--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ গৰু! মুকলিৰ পিছৰে পৰাই গৰু খুন্দিয়াই চৰ্চালৈ অহা বন্দে ভাৰত ৰে’লে পুনৰ গৰু খুন্দিয়ালে৷  এইবাৰ নতুন দিল্লীৰ পৰা ভূপাললৈ যাত্ৰা কৰা বন্দে ভাৰত ৰে’লখনৰ সন্মুখভাগ এটা গৰুক খুন্দা মৰাৰ পিছত ক্ষতিগ্ৰস্ত হৈছে। 

সংবাদ সংস্থাৰ বাতৰি অনুসৰি  গোৱালিয়ৰৰ দাব্ৰাৰ ওচৰত ৰে’ল খনে এটা গৰু খুন্দিয়ায়। ফলত  ৰে’লখনৰ সন্মুখভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ ৰে'লৱে সূত্ৰ অনুসৰি, ভূপাল অভিমুখী ২০১৭২ নম্বৰৰ  বন্দে ভাৰত এক্সপ্ৰেছে দিল্লীৰ হজৰত নিজামুদ্দিন ষ্টেচনৰ পৰা ভূপালৰ ৰাণী কমলাপতি ষ্টেচনলৈ ৰাওনা হৈছিল। সন্ধিয়া প্ৰায় ৬.১৫ বজাত ৰে’লখনে  দাব্ৰাত গৰু খুন্দিয়ায়। 

ফলত ৰে’লখন প্ৰায় ১৫ মিনিট সময় ৰৈ যায়। ৰেলঅভিযন্তাসকল ঘটনাস্থলীলৈ গৈ ৰে’ল খনৰ সন্মুখভাগ মেৰামতি কৰে। প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীয়ে ১ এপ্ৰিলত উক্ত বন্দে ভাৰত ৰে’ল খন উদ্বোধন কৰিছিল। ৰে’লখনে ৮ ঘণ্টাত ৭০৮ কিলোমিটাৰ ভ্ৰমণ কৰিছিল। ভূপাল-নতুন দিল্লী বন্দে ভাৰত হৈছে দেশত চলি থকা সংখ্যক  ৰে’ল। বন্দে ভাৰত ৰে’ল চলা দেশৰ অন্যান্য পথবোৰ হৈছে নতুন দিল্লী-বাৰাণসী, নতুন দিল্লী-বৈষ্ণো দেৱী মাতা কাটৰা, আম্বো আন্দাউৰা-নতুন দিল্লী, মুম্বাই মধ্য-আহমেদাবাদ-গান্ধীনগৰ, মুম্বাই-চাইনগৰ শিৰডী, মুম্বাই-চোলাপুৰ, মাইচুৰু-চেন্নাই চেণ্ট্ৰেল, নাগপুৰ-বিলাসপুৰ, হাওৰা-নিউ জলপাইগুৰি আৰু চেকেন্দ্ৰাবাদ-বিশাখাপত্তনম।

যোৱা বছৰৰ অক্টোবৰ মাহত গুজৰাটৰ আনন্দ ষ্টেচনৰ ওচৰত মুম্বাই অভিমুখী বন্দে ভাৰত ৰে’লে  এটা গৰু খুন্দা মাৰিছিল। তাৰ আগতে এই ৰে’লখনে এটা ম'হৰ জাকক খুন্দা মাৰিছিল। ডিচেম্বৰতো একেখন ৰে’লে এটা গৰুক খুন্দা মাৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন