--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী নিৰুদ্দেশ হৈছিল। কিন্তু নিৰুদ্দেশৰ মাজতে পত্নীৰ বিয়াৰ এখন নতুন ফটো দেখা পালে! তাৰমানে তেওঁৰ পত্নীয়ে পলাই গৈ নতুনকৈ বিয়া পাতিলে! কৰ্ণাটক এজন যুৱকৰ ক্ষেত্ৰত এই কাণ্ড সংঘটিত হৈছে।

ছ’চিয়েল মিডিয়া ব্ৰাউজ কৰি থাকোঁতে এই চাঞ্চল্যকৰ ঘটনাৰ সন্মুখীন হ’ল প্ৰশান্ত বি। যোৱা কেইমাহমানৰ পৰা পত্নীক তেওঁক বহুত বিচাৰিছে। ছ’চিয়েল মিডিয়াৰ ফটোত দেখা গৈছে গৈছে যে তেওঁৰ পত্নীয়ে ইতিমধ্যে আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

প্ৰশান্তৰ পত্নীৰ নাম স্নেহা। ইনষ্টাগ্ৰামত স্নেহাৰ সৈতে ৰঘু নামৰ এজন লোকৰ বিয়াৰ ফটো দেখি স্তম্ভিত হৈ পৰে প্ৰশান্ত। তিনিমাহ আগতে প্ৰশান্তৰ পত্নী গৰ্ভৱতী হোৱাৰ বাবে দেউতাকৰ ঘৰলৈ গৈছিল। তেতিয়াৰ পৰাই তেওঁ নোহোৱা হৈ গ’ল।

প্ৰশান্তই যোৱা ২১ ডিচেম্বৰত দভাংগেৰেৰ কেটিজে নগৰ থানাত পত্নী নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল। কিছুদিন পিছত ইনষ্টাগ্ৰামত পত্নীৰ বিবাহৰ খবৰ পাই তেওঁ স্তম্ভিত হৈ পৰে।

সংবাদ মাধ্যমৰ আগত প্ৰশান্তই কয়, "পিতৃৰ ঘৰত স্নেহাই ঔষধ খাই গৰ্ভপাত কৰিছিল। স্নেহাই এনে কৰে কাৰণ তাই আন কাৰোবাক বিয়া কৰাব। এইবোৰ কথা মোক একো কোৱা হোৱা নাছিল। আমাৰ বিয়াৰ ডেৰ বছৰ হ’ল। মোক অৱগত নকৰাকৈয়ে তেওঁ ইমান ডাঙৰ সিদ্ধান্ত লোৱাত মই সঁচাকৈয়ে বিধ্বস্ত হৈছো।''

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰশান্তই স্নেহাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ স্নেহাৰ সৈতে মত বিনিময় কৰিছিল। ইয়াৰ পিছত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়। স্নেহাৰ ঘৰ মাণ্ডা জিলাৰ নৰহল্লীত। অভিযোগ অনুসৰি স্নেহাই প্ৰশান্তক বিয়া কৰাৰ পূৰ্বে আন দুজন পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সম্প্ৰতি স্নেহা ৰঘুৰ সৈতে বিবাহপাশত আবদ্ধ হৈ বাংগালুৰুত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক