--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  পুনৰ উত্তপ্ত হৈ পৰিছে ছত্তীশগড়। মাওবাদী অধ্যুষিত ৰাজ্য খনত  নিৰাপত্তাৰক্ষী আৰু নক্সালৰ মাজত সংঘৰ্ষত এটা ছমহীয়া শিশু নিহত হৈছে। সংঘৰ্ষত শিশুটিৰ মাতৃও  আঘাতপ্ৰাপ্ত হৈ  চিকিৎসাধীন হ’বলগীয়া হৈছে। এই ঘটনাত জিলা ৰিজাৰ্ভ গাৰ্ডৰ দুজন কৰ্মীও আহত হৈছে। তেওঁলোকৰো চিকিৎসাও চলি আছে।

ৰাজ্য খনৰ বিজাপুৰ অঞ্চলৰ গংগালুৰ আৰক্ষী থানাৰ অন্তৰ্গত মুতভান্দি গাঁৱৰ ওচৰৰ এখন অৰণ্যত গুলীচালনাৰ ঘটনাটো ঘটে। জিলা ৰিজাৰ্ভ গাৰ্ডৰ এটা দলে অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে মাওবাদীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ লাগে।

ডিআৰজিৰ এজন বিষয়াই প্ৰকাশ কৰা মতে  অভিযানৰ সময়ত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হৈছিল। ঘটনাটোত এগৰাকী মহিলা আৰু দুজন সৈনিক আহত হৈছে। সকলোকে চিকিৎসাধীন কৰোৱা হৈছে। উল্লেখ্য যোৱা এমাহত ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত কেইবাজনো জোৱান  নিহত হৈছে। 

 মাওবাদীয়ে  এতিয়াও গড়চিৰোলি, চুকমা, দান্তেৱাড়াৰ দৰে অঞ্চলত সন্ত্ৰাস চলাই আছে। কেন্দ্ৰীয় চৰকাৰে মাওবাদীসকলক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, কেন্দ্ৰই যি দাবীয়েই  নকৰক, তেলেংগানা, ছত্তীশগড়, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত এতিয়াও মাওবাদী সক্ৰিয় হৈয়েই আছে।   চুকমা, দান্তেৱাড়া, গড়চিৰোলীৰ দৰে অঞ্চলত মাওবাদীৰ  উত্থানে চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক