--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। ৰাম মন্দিৰৰ ভগৱান ৰামৰ মূৰ্তি চূড়ান্ত কৰা হৈছে। ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা মূৰ্তিটো চূড়ান্ত কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰি এই তথ্য দিছে। কৃষ্ণ শিলাৰে ৫ বছৰীয়া ৰাম লালাৰ মূৰ্তি নিৰ্মাণ কৰিছে অৰুণ যোগীৰাজে। কৰ্ণাটকৰ কৰাকলাৰ পৰা কৃষ্ণ শিলা অনা হৈছিল। যোৱা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত এই শিলটো বাছনি কৰি ৰাম লালাৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত কৰ্ণাটকৰ পৰা অযোধ্যালৈ ১০ টন, ৬ ফুট বহল আৰু ৪ ফুট কৃষ্ণ শিল অনা হয় য’ত অৰুণ যোগীৰাজে ভগৱান ৰামলালাৰ মূৰ্তি খোদিত কৰে।

বিখ্যাত ভাস্কৰ্য শিল্পী যোগীৰাজ শিল্পীৰ পুত্ৰ অৰুণ যোগীৰাজ। অৰুণৰ ককাক ৱাডিয়াৰ পৰিয়ালৰ ৰাজপ্ৰসাদ সৌন্দৰ্য্যবৰ্ধনৰ বাবে পৰিচিত। মহীশূৰ ৰাজপ্ৰসাদৰ শিল্পীৰ পৰিয়ালৰ পৰা আহিছে অৰুণ। ২০০৮ চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এম বি এ কৰিছিল। ইয়াৰ পিছত তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল। তেওঁৰ ককাকে অৰুণ এজন মহান ভাস্কৰ্য শিল্পী হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল আৰু ৩৭ বছৰৰ পাছত সেয়া সঁচা হ’ল।

মায়ছুৰৰ শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা শিশু ৰূপত ভগৱান ৰামৰ প্ৰতিমাক অভিষেকৰ বাবে বাছনি কৰাৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীয়ে  ছ’চিয়েল মিডিয়াত তথ্য দিয়াৰ লগে লগে ঘৰখনত সুখৰ ঢৌৰ সৃষ্টি হল। অৰুণৰ মাতৃ, পত্নী আৰু ভনীয়েক সকলোৱে অৰুণৰ দ্বাৰা নিৰ্মিত মূৰ্তিটোৰ বাছনিত অত্যন্ত সুখী। অৰুণৰ মাতৃ সৰস্বতীৰ আনন্দৰ চকুলো নিগৰিল। তেওঁ ক’লে, মই বৰ সুখী, অৰুণৰ দেউতাক আজি জীয়াই থকা হ’লে ভাল আছিল, আৰু বেছি সুখী হ’লহেঁতেন। মোৰ পুত্ৰই নিৰ্মাণ কৰা  ভগৱান ৰামৰ মূৰ্তি সমগ্ৰ বিশ্বই দেখিব, ইয়াতকৈ ডাঙৰ সুখ আৰু থাকিব নোৱাৰে।

অৰুণৰ পত্নী বিজেতাই ক'লে, মোৰ কোনো শব্দ নাই, মই বৰ সুখী আৰু গৌৰৱান্বিত। মোৰ স্বামীয়ে মোক এই সকলোবোৰ কোৱা নাছিল, ময়ো সংবাদ মাধ্যমৰ পৰাই গম পালোঁ। তেওঁ কেতিয়াও কামৰ লগত আপোচ কৰা নাছিল। তেওঁ সদায় নিজৰ ১০০ শতাংশ দিয়ে, বহুত গৱেষণা কৰে। তেওঁ নিজৰ কামবোৰ অতি নিষ্ঠাৰে কৰে আৰু বহু সময় উচৰ্গা কৰে, শিলৰ ওপৰত কাম কৰে যেতিয়ালৈকে তেওঁ নিজেই ঈশ্বৰক দেখা নাপায়।

ইফালে অৰুণৰ ভগ্নীয়ে কয়, এই খবৰটোৱে আমাক পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ দিছে। সৰুৰে পৰাই অৰুণৰ ভাস্কৰ্যৰ প্ৰতি আগ্ৰহী আছিল যদিও ঘৰৰ সকলোৱে ভাস্কৰ্য নিৰ্মাণ কৰে আৰু কোনেও ভালদৰে শিক্ষিত নহয় বুলি মায়ে দুখ কৰিছিল, সেইবাবেই আমি অৰুণক এম বি এলৈকে পঢ়াইছিলো কিন্তু তেওঁৰ মনোযোগ সদায় ভাস্কৰ্য্য নিৰ্মাণত আছিল। কলেজৰ পৰা উভতি অহাৰ পিছতো তেওঁ বেছিভাগ সময় কৰ্মশালাতে থাকি দেউতাক সহায় কৰিছিল। তেওঁ নিশ্চিতভাৱে পঢ়া-শুনা কৰিছিল যদিও ইয়াৰ প্ৰতি তেওঁৰ আগ্ৰহ নাছিল, মূৰ্তি নিৰ্মাণৰ কাম তেওঁ সদায় ভাল পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক