--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ পৰা ছত্তীশগড়লৈকে দুখনকৈ  ৰাজ্যত নক্সাল বিৰোধী অভিযানত ডাঙৰ সফলতা অৰ্জন কৰিছে নিৰাপত্তা বাহিনীয়ে। মধ্য প্ৰদেশৰ বালাঘাটত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত  দুগৰাকী  মাওবাদী নিহত হৈছে।  তেওঁলোকৰ মূৰৰ যুটীয়া মূল্য আছিল ৪৩ লাখ টকা। দুয়োগৰাকীৰ  ভিতৰত আছে ক্ৰান্তি নামৰ এগৰাকী মহিলা মাওবাদী নেত্ৰী। 

তেওঁৰ মূৰৰ মূল্য আছিল ২৯ লাখ টকা। মঙলবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চাৰিজন মাওবাদী নিহত হয়। নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এতিয়ালৈকে নজন মাওবাদী নিহত হৈছে।  মঙলবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান চলায়। পুৱা প্ৰায় ৬ বজাত  নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে লেন্দ্ৰ গাওঁৰ ওচৰত মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰে। দলটোত জিলা ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফ'ৰ্চ, চিআৰপিএফ আৰু কোব্ৰাৰ সদস্যসকল অন্তৰ্ভুক্ত আছিল।

মঙলবাৰে পুৱা আৰক্ষীয়ে বিজাপুৰৰ লেন্দ্ৰ গাওঁৰ ওচৰত মাওবাদীৰ উপস্থিতিৰ  বিষয়ে তথ্য লাভ কৰে। এই তথ্য লাভ কৰাৰ পিছতে যুটীয়া বাহিনীয়ে মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত মাওবাদীয়ে  নিৰাপত্তা বাহিনীৰ ওপৰত  ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে।  সুৰক্ষা বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে।  

 দুয়োপক্ষৰ মাজত কিছু সময়ৰ বাবে সংঘৰ্ষ  অব্যাহত থাকে। ইতিমধ্যে বিভিন্ন স্থানৰ পৰা  নজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে। সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীয়ে এটা মেচিনগান আৰু অন্যান্য অস্ত্ৰসহ কেইবাটাও স্বয়ংক্ৰিয় অস্ত্ৰ উদ্ধাৰ কৰে। অঞ্চলটোত এতিয়াও মাওবাদীৰ সন্ধান  অভিযান চলি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু