--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। ৰাম মন্দিৰৰ ভগৱান ৰামৰ মূৰ্তি চূড়ান্ত কৰা হৈছে। ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা মূৰ্তিটো চূড়ান্ত কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰি এই তথ্য দিছে। কৃষ্ণ শিলাৰে ৫ বছৰীয়া ৰাম লালাৰ মূৰ্তি নিৰ্মাণ কৰিছে অৰুণ যোগীৰাজে। কৰ্ণাটকৰ কৰাকলাৰ পৰা কৃষ্ণ শিলা অনা হৈছিল। যোৱা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত এই শিলটো বাছনি কৰি ৰাম লালাৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত কৰ্ণাটকৰ পৰা অযোধ্যালৈ ১০ টন, ৬ ফুট বহল আৰু ৪ ফুট কৃষ্ণ শিল অনা হয় য’ত অৰুণ যোগীৰাজে ভগৱান ৰামলালাৰ মূৰ্তি খোদিত কৰে।

বিখ্যাত ভাস্কৰ্য শিল্পী যোগীৰাজ শিল্পীৰ পুত্ৰ অৰুণ যোগীৰাজ। অৰুণৰ ককাক ৱাডিয়াৰ পৰিয়ালৰ ৰাজপ্ৰসাদ সৌন্দৰ্য্যবৰ্ধনৰ বাবে পৰিচিত। মহীশূৰ ৰাজপ্ৰসাদৰ শিল্পীৰ পৰিয়ালৰ পৰা আহিছে অৰুণ। ২০০৮ চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এম বি এ কৰিছিল। ইয়াৰ পিছত তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল। তেওঁৰ ককাকে অৰুণ এজন মহান ভাস্কৰ্য শিল্পী হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল আৰু ৩৭ বছৰৰ পাছত সেয়া সঁচা হ’ল।

মায়ছুৰৰ শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা শিশু ৰূপত ভগৱান ৰামৰ প্ৰতিমাক অভিষেকৰ বাবে বাছনি কৰাৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীয়ে  ছ’চিয়েল মিডিয়াত তথ্য দিয়াৰ লগে লগে ঘৰখনত সুখৰ ঢৌৰ সৃষ্টি হল। অৰুণৰ মাতৃ, পত্নী আৰু ভনীয়েক সকলোৱে অৰুণৰ দ্বাৰা নিৰ্মিত মূৰ্তিটোৰ বাছনিত অত্যন্ত সুখী। অৰুণৰ মাতৃ সৰস্বতীৰ আনন্দৰ চকুলো নিগৰিল। তেওঁ ক’লে, মই বৰ সুখী, অৰুণৰ দেউতাক আজি জীয়াই থকা হ’লে ভাল আছিল, আৰু বেছি সুখী হ’লহেঁতেন। মোৰ পুত্ৰই নিৰ্মাণ কৰা  ভগৱান ৰামৰ মূৰ্তি সমগ্ৰ বিশ্বই দেখিব, ইয়াতকৈ ডাঙৰ সুখ আৰু থাকিব নোৱাৰে।

অৰুণৰ পত্নী বিজেতাই ক'লে, মোৰ কোনো শব্দ নাই, মই বৰ সুখী আৰু গৌৰৱান্বিত। মোৰ স্বামীয়ে মোক এই সকলোবোৰ কোৱা নাছিল, ময়ো সংবাদ মাধ্যমৰ পৰাই গম পালোঁ। তেওঁ কেতিয়াও কামৰ লগত আপোচ কৰা নাছিল। তেওঁ সদায় নিজৰ ১০০ শতাংশ দিয়ে, বহুত গৱেষণা কৰে। তেওঁ নিজৰ কামবোৰ অতি নিষ্ঠাৰে কৰে আৰু বহু সময় উচৰ্গা কৰে, শিলৰ ওপৰত কাম কৰে যেতিয়ালৈকে তেওঁ নিজেই ঈশ্বৰক দেখা নাপায়।

ইফালে অৰুণৰ ভগ্নীয়ে কয়, এই খবৰটোৱে আমাক পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ দিছে। সৰুৰে পৰাই অৰুণৰ ভাস্কৰ্যৰ প্ৰতি আগ্ৰহী আছিল যদিও ঘৰৰ সকলোৱে ভাস্কৰ্য নিৰ্মাণ কৰে আৰু কোনেও ভালদৰে শিক্ষিত নহয় বুলি মায়ে দুখ কৰিছিল, সেইবাবেই আমি অৰুণক এম বি এলৈকে পঢ়াইছিলো কিন্তু তেওঁৰ মনোযোগ সদায় ভাস্কৰ্য্য নিৰ্মাণত আছিল। কলেজৰ পৰা উভতি অহাৰ পিছতো তেওঁ বেছিভাগ সময় কৰ্মশালাতে থাকি দেউতাক সহায় কৰিছিল। তেওঁ নিশ্চিতভাৱে পঢ়া-শুনা কৰিছিল যদিও ইয়াৰ প্ৰতি তেওঁৰ আগ্ৰহ নাছিল, মূৰ্তি নিৰ্মাণৰ কাম তেওঁ সদায় ভাল পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু