱালীবোৰকে লক্ষ্য কৰি লোৱা হয়৷ আনকি হিজাবৰ বিষয়তো ছোৱালীবোৰক লক্ষ্য কৰা হৈছে। তেওঁলোকক (ছোৱালীবোৰ) তেওঁলোকে বিচৰাধৰণে জীয়াই থাকিবলৈ দিয়ক, তেওঁলোকক তেওঁলোকৰৰ গন্তব্যস্থানত উপণীত হ’বলৈ দিয়ক, তাইক উৰিবলৈ দিয়ক৷ সেইবোৰ তেওঁলোকৰ পাখি, সেইবোৰ কাটিব নালাগে৷ যদি আপুনি কাৰোবাৰ পাখি কাটিবই বিচাৰে, আপোনাৰ নিজৰ পাখি কাটিব লাগিব৷ উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ ওপৰত জৰুৰী শুনানি দিবলৈ অস্বীকাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু