--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঘোষণা কৰা হ’ল অস্কাৰ ২০২২। ৯৪সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক জগতৰ তাৰকাসকল উজলি উঠিল স্বমহিমাৰে। কোনোজন সোঁশৰীৰে আৰু কোনোজন কায়িকভাৱে অনুপস্থিত থাকিলেও তেওঁলোকৰ কৰ্মৰ জ্যোতিয়ে তেওঁলোকক উদ্ভাসিত কৰি তুলিলে অস্কাৰৰ মঞ্চত। কিন্তু অৱহেলিত হৈ ৰ’ল সাংস্কৃতিক জগতৰ দুই কিংবদন্তী। ভাৰতীয় সাংস্কৃতিক জগতখনক প্ৰতিনিধিত্ব কৰি সমগ্ৰ বিশ্বকে সাংস্কৃতিৰ আলোকেৰে উদ্ভাসিত কৰি তোলা দুগৰাকী শিল্পীক অৱজ্ঞা কৰিলে অস্কাৰ ২০২২ৰ ইন মেমৰিয়াম শাখাই। অস্কাৰৰ মঞ্চত মনত পেলোৱা নহ’ল সংগীতৰ মহাতাৰকা লতা মংগেশকাৰ আৰু কিংবদন্তি অভিনেতা দিলীপ কুমাৰক৷ উল্লেখ্য যে, অস্কাৰ ২০২২ৰ ইন মেমৰিয়াম শাখাই যোৱাবছৰ মৃত্যু হোৱা বিশ্বৰ সাংস্কৃতিক জগতৰ বৰেণ্য প্ৰতিনিধিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কিন্তু এই কাৰ্যসূচীত ভাৰতীয় কিংবদন্তি অভিনেতা দিলীপ কুমাৰ আৰু কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা নহ’ল। এই ঘটনাক লৈ ছ’চিয়েল মিডিয়াত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰা দেখা গৈছে। বিগত বৰ্ষৰ ৭ জুলাইত দিলীপ কুমাৰৰ মৃত্যু হৈছিল। আনহাতে লতাজীয়ে এই বছৰৰ ৬ ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁলোক দুয়োজনৰ অৱদানে ভাৰতৰ সংগীত আৰু অভিনয় জগতখনক কিদৰে সমৃদ্ধ কৰি তুলিছিল তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সমান্তৰালভাৱে বিশ্বৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিও আছিল তেওঁলোকৰ অসামান্য অৱদান। তাৰ পাছতো চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান হিচাপে চিহ্নিত অস্কাৰ ২০২২ৰ ইন মেমৰিয়াম শাখাই দুয়োগৰাকী কিংবদন্তিক অৱজ্ঞা কৰাৰ বাবে জাঙুৰ খাই উঠিছে অনুৰাগী৷ অনুৰাগীসকলে টুইটাৰৰ যোগেদি অস্কাৰ কৰ্তৃপক্ষৰ এনে অমনোযোগিতাৰ বিৰুদ্ধে ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে। এগৰাকী অনুৰাগীয়ে লিখিছে, 'মই প্ৰকৃততে আশা কৰিছিলোঁ যে অস্কাৰৰ ইন মেমৰিয়ামত লতাজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ'ব।' আন এগৰাকীয়ে ইয়াক ঔপনিৱেশিকতাবাদী মানসিকতা বুলি অভিহিত কৰে আৰু লিখে যে, 'আশ্বৰ্যজনক! বিশ্ব-অভিলেখ স্থাপনকাৰী লতা মংগেশকাৰে সকলো অস্কাৰত স্থান পোৱা ছবিত থকাতকৈও অধিক চলচ্চিত্ৰৰ বাবে গান গাইছিল। তথাপি এই মঞ্চত তেওঁক সন্মান জনোৱাৰ উপযুক্ত বুলি বিবেচনা কৰা নহ'ল।' উল্লেখ্য যে, অস্কাৰ ২০২২ৰ ইন মেমৰিয়াম শাখাৰ তালিকাত চিডনী পইটিয়াৰ, উইলিয়াম হাৰ্ট বেটি হোৱাইট, ইভান ৰেইটমেন, ষ্টিফেন চণ্ডহেইমৰ লগতে আন ভালেমান তাৰকাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পূৰ্বে একাডেমীয়ে ইন মেমৰিয়াম শাখাত ভাৰতীয় তাৰকা ইৰফান খান, ভানু আথাইয়া, সুশান্ত সিং ৰাজপুত আৰু ঋষি কাপুৰক শ্ৰদ্ধাঞ্জলি জনাইছিল৷ কিন্তু এইবাৰ লতাজী বা দিলীপ কুমাৰৰ দৰে তাৰকা বাদ পৰি গ’ল ৰহস্যজনক কাৰণত। যাক একপ্ৰকাৰ অপমান বুলি বিবেচনা কৰিছে অনুৰাগীয়ে। এই বছৰৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান কৌতুক অভিনেতা ৱাণ্ডা চাইকছ আৰু এমি শ্বুমাৰ আৰু অভিনেত্ৰী ৰেজিনা হলে পৰিচালনা কৰে। ভাৰতীয় সময় অনুসৰি অনুষ্ঠানটো সোমবাৰে পুৱা ৫.৩০ বজাত আৰম্ভ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ