--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ পৰা ছত্তীশগড়লৈকে দুখনকৈ  ৰাজ্যত নক্সাল বিৰোধী অভিযানত ডাঙৰ সফলতা অৰ্জন কৰিছে নিৰাপত্তা বাহিনীয়ে। মধ্য প্ৰদেশৰ বালাঘাটত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত  দুগৰাকী  মাওবাদী নিহত হৈছে।  তেওঁলোকৰ মূৰৰ যুটীয়া মূল্য আছিল ৪৩ লাখ টকা। দুয়োগৰাকীৰ  ভিতৰত আছে ক্ৰান্তি নামৰ এগৰাকী মহিলা মাওবাদী নেত্ৰী। 

তেওঁৰ মূৰৰ মূল্য আছিল ২৯ লাখ টকা। মঙলবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চাৰিজন মাওবাদী নিহত হয়। নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এতিয়ালৈকে নজন মাওবাদী নিহত হৈছে।  মঙলবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান চলায়। পুৱা প্ৰায় ৬ বজাত  নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে লেন্দ্ৰ গাওঁৰ ওচৰত মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰে। দলটোত জিলা ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফ'ৰ্চ, চিআৰপিএফ আৰু কোব্ৰাৰ সদস্যসকল অন্তৰ্ভুক্ত আছিল।

মঙলবাৰে পুৱা আৰক্ষীয়ে বিজাপুৰৰ লেন্দ্ৰ গাওঁৰ ওচৰত মাওবাদীৰ উপস্থিতিৰ  বিষয়ে তথ্য লাভ কৰে। এই তথ্য লাভ কৰাৰ পিছতে যুটীয়া বাহিনীয়ে মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত মাওবাদীয়ে  নিৰাপত্তা বাহিনীৰ ওপৰত  ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে।  সুৰক্ষা বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে।  

 দুয়োপক্ষৰ মাজত কিছু সময়ৰ বাবে সংঘৰ্ষ  অব্যাহত থাকে। ইতিমধ্যে বিভিন্ন স্থানৰ পৰা  নজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে। সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীয়ে এটা মেচিনগান আৰু অন্যান্য অস্ত্ৰসহ কেইবাটাও স্বয়ংক্ৰিয় অস্ত্ৰ উদ্ধাৰ কৰে। অঞ্চলটোত এতিয়াও মাওবাদীৰ সন্ধান  অভিযান চলি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ