--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আবেগিক পোষ্ট। সেই পোষ্টেই প্ৰতিফলিত কৰিছে টেনিছৰ প্ৰতি কিমান মৰম ছানিয়া মিৰ্জাৰ। ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাই শুকুৰবাৰে অষ্ট্ৰেলিয়ান অপেন মিক্সড ডাবলছ ৰানাৰ-আপ হিচাপে তেওঁৰ কিংবদন্তি গ্ৰেণ্ড শ্লেম কেৰিয়াৰৰ সামৰি পেলায় । 

মেলবৰ্ণ পাৰ্কত অনুষ্ঠিত মিক্সড ডাবলছৰ ফাইনেলত ভাৰতীয় ছানিয়া-ৰোহন বোপান্না ব্ৰাজিলিয়ান যুটি লুইছা ষ্টেফানি আৰু ৰাফেল মাটোছৰ হাতত পৰাজিত হয়। 


টেনিছ জগতৰ পৰাই অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ছানিয়া মিৰ্জাই।  ছানিয়া মিৰ্জাই টেনিছ কোৰ্টৰ পৰা অৱসৰ লোৱাৰ খবৰে এতিয়া তেওঁৰ অনুৰাগীসকলৰ মনত গভীৰ দুখ দিছে। উল্লেখ্য ২০১৬ চনত ছানিয়াই  চুইছ তাৰকা মাৰ্টিনা হিঙ্গিছৰ সৈতে যুটি বান্ধিছিল আৰু শীৰ্ষ স্থানত মহিলাৰ দ্বৈত খিতাপ দখল কৰিছিল। অষ্ট্ৰেলিয়াৰ বাহিৰত তেওঁ আন চাৰিটা গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰিছিল: ২০১৫ উইম্বলডন আৰু ২০১৫ চনতে  ইউএছ অপেন মহিলা ডাবলছ  হিঙ্গিছৰ সৈতে জিকিছিল, ২০১২ চনত  ৰোলাণ্ড গাৰোছ মিক্সড ডাবলছ আৰু ব্ৰুনো চ'ৰেছৰ সৈতে ২০১৪ চনত  ইউএছ অপেন মিক্সড ডাবলছত তেওঁ বিজয় সাৱস্ত্য কৰিছিল।

আৱেগিক হৈ পৰা  ছানিয়াই শেহতীয়া এটা পোষ্টত লিখিছে " মোৰ পেছাদাৰী কেৰিয়াৰৰ যাত্ৰা মেলবৰ্ণত আৰম্ভ হৈছিল নেকি? ২০০৫ চনত যেতিয়া মই ১৮ বছৰীয়া যুৱতী হিচাপে তৃতীয় ৰাউণ্ডত চেৰেনা উইলিয়ামছৰ সৈতে খেলিছিলো," । তেওঁ লগতে লিখিছে " মই কেতিয়াও ভবা নাছিলো যে মই গ্ৰেণ্ড শ্লেম ফাইনেলত মোৰ সন্তানৰ সন্মুখত খেলিব পাৰিম, সেয়েহে মোৰ চাৰি বছৰীয়া শিশুটি ইয়াত থকাটো মোৰ বাবে আৰু মোৰ মা-দেউতাক ইয়াত থকাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত," ।

ছানিয়াৰ অৱসৰৰ বিষয়টোকলৈ  বহুতে ছ’চিয়েল মিডিয়াত লিখিছে " আপোনাৰ সময়ৰ বাবে, ভাৰতীয় টেনিছৰ বাবে, প্ৰত্যেককে অনুপ্ৰেৰণা দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ।" উল্লেখ্য ছয়বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ছানিয়াই এই মাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ডব্লিউটিএ ১০০০ ইভেণ্ট ডুবাই টেনিছ চেম্পিয়নশ্বিপৰ পিছত তেওঁ পেছাদাৰী টেনিছৰ পৰা অৱসৰ ল'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক