--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰবীণ ক্ৰিকেটাৰ ছোৱেইব মালিকে ভাৰতীয় টেনিছ কিংবদন্তী ছানিয়া মিৰ্জাৰ সৈতে  সম্পৰ্ক ত্যাগ কৰি পাকিস্তানৰ  অভিনেত্ৰী ছানা জাভেদক বিয়া কৰোৱাৰ বিষয়টোকলৈ চৰ্চা চলি আছে৷ ছোৱেইব-ছানিয়াৰ সম্পৰ্কত বেছ  কিছুদিন ধৰি ঘূণে ধৰিছিল, বিবাহ বিচ্ছেদৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছিল৷  অৱশেষত কেইমাহমান আগতে তেওঁলোকৰ বিবাহ বিচ্ছেদো হৈছিল বুলি বহুতে কৈ আহিছে।  প্ৰাক্তন স্বামী ছোৱেইব মালিকৰ তৃতীয় বিবাহৰ খবৰ বিয়পি পৰাৰ পিছতে   ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই মুখ খুলিছে। 

ছোৱেইব মালিক তৃতীয় বিবাহৰ পিছত ছানিয়া মিৰ্জাৰ  তদাৰকী কৰি অহা তেওঁৰ টীমৰ তৰফৰ পৰা এক বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে৷ বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে , "ছানিয়া মিৰ্জাই সদায় তেওঁৰ ব্যক্তিগত সম্পৰ্কক পৰ্দাৰ আঁৰত ৰাখিবলৈ চেষ্টা কৰে। কিন্তু আজি তেওঁৰ আৰু ছোৱেইবৰ মাজৰ সম্পৰ্কৰ বিষয়ে কথা পতাৰ সময় আহি পৰিছে। এয়া  উল্লেখ কৰিব লাগিব যে ছানিয়াৰ কেইবামাহমান পূৰ্বে  বিবাহ বিচ্ছেদ হৈছে। ছানিয়াই ছোৱেইবক তেওঁৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জনাইছে। "


 ছানিয়াৰ পিতৃয়ে  কৈছে  যে ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে  শ্বৰিয়া আইন অনুসৰি ছোৱেইবক  'খুলা' কৰি দিছিল। 'খুলা'ৰ মতেএগৰাকী মুছলমান পত্নীয়ে একপক্ষীয়ভাৱে তেওঁৰ স্বামীৰ সৈতে বিচ্ছেদ ঘোষণা কৰিব পাৰে। ইফালে ছোৱেইবৰ ভনীয়েকে কৈছে যে তেওঁৰ কাকায়েকেই এই বিচ্ছেদৰ  বাবে দায়ী। কাৰণ ছানিয়াৰ সৈতে সম্পৰ্কত স্থাপনৰ পূৰ্বে  তেওঁ বহু বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত আছিল  ছোৱেইব। অৱশ্যে, ছানিয়াই সকলো জানিও ছোৱেইবক আকোৱালি লৈছিল৷  মই আপোনালোকক অনুৰোধ জনাইছো যে অনুগ্ৰহ কৰি এই কঠিন সময়ত ছানিয়াৰ গোপনীয়তাক সন্মান জনাওক। এইক্ষেত্ৰত কোনো কাল্পনিক কাহিনী সৃষ্টি নকৰিব।
 
ছানিয়া-ছোৱেইবৰ মাজত প্ৰেম বিবাহ হৈছিল। অষ্ট্ৰেলিয়াত খেলি থাকোতে ছোৱেইব আৰু ছানিয়াৰ মাজত সম্পৰ্ক মধুৰ হৈ পৰিছিল। ভাৰত আৰু পাকিস্তানৰ মাজত থকা তিক্ৰ ৰাজনৈতিক সম্পৰ্কৰ বাবে তেওঁলোকৰ প্ৰেমে বাধাৰ সন্মুখীন হৈছিল৷ ২০১০ চনত ছোৱেইব  আৰু ছানিয়াৰ বিয়া  হৈছিল। কিন্তু  ২০২২ চনৰ নৱেম্বৰত আৰম্ভ হৈছিল তেওঁলোকৰ মাজত বিবাদ ।শেষত ছানিয়া-ছোৱেইব বিচ্ছিন্ন হ’ল আৰু ছোৱেইবে বিচাৰি ল’লে তেওঁৰ নতুন জীৱন লগৰী৷ 



মালিকে শনিবাৰে এক্স-ত এটা ছ'চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ছানাক বিয়া কৰোৱাৰ খবৰটো  শ্বেয়াৰ কৰিছে। পোষ্টটোত তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ছবিবোৰ সন্নিষ্ট  কৰা হৈছে যাৰ শিৰোনাম হৈছে: "আৰু আমি এতিয়া এহাল যুটি হৈ পৰিছো।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক