--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী নিৰুদ্দেশ হৈছিল। কিন্তু নিৰুদ্দেশৰ মাজতে পত্নীৰ বিয়াৰ এখন নতুন ফটো দেখা পালে! তাৰমানে তেওঁৰ পত্নীয়ে পলাই গৈ নতুনকৈ বিয়া পাতিলে! কৰ্ণাটক এজন যুৱকৰ ক্ষেত্ৰত এই কাণ্ড সংঘটিত হৈছে।

ছ’চিয়েল মিডিয়া ব্ৰাউজ কৰি থাকোঁতে এই চাঞ্চল্যকৰ ঘটনাৰ সন্মুখীন হ’ল প্ৰশান্ত বি। যোৱা কেইমাহমানৰ পৰা পত্নীক তেওঁক বহুত বিচাৰিছে। ছ’চিয়েল মিডিয়াৰ ফটোত দেখা গৈছে গৈছে যে তেওঁৰ পত্নীয়ে ইতিমধ্যে আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

প্ৰশান্তৰ পত্নীৰ নাম স্নেহা। ইনষ্টাগ্ৰামত স্নেহাৰ সৈতে ৰঘু নামৰ এজন লোকৰ বিয়াৰ ফটো দেখি স্তম্ভিত হৈ পৰে প্ৰশান্ত। তিনিমাহ আগতে প্ৰশান্তৰ পত্নী গৰ্ভৱতী হোৱাৰ বাবে দেউতাকৰ ঘৰলৈ গৈছিল। তেতিয়াৰ পৰাই তেওঁ নোহোৱা হৈ গ’ল।

প্ৰশান্তই যোৱা ২১ ডিচেম্বৰত দভাংগেৰেৰ কেটিজে নগৰ থানাত পত্নী নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল। কিছুদিন পিছত ইনষ্টাগ্ৰামত পত্নীৰ বিবাহৰ খবৰ পাই তেওঁ স্তম্ভিত হৈ পৰে।

সংবাদ মাধ্যমৰ আগত প্ৰশান্তই কয়, "পিতৃৰ ঘৰত স্নেহাই ঔষধ খাই গৰ্ভপাত কৰিছিল। স্নেহাই এনে কৰে কাৰণ তাই আন কাৰোবাক বিয়া কৰাব। এইবোৰ কথা মোক একো কোৱা হোৱা নাছিল। আমাৰ বিয়াৰ ডেৰ বছৰ হ’ল। মোক অৱগত নকৰাকৈয়ে তেওঁ ইমান ডাঙৰ সিদ্ধান্ত লোৱাত মই সঁচাকৈয়ে বিধ্বস্ত হৈছো।''

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰশান্তই স্নেহাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ স্নেহাৰ সৈতে মত বিনিময় কৰিছিল। ইয়াৰ পিছত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়। স্নেহাৰ ঘৰ মাণ্ডা জিলাৰ নৰহল্লীত। অভিযোগ অনুসৰি স্নেহাই প্ৰশান্তক বিয়া কৰাৰ পূৰ্বে আন দুজন পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সম্প্ৰতি স্নেহা ৰঘুৰ সৈতে বিবাহপাশত আবদ্ধ হৈ বাংগালুৰুত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক