--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  পুনৰ উত্তপ্ত হৈ পৰিছে ছত্তীশগড়। মাওবাদী অধ্যুষিত ৰাজ্য খনত  নিৰাপত্তাৰক্ষী আৰু নক্সালৰ মাজত সংঘৰ্ষত এটা ছমহীয়া শিশু নিহত হৈছে। সংঘৰ্ষত শিশুটিৰ মাতৃও  আঘাতপ্ৰাপ্ত হৈ  চিকিৎসাধীন হ’বলগীয়া হৈছে। এই ঘটনাত জিলা ৰিজাৰ্ভ গাৰ্ডৰ দুজন কৰ্মীও আহত হৈছে। তেওঁলোকৰো চিকিৎসাও চলি আছে।

ৰাজ্য খনৰ বিজাপুৰ অঞ্চলৰ গংগালুৰ আৰক্ষী থানাৰ অন্তৰ্গত মুতভান্দি গাঁৱৰ ওচৰৰ এখন অৰণ্যত গুলীচালনাৰ ঘটনাটো ঘটে। জিলা ৰিজাৰ্ভ গাৰ্ডৰ এটা দলে অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে মাওবাদীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ লাগে।

ডিআৰজিৰ এজন বিষয়াই প্ৰকাশ কৰা মতে  অভিযানৰ সময়ত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হৈছিল। ঘটনাটোত এগৰাকী মহিলা আৰু দুজন সৈনিক আহত হৈছে। সকলোকে চিকিৎসাধীন কৰোৱা হৈছে। উল্লেখ্য যোৱা এমাহত ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত কেইবাজনো জোৱান  নিহত হৈছে। 

 মাওবাদীয়ে  এতিয়াও গড়চিৰোলি, চুকমা, দান্তেৱাড়াৰ দৰে অঞ্চলত সন্ত্ৰাস চলাই আছে। কেন্দ্ৰীয় চৰকাৰে মাওবাদীসকলক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, কেন্দ্ৰই যি দাবীয়েই  নকৰক, তেলেংগানা, ছত্তীশগড়, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত এতিয়াও মাওবাদী সক্ৰিয় হৈয়েই আছে।   চুকমা, দান্তেৱাড়া, গড়চিৰোলীৰ দৰে অঞ্চলত মাওবাদীৰ  উত্থানে চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক