--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মাওবাদীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে নিৰাপত্তা বাহিনী। সৌসিদিনা ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে  ১৩ জনকৈ মাওবাদীক হত্যা কৰাৰ পিছত  এইবাৰ পুনৰ তিনিজন মাওবাদী ৰণত পৰিছে।  শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয় বুলি  এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে।

 ৰাজ্যখনৰ নক্সাল বিৰোধী শক্তি গ্ৰেহাউণ্ডে তেলেংগানাৰ সীমান্তৰ ওচৰৰ পূজাৰী কাংকৰ বনাঞ্চলত তালাচী চলাই আছিল। তেওঁলোকৰ লগত ছত্তীশগড় আৰক্ষী বাহিনীও আছিল। সেই সময়তে  মাওবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষণ কৰাত তিনিজন মাওবাদী নিহত হয়। ঘটনাস্থলীৰ পৰা হু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । নিৰাপত্তা বাহিনীয়ে  এতিয়াও অঞ্চলটোত তন্নতন্ন তালাচী চলাই আছে। বিজাপুৰ জিলাৰ বাস্তাৰ লোকসভা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।

 নিৰ্বাচনৰ সময়ত সন্ত্ৰাসৰ যিকোনো পৰিৱেশ প্ৰতিহত কৰিবলৈ নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে। মঙলবাৰে যুটীয়া বাহিনীয়ে ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ লেন্দ্ৰ গাঁৱত মাওবাদীৰ বিৰুদ্ধে  অভিযান আৰম্ভ কৰিছিল। জিলা ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফ'ৰ্চ, চিআৰপিএফ আৰু কোব্ৰা বেটেলিয়নৰ যুটীয়া অভিযানত তেৰজন মাওবাদী নিহত হৈছিল।শুকুৰবাৰে দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অৰণ্যত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত এজন মাওবাদী নিহত হয়। দুজন মাওবাদীয়ে চুকমাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। যুটীয়াভাৱে তেওঁলোকৰ মূৰৰ মূল্য আছিল ১৬ লাখ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু