--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটা বিৰল প্ৰজাতিৰ ভালুকৰ পোৱালি৷ হৈ ৰ’ল নিথৰুৱা৷ বিচ্ছিন্ন হ’ল মাতৃৰ কোলাৰ পৰা৷ কেনি যাব, কি কৰিব? কণমানি ভালুকৰ পোৱালি দুটাৰ দায়িত্ব এতিয়া কাৰ? কয়লা খনন আৰু বনধ্বংস অভিযানত নিথৰুৱা হৈ পৰা ভালুকৰ পোৱালি দুটা উদ্ধাৰ হৈছে ছত্তীশগড়ত৷ গহন অৰণ্য ধ্বংস কৰি দুটা নিৰীহ ভালুকৰ পোৱালিক নিথৰুৱা কৰিলে বনদস্যুই।

ছত্তীশগড়ত সলনি হৈছে চৰকাৰ৷ আৰু নৱগঠিত চৰকাৰৰ শাসনকাল আৰম্ভ হোৱাৰ পাছতেই আৰু আদানিৰ হাতোৰাই কয়লা খনিৰ বাবে হাচদেউ অৰণ্যৰ ঘন অৰণ্য চেপি আনিবলৈ আৰম্ভ কৰিছে৷ 

উদ্ধাৰ হোৱা মাত্ৰ দুটা ভালুকৰ পোৱালিয়ে নহয়, অৰণ্যৰ ওচৰত বাস কৰা জনজাতীয় লোকৰ জীৱন ধ্বংস হৈ আছে এই কয়লা খনন প্ৰক্ৰিয়াৰ বাবে চলা বনধ্বংস অভিযানত৷

উত্তৰ ছত্তীশগড়ৰ হাচদেও বনাঞ্চলৰ কয়লা খনিত গছ কটাক লৈ হোৱা প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে সোমবাৰে কয় যে কয়লা খনন আৰু গছ কটাৰ সিদ্ধান্ত কংগ্ৰেছৰ শাসনকালতে লোৱা হৈছিল আৰু এই কামটো আগতে লোৱা সিদ্ধান্তৰ এক সম্প্ৰসাৰণ মাথোঁ। বিৰোধী কংগ্ৰেছে বনধ্বংসৰ কাৰ্যক গৰিহণা দিছে আৰু ৰাজ্যৰ ৰাজধানীত প্ৰতিবাদৰ অংশ হিচাপে এটা মানৱ শৃংখলা গঠন কৰিছে। প্ৰাক্তন বিধায়ক বিকাশ উপাধ্যায়ে হাচদেউত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিব৷ আনহাতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেৱে ব্যক্তিগতভাৱে আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সুৰগুজালৈ যাত্ৰা কৰিছে। 

কয়লা খননৰ বাবে হাচদেউ অৰণ্যত বনধ্বংস অভিযানক স্থানীয় জনজাতীয় লোক, বৃহৎ পৰিমাণৰ মহিলা, সামাজিক মাধ্যম, পৰিৱেশবিদ আৰু কৰ্মীসকলে ব্যাপকভাৱে সমালোচনা, নিন্দা আৰু প্ৰতিবাদ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক