--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষত  পুনৰ কঁপি উঠিল ছত্তীশগড়।নিৰাপত্তাবাহিনীৰে হোৱা এনকাউণ্টাৰত নিহত হৈছে  ৭জন মাওমাদী। এই অভিযানত ৩ জন জোৱানো আহত হৈছে।আৰক্ষীৰ সূত্ৰ অনুসৰি  নাৰায়ণপুৰ জিলাৰ কেইবাটাও অঞ্চলত মাওবাদীয়ে আত্মগোপন কৰাৰ খবৰ পোৱা গৈছিল। সেই খবৰৰ আধাৰতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে। তালাচীৰ সময়ত মাওবাদীৰ সৈতে সংঘৰ্ষ  হয়।  অভিযানৰ অন্তত  ৭ জন নক্সালৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মাওবাদী অধ্যুষিত ছত্তীশগড়ত বিগত কিছু দিনৰ ভিতৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত  নিহত হৈছে ১২২ জন মাওবাদী।

ইয়াৰ পূৰ্বে ২৩ মে’ত নাৰায়ণপুৰ আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত  ৭জন মাওবাদী নিহত হৈছিল। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল ৭টা আগ্নেয়াস্ত্ৰ। ইয়াৰ পূৰ্বে ৩০ এপ্ৰিলত নাৰায়ণপুৰ আৰু কাংকেৰ জিলাৰ সীমান্তত সংঘটিত হোৱা এক এনকাউণ্টাৰত তিনিগৰাকী মহিলাসহ ১০জন মাওবাদী নিহত হৈছিল। একে মাহতে কাংকেৰত ২৯ জন মাওবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা