--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছে ভাৰত দ্বীপ শ্ৰীলংকাক গতাই দিছিল। ইয়াৰ ফলত দেশখন আৰু অধিক দুৰ্বল হৈ পৰিছে। এই দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰে পুৱা তেওঁ নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পোষ্ট কৰি শ্ৰীলংকাৰ এটা দ্বীপক লৈ কংগ্ৰেছক আক্ৰমণ কৰে।

তামিলনাডুৰ মূল ভূখণ্ডৰ পৰা অদূৰত কাচতিবু দ্বীপ আছে। ১৯৭৪ চনত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত এই দ্বীপটো শ্ৰীলংকাক দিয়া হৈছিল। শেহতীয়াকৈ দ্বীপটোৰ সন্দৰ্ভত তথ্যৰ অধিকাৰ (আৰ টি আই)ৰ প্ৰতিবেদন ওলাইছে। 

ইয়াৰ পিছতে মোদীয়ে এক্স পোষ্টত লিখিছে, ‘আৰ টি আইৰ এই প্ৰতিবেদন চাঞ্চল্যকৰ। আমাৰ চকু মেল খাইছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে, কংগ্ৰেছে কিমান নিষ্ঠুৰভাৱে কচ্চতিবুক শ্ৰীলংকাৰ হাতত গতাই দিলে। এই কথাত দেশৰ প্ৰতিজন নাগৰিকে ক্ষুব্ধ হৈ পৰিছিল। তেতিয়া বুজা গৈছিল যে কংগ্ৰেছক বিশ্বাস কৰিব নোৱাৰি। কংগ্ৰেছে ভাৰতৰ ঐক্য, অখণ্ডতা ধ্বংস কৰিছে।’’

মূল ভাৰতৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত কাচ্চটিবু দ্বীপ। ১.৯ বৰ্গ কিলোমিটাৰত বিস্তৃত এই দ্বীপটো। ৰামেশ্বৰমকে ধৰি তামিলনাডুৰ কেইবাখনো জিলাৰ মাছমৰীয়াসকলে কেতিয়াবা কাচতিবু দ্বীপৰ ওচৰ পায়গৈ। লগতে শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ কৰাৰ অপৰাধত আটক কৰা হয়। শেহতীয়াকৈ তামিলনাডু বিজেপিৰ সভাপতি কে আন্নামলাইয়ে তথ্য লাভৰ অধিকাৰ আইনৰ অধীনত কাচ্চাতিবু দ্বীপৰ ওপৰত প্ৰতিবেদন বিচাৰিছিল। দেওবাৰে মোডীৰ এই পোষ্টটো তাৰ ওপৰত আধাৰিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ