--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ গৰু! মুকলিৰ পিছৰে পৰাই গৰু খুন্দিয়াই চৰ্চালৈ অহা বন্দে ভাৰত ৰে’লে পুনৰ গৰু খুন্দিয়ালে৷  এইবাৰ নতুন দিল্লীৰ পৰা ভূপাললৈ যাত্ৰা কৰা বন্দে ভাৰত ৰে’লখনৰ সন্মুখভাগ এটা গৰুক খুন্দা মৰাৰ পিছত ক্ষতিগ্ৰস্ত হৈছে। 

সংবাদ সংস্থাৰ বাতৰি অনুসৰি  গোৱালিয়ৰৰ দাব্ৰাৰ ওচৰত ৰে’ল খনে এটা গৰু খুন্দিয়ায়। ফলত  ৰে’লখনৰ সন্মুখভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ ৰে'লৱে সূত্ৰ অনুসৰি, ভূপাল অভিমুখী ২০১৭২ নম্বৰৰ  বন্দে ভাৰত এক্সপ্ৰেছে দিল্লীৰ হজৰত নিজামুদ্দিন ষ্টেচনৰ পৰা ভূপালৰ ৰাণী কমলাপতি ষ্টেচনলৈ ৰাওনা হৈছিল। সন্ধিয়া প্ৰায় ৬.১৫ বজাত ৰে’লখনে  দাব্ৰাত গৰু খুন্দিয়ায়। 

ফলত ৰে’লখন প্ৰায় ১৫ মিনিট সময় ৰৈ যায়। ৰেলঅভিযন্তাসকল ঘটনাস্থলীলৈ গৈ ৰে’ল খনৰ সন্মুখভাগ মেৰামতি কৰে। প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীয়ে ১ এপ্ৰিলত উক্ত বন্দে ভাৰত ৰে’ল খন উদ্বোধন কৰিছিল। ৰে’লখনে ৮ ঘণ্টাত ৭০৮ কিলোমিটাৰ ভ্ৰমণ কৰিছিল। ভূপাল-নতুন দিল্লী বন্দে ভাৰত হৈছে দেশত চলি থকা সংখ্যক  ৰে’ল। বন্দে ভাৰত ৰে’ল চলা দেশৰ অন্যান্য পথবোৰ হৈছে নতুন দিল্লী-বাৰাণসী, নতুন দিল্লী-বৈষ্ণো দেৱী মাতা কাটৰা, আম্বো আন্দাউৰা-নতুন দিল্লী, মুম্বাই মধ্য-আহমেদাবাদ-গান্ধীনগৰ, মুম্বাই-চাইনগৰ শিৰডী, মুম্বাই-চোলাপুৰ, মাইচুৰু-চেন্নাই চেণ্ট্ৰেল, নাগপুৰ-বিলাসপুৰ, হাওৰা-নিউ জলপাইগুৰি আৰু চেকেন্দ্ৰাবাদ-বিশাখাপত্তনম।

যোৱা বছৰৰ অক্টোবৰ মাহত গুজৰাটৰ আনন্দ ষ্টেচনৰ ওচৰত মুম্বাই অভিমুখী বন্দে ভাৰত ৰে’লে  এটা গৰু খুন্দা মাৰিছিল। তাৰ আগতে এই ৰে’লখনে এটা ম'হৰ জাকক খুন্দা মাৰিছিল। ডিচেম্বৰতো একেখন ৰে’লে এটা গৰুক খুন্দা মাৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে