--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মাওবাদীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে নিৰাপত্তা বাহিনী। সৌসিদিনা ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে  ১৩ জনকৈ মাওবাদীক হত্যা কৰাৰ পিছত  এইবাৰ পুনৰ তিনিজন মাওবাদী ৰণত পৰিছে।  শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয় বুলি  এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে।

 ৰাজ্যখনৰ নক্সাল বিৰোধী শক্তি গ্ৰেহাউণ্ডে তেলেংগানাৰ সীমান্তৰ ওচৰৰ পূজাৰী কাংকৰ বনাঞ্চলত তালাচী চলাই আছিল। তেওঁলোকৰ লগত ছত্তীশগড় আৰক্ষী বাহিনীও আছিল। সেই সময়তে  মাওবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবৰ্ষণ কৰাত তিনিজন মাওবাদী নিহত হয়। ঘটনাস্থলীৰ পৰা হু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । নিৰাপত্তা বাহিনীয়ে  এতিয়াও অঞ্চলটোত তন্নতন্ন তালাচী চলাই আছে। বিজাপুৰ জিলাৰ বাস্তাৰ লোকসভা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।

 নিৰ্বাচনৰ সময়ত সন্ত্ৰাসৰ যিকোনো পৰিৱেশ প্ৰতিহত কৰিবলৈ নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে। মঙলবাৰে যুটীয়া বাহিনীয়ে ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ লেন্দ্ৰ গাঁৱত মাওবাদীৰ বিৰুদ্ধে  অভিযান আৰম্ভ কৰিছিল। জিলা ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফ'ৰ্চ, চিআৰপিএফ আৰু কোব্ৰা বেটেলিয়নৰ যুটীয়া অভিযানত তেৰজন মাওবাদী নিহত হৈছিল।শুকুৰবাৰে দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অৰণ্যত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত এজন মাওবাদী নিহত হয়। দুজন মাওবাদীয়ে চুকমাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। যুটীয়াভাৱে তেওঁলোকৰ মূৰৰ মূল্য আছিল ১৬ লাখ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ