--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উদ্ভাৱক আৰু পৰিবেশ কৰ্মী ছোনম ৱাংচুকে তেওঁৰ ২১দিনীয়া অনশন ইতিমধ্যে সমাপ্ত কৰিছে৷ কিন্তু লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াকে ধৰি অন্যান্য দাবীবোৰক লৈ এতিয়াও সৰব হৈয়ে আছে ছোনম৷ ৱাংচুকৰ অনশনৰ পাছত শুকুৰবাৰে ৭০গৰাকী মহিলাই লেহৰ একেখন এনডিএছ মেম'ৰিয়েল পাৰ্কত মাইনাছ ৮ ডিগ্ৰী চেলছিয়াচ তাপমাত্ৰাত অনশন আৰম্ভ কৰিছে। প্ৰতিদিনে ৪০০-৫০০ মহিলাও চাৰি দিনৰ বাবে আহি আছে। এটা বেটচ্ যোৱাৰ পাছত দ্বিতীয় বেটচটো দিনজোৰা অনশনত বহে। এই ক্ৰমটো ৬ এপ্ৰিললৈকে চলিব।

মহিলাৰ উপবাসৰ পাছত ৭ এপ্ৰিলত লেহৰ শীৰ্ষ সংস্থাৰ বেনাৰত এলএচিৰ ওচৰৰ চাংথাং অভিমুখে সীমান্ত পদযাত্ৰা কৰা হ'ব যাতে চীনে কিমান ভাৰতীয় চৰণীয়া ভূমি দখল কৰিছে জানিব পাৰে। এই পদযাত্ৰাত প্ৰায় ১০,০০০ লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

উপবাসত যোগদান কৰা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী নৰজিন এংমোৱে শুকুৰবাৰে ‘দৈনিক ভাস্কৰ’ক কয়, মই মোৰ সন্তান আৰু নাতি-নাতিনীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অনশনত বহি আছোঁ। আমি উন্নয়নৰ নামত লাডাখৰ পৰিৱেশ নষ্ট হোৱা চাই থাকিব নোৱাৰো।
বিশ বছৰ আগতে নদীবোৰ ইমান পৰিষ্কাৰ আছিল যে আমি পোনপটীয়াকৈ পানী খাইছিলোঁ৷ কিন্তু আজি সেইবোৰ অত্যন্ত প্ৰদূষিত হৈছে। আমি সুৰক্ষা দিব লাগিব। 

ৱাংচুকে কয়, প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা উচিত৷ অনশন সমাপ্ত কৰাৰ পাছত ৱাংচুকে কৈছিল, এয়া আন্দোলনৰ সমাপ্তি নহয়, কিন্তু এটা নতুনৰ আৰম্ভণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু