--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছে ভাৰত দ্বীপ শ্ৰীলংকাক গতাই দিছিল। ইয়াৰ ফলত দেশখন আৰু অধিক দুৰ্বল হৈ পৰিছে। এই দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰে পুৱা তেওঁ নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পোষ্ট কৰি শ্ৰীলংকাৰ এটা দ্বীপক লৈ কংগ্ৰেছক আক্ৰমণ কৰে।

তামিলনাডুৰ মূল ভূখণ্ডৰ পৰা অদূৰত কাচতিবু দ্বীপ আছে। ১৯৭৪ চনত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত এই দ্বীপটো শ্ৰীলংকাক দিয়া হৈছিল। শেহতীয়াকৈ দ্বীপটোৰ সন্দৰ্ভত তথ্যৰ অধিকাৰ (আৰ টি আই)ৰ প্ৰতিবেদন ওলাইছে। 

ইয়াৰ পিছতে মোদীয়ে এক্স পোষ্টত লিখিছে, ‘আৰ টি আইৰ এই প্ৰতিবেদন চাঞ্চল্যকৰ। আমাৰ চকু মেল খাইছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে, কংগ্ৰেছে কিমান নিষ্ঠুৰভাৱে কচ্চতিবুক শ্ৰীলংকাৰ হাতত গতাই দিলে। এই কথাত দেশৰ প্ৰতিজন নাগৰিকে ক্ষুব্ধ হৈ পৰিছিল। তেতিয়া বুজা গৈছিল যে কংগ্ৰেছক বিশ্বাস কৰিব নোৱাৰি। কংগ্ৰেছে ভাৰতৰ ঐক্য, অখণ্ডতা ধ্বংস কৰিছে।’’

মূল ভাৰতৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত কাচ্চটিবু দ্বীপ। ১.৯ বৰ্গ কিলোমিটাৰত বিস্তৃত এই দ্বীপটো। ৰামেশ্বৰমকে ধৰি তামিলনাডুৰ কেইবাখনো জিলাৰ মাছমৰীয়াসকলে কেতিয়াবা কাচতিবু দ্বীপৰ ওচৰ পায়গৈ। লগতে শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ কৰাৰ অপৰাধত আটক কৰা হয়। শেহতীয়াকৈ তামিলনাডু বিজেপিৰ সভাপতি কে আন্নামলাইয়ে তথ্য লাভৰ অধিকাৰ আইনৰ অধীনত কাচ্চাতিবু দ্বীপৰ ওপৰত প্ৰতিবেদন বিচাৰিছিল। দেওবাৰে মোডীৰ এই পোষ্টটো তাৰ ওপৰত আধাৰিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ