--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আবেগিক পোষ্ট। সেই পোষ্টেই প্ৰতিফলিত কৰিছে টেনিছৰ প্ৰতি কিমান মৰম ছানিয়া মিৰ্জাৰ। ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাই শুকুৰবাৰে অষ্ট্ৰেলিয়ান অপেন মিক্সড ডাবলছ ৰানাৰ-আপ হিচাপে তেওঁৰ কিংবদন্তি গ্ৰেণ্ড শ্লেম কেৰিয়াৰৰ সামৰি পেলায় । 

মেলবৰ্ণ পাৰ্কত অনুষ্ঠিত মিক্সড ডাবলছৰ ফাইনেলত ভাৰতীয় ছানিয়া-ৰোহন বোপান্না ব্ৰাজিলিয়ান যুটি লুইছা ষ্টেফানি আৰু ৰাফেল মাটোছৰ হাতত পৰাজিত হয়। 


টেনিছ জগতৰ পৰাই অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ছানিয়া মিৰ্জাই।  ছানিয়া মিৰ্জাই টেনিছ কোৰ্টৰ পৰা অৱসৰ লোৱাৰ খবৰে এতিয়া তেওঁৰ অনুৰাগীসকলৰ মনত গভীৰ দুখ দিছে। উল্লেখ্য ২০১৬ চনত ছানিয়াই  চুইছ তাৰকা মাৰ্টিনা হিঙ্গিছৰ সৈতে যুটি বান্ধিছিল আৰু শীৰ্ষ স্থানত মহিলাৰ দ্বৈত খিতাপ দখল কৰিছিল। অষ্ট্ৰেলিয়াৰ বাহিৰত তেওঁ আন চাৰিটা গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰিছিল: ২০১৫ উইম্বলডন আৰু ২০১৫ চনতে  ইউএছ অপেন মহিলা ডাবলছ  হিঙ্গিছৰ সৈতে জিকিছিল, ২০১২ চনত  ৰোলাণ্ড গাৰোছ মিক্সড ডাবলছ আৰু ব্ৰুনো চ'ৰেছৰ সৈতে ২০১৪ চনত  ইউএছ অপেন মিক্সড ডাবলছত তেওঁ বিজয় সাৱস্ত্য কৰিছিল।

আৱেগিক হৈ পৰা  ছানিয়াই শেহতীয়া এটা পোষ্টত লিখিছে " মোৰ পেছাদাৰী কেৰিয়াৰৰ যাত্ৰা মেলবৰ্ণত আৰম্ভ হৈছিল নেকি? ২০০৫ চনত যেতিয়া মই ১৮ বছৰীয়া যুৱতী হিচাপে তৃতীয় ৰাউণ্ডত চেৰেনা উইলিয়ামছৰ সৈতে খেলিছিলো," । তেওঁ লগতে লিখিছে " মই কেতিয়াও ভবা নাছিলো যে মই গ্ৰেণ্ড শ্লেম ফাইনেলত মোৰ সন্তানৰ সন্মুখত খেলিব পাৰিম, সেয়েহে মোৰ চাৰি বছৰীয়া শিশুটি ইয়াত থকাটো মোৰ বাবে আৰু মোৰ মা-দেউতাক ইয়াত থকাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত," ।

ছানিয়াৰ অৱসৰৰ বিষয়টোকলৈ  বহুতে ছ’চিয়েল মিডিয়াত লিখিছে " আপোনাৰ সময়ৰ বাবে, ভাৰতীয় টেনিছৰ বাবে, প্ৰত্যেককে অনুপ্ৰেৰণা দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ।" উল্লেখ্য ছয়বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ছানিয়াই এই মাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ডব্লিউটিএ ১০০০ ইভেণ্ট ডুবাই টেনিছ চেম্পিয়নশ্বিপৰ পিছত তেওঁ পেছাদাৰী টেনিছৰ পৰা অৱসৰ ল'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু