--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানা খান আৰু জাইৰা ৱাছিমে মনোৰঞ্জন উদ্যোগ ত্যাগ কৰি অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। ছানা আৰু জাইৰাই তেওঁলোকৰ ইছলাম ধৰ্মীয় বিশ্বাসৰ বাবে অভিনয় জগতক বিদায় জনাইছিল। এইবাৰ ইছলাম ধৰ্মৰ বাবে নহয় হিন্দু ধৰ্মৰ বাবে অভিনয় জগতক বিদায় জনালে এগৰাকী অভিনেত্ৰীয়ে। অভিনেত্ৰীগৰাকীৰ নাম অনাঘা ভোছলে। 'অনুপমা' নামৰ ধাৰাবাহিকখনত 'নন্দিনী'ৰ চৰিত্ৰত অভিনয় কৰি অনাঘাই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মনোৰঞ্জন উদ্যোগ এৰাৰ সিদ্ধান্ত অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ২২ বছৰীয়া অনাঘা ভোছলেই। ইনষ্টাগ্ৰামত এটা প'ষ্ট শ্বেয়াৰ কৰিছে অনাঘাই। অভিনেত্ৰীগৰাকীৰ প'ষ্টটোত স্পষ্ট হৈ পৰিছে যে তেওঁ 'ধৰ্মীয় বিশ্বাস' আৰু 'আধ্যাত্মিক পথ'ৰ বাবে এই সিদ্ধান্ত লৈছে। অনাঘাই লিখিছিল- "হৰে কৃষ্ণ পৰিয়াল, মই জানো যে আপোনালোক সকলোৱে মোক বহুত মৰম আৰু আদৰ কৰিলে। আপোনালোকক বহুত ধন্যবাদ, মই আপোনালোকৰ প্ৰতি বহুত কৃতজ্ঞ। মই ধাৰ্মিক কাৰণৰ বাবেই অভিনয় জগত ত্যাগ কৰাৰ সিদ্ধান্ত ললোঁ। মই আশা কৰোঁ আপোনালোকে মোৰ সিদ্ধান্তক সন্মান কৰিব আৰু মোক সমৰ্থন কৰিব। মই জানো আমি কাম কৰিব লাগে কিন্তু এনেকুৱা কাম কৰিব নালাগে য'ত কৃষ্ণৰ প্ৰতি আমাৰ চেতনা আৰু আমাৰ আধ্যাত্মিক বিকাশ দুৰ্বল হয়। মই ভাবো যে যি পৰিস্থিতি বা মানুহে আপোনাক ভগৱান বা কৃষ্ণৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে তাৰপৰা আমি আঁতৰি অহাই উত্তম। মই বিশ্বাস কৰোঁ যে আমি সকলোৱে ঈশ্বৰৰ সন্তান। আমাৰ সকলোৰে পথ বেলেগ বেলেগ কিন্তু লক্ষ্য এটাই। আমি সকলোৱে তেওঁৰ ওপৰত বিশ্বাস ৰাখোঁ আৰু আমি নিশ্চিতভাৱে এদিন তেওঁৰ ওচৰলৈ যাম। ঈশ্বৰ সদায় দয়ালু,প্ৰেমেৰে পৰিপূৰ্ণ আৰু সদায় আমাৰ কাষত থিয় হৈ আছে। মানুহ হিচাপে আমাৰ জন্মৰ কাৰণ বুজি পোৱাটো আমাৰ দায়িত্ব। মানুহ হিচাপে আমি একমাত্ৰ প্ৰাণী যি ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ আৰু তেওঁৰ প্ৰেম বুজিব পাৰোঁ। সেইকাৰণে আমি বুজি পোৱা উচিত যে মানুহৰ জন্ম হয় সেৱাৰ বাবে, ভগৱানৰ প্ৰতি প্ৰেম কৰাৰ বাবে আৰু কৃষ্ণ চেতনা বিয়পাই দিয়াৰ বাবে।মই যি ঠাইত আছিলো সেয়া বহুত বেলেগ আছিল, যিয়ে ঈশ্বৰৰ প্ৰতি থকা মোৰ আধ্যাত্মিক চেতনাক বাধা দিছিল। মই যি নহয় সেয়া মই হ'বগৈ নোৱাৰো সেয়ে মই অভিনয় জগতৰ পৰা আঁতৰি আহিলো। আপোনালোকে যদি জীৱনৰ কিবা উত্তৰ পাবলৈ বিচাৰে তেন্তে আধ্যাত্মিক আৰু পবিত্ৰ কিতাপ পঢ়ক, শ্ৰীমদ্ভাগৱত গীতা পঢ়ক।" অনাঘাৰ এই পোষ্ট এতিয়া অনুৰাগীসকলৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে। 'অনুপমা'ৰ উপৰিও অভিনেত্ৰীগৰাকীক ৰাজশ্ৰী প্ৰডাকচনৰ টিভি অনুষ্ঠান 'আম্মা দাদী আম্মা মান জাও'ত দেখা গৈছিল। আৰু পঢ়কঃ পত্নীক কৰিছিল ঠাট্টা! অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ শ্ৰেষ্ঠ অভিনেতা উইল স্মিথৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement