--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটা বিৰল প্ৰজাতিৰ ভালুকৰ পোৱালি৷ হৈ ৰ’ল নিথৰুৱা৷ বিচ্ছিন্ন হ’ল মাতৃৰ কোলাৰ পৰা৷ কেনি যাব, কি কৰিব? কণমানি ভালুকৰ পোৱালি দুটাৰ দায়িত্ব এতিয়া কাৰ? কয়লা খনন আৰু বনধ্বংস অভিযানত নিথৰুৱা হৈ পৰা ভালুকৰ পোৱালি দুটা উদ্ধাৰ হৈছে ছত্তীশগড়ত৷ গহন অৰণ্য ধ্বংস কৰি দুটা নিৰীহ ভালুকৰ পোৱালিক নিথৰুৱা কৰিলে বনদস্যুই।

ছত্তীশগড়ত সলনি হৈছে চৰকাৰ৷ আৰু নৱগঠিত চৰকাৰৰ শাসনকাল আৰম্ভ হোৱাৰ পাছতেই আৰু আদানিৰ হাতোৰাই কয়লা খনিৰ বাবে হাচদেউ অৰণ্যৰ ঘন অৰণ্য চেপি আনিবলৈ আৰম্ভ কৰিছে৷ 

উদ্ধাৰ হোৱা মাত্ৰ দুটা ভালুকৰ পোৱালিয়ে নহয়, অৰণ্যৰ ওচৰত বাস কৰা জনজাতীয় লোকৰ জীৱন ধ্বংস হৈ আছে এই কয়লা খনন প্ৰক্ৰিয়াৰ বাবে চলা বনধ্বংস অভিযানত৷

উত্তৰ ছত্তীশগড়ৰ হাচদেও বনাঞ্চলৰ কয়লা খনিত গছ কটাক লৈ হোৱা প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে সোমবাৰে কয় যে কয়লা খনন আৰু গছ কটাৰ সিদ্ধান্ত কংগ্ৰেছৰ শাসনকালতে লোৱা হৈছিল আৰু এই কামটো আগতে লোৱা সিদ্ধান্তৰ এক সম্প্ৰসাৰণ মাথোঁ। বিৰোধী কংগ্ৰেছে বনধ্বংসৰ কাৰ্যক গৰিহণা দিছে আৰু ৰাজ্যৰ ৰাজধানীত প্ৰতিবাদৰ অংশ হিচাপে এটা মানৱ শৃংখলা গঠন কৰিছে। প্ৰাক্তন বিধায়ক বিকাশ উপাধ্যায়ে হাচদেউত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিব৷ আনহাতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেৱে ব্যক্তিগতভাৱে আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সুৰগুজালৈ যাত্ৰা কৰিছে। 

কয়লা খননৰ বাবে হাচদেউ অৰণ্যত বনধ্বংস অভিযানক স্থানীয় জনজাতীয় লোক, বৃহৎ পৰিমাণৰ মহিলা, সামাজিক মাধ্যম, পৰিৱেশবিদ আৰু কৰ্মীসকলে ব্যাপকভাৱে সমালোচনা, নিন্দা আৰু প্ৰতিবাদ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক