--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানা খান আৰু জাইৰা ৱাছিমে মনোৰঞ্জন উদ্যোগ ত্যাগ কৰি অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। ছানা আৰু জাইৰাই তেওঁলোকৰ ইছলাম ধৰ্মীয় বিশ্বাসৰ বাবে অভিনয় জগতক বিদায় জনাইছিল। এইবাৰ ইছলাম ধৰ্মৰ বাবে নহয় হিন্দু ধৰ্মৰ বাবে অভিনয় জগতক বিদায় জনালে এগৰাকী অভিনেত্ৰীয়ে। অভিনেত্ৰীগৰাকীৰ নাম অনাঘা ভোছলে। 'অনুপমা' নামৰ ধাৰাবাহিকখনত 'নন্দিনী'ৰ চৰিত্ৰত অভিনয় কৰি অনাঘাই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মনোৰঞ্জন উদ্যোগ এৰাৰ সিদ্ধান্ত অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ২২ বছৰীয়া অনাঘা ভোছলেই। ইনষ্টাগ্ৰামত এটা প'ষ্ট শ্বেয়াৰ কৰিছে অনাঘাই। অভিনেত্ৰীগৰাকীৰ প'ষ্টটোত স্পষ্ট হৈ পৰিছে যে তেওঁ 'ধৰ্মীয় বিশ্বাস' আৰু 'আধ্যাত্মিক পথ'ৰ বাবে এই সিদ্ধান্ত লৈছে। অনাঘাই লিখিছিল- "হৰে কৃষ্ণ পৰিয়াল, মই জানো যে আপোনালোক সকলোৱে মোক বহুত মৰম আৰু আদৰ কৰিলে। আপোনালোকক বহুত ধন্যবাদ, মই আপোনালোকৰ প্ৰতি বহুত কৃতজ্ঞ। মই ধাৰ্মিক কাৰণৰ বাবেই অভিনয় জগত ত্যাগ কৰাৰ সিদ্ধান্ত ললোঁ। মই আশা কৰোঁ আপোনালোকে মোৰ সিদ্ধান্তক সন্মান কৰিব আৰু মোক সমৰ্থন কৰিব। মই জানো আমি কাম কৰিব লাগে কিন্তু এনেকুৱা কাম কৰিব নালাগে য'ত কৃষ্ণৰ প্ৰতি আমাৰ চেতনা আৰু আমাৰ আধ্যাত্মিক বিকাশ দুৰ্বল হয়। মই ভাবো যে যি পৰিস্থিতি বা মানুহে আপোনাক ভগৱান বা কৃষ্ণৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে তাৰপৰা আমি আঁতৰি অহাই উত্তম। মই বিশ্বাস কৰোঁ যে আমি সকলোৱে ঈশ্বৰৰ সন্তান। আমাৰ সকলোৰে পথ বেলেগ বেলেগ কিন্তু লক্ষ্য এটাই। আমি সকলোৱে তেওঁৰ ওপৰত বিশ্বাস ৰাখোঁ আৰু আমি নিশ্চিতভাৱে এদিন তেওঁৰ ওচৰলৈ যাম। ঈশ্বৰ সদায় দয়ালু,প্ৰেমেৰে পৰিপূৰ্ণ আৰু সদায় আমাৰ কাষত থিয় হৈ আছে। মানুহ হিচাপে আমাৰ জন্মৰ কাৰণ বুজি পোৱাটো আমাৰ দায়িত্ব। মানুহ হিচাপে আমি একমাত্ৰ প্ৰাণী যি ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ আৰু তেওঁৰ প্ৰেম বুজিব পাৰোঁ। সেইকাৰণে আমি বুজি পোৱা উচিত যে মানুহৰ জন্ম হয় সেৱাৰ বাবে, ভগৱানৰ প্ৰতি প্ৰেম কৰাৰ বাবে আৰু কৃষ্ণ চেতনা বিয়পাই দিয়াৰ বাবে।মই যি ঠাইত আছিলো সেয়া বহুত বেলেগ আছিল, যিয়ে ঈশ্বৰৰ প্ৰতি থকা মোৰ আধ্যাত্মিক চেতনাক বাধা দিছিল। মই যি নহয় সেয়া মই হ'বগৈ নোৱাৰো সেয়ে মই অভিনয় জগতৰ পৰা আঁতৰি আহিলো। আপোনালোকে যদি জীৱনৰ কিবা উত্তৰ পাবলৈ বিচাৰে তেন্তে আধ্যাত্মিক আৰু পবিত্ৰ কিতাপ পঢ়ক, শ্ৰীমদ্ভাগৱত গীতা পঢ়ক।" অনাঘাৰ এই পোষ্ট এতিয়া অনুৰাগীসকলৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে। 'অনুপমা'ৰ উপৰিও অভিনেত্ৰীগৰাকীক ৰাজশ্ৰী প্ৰডাকচনৰ টিভি অনুষ্ঠান 'আম্মা দাদী আম্মা মান জাও'ত দেখা গৈছিল। আৰু পঢ়কঃ পত্নীক কৰিছিল ঠাট্টা! অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ শ্ৰেষ্ঠ অভিনেতা উইল স্মিথৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু