--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীৰ লগতে অন্যান্য কেবিনেট সদস্যসকলে। সেই অনুষ্ঠানলৈ বহু দেশী-বিদেশী অতিথিক নিমন্ত্ৰণ কৰা হৈছে। মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ  সামগ্ৰিক সুৰক্ষা নিশ্চিত কৰিবলৈ সমগ্ৰ ৰাজধানী চহৰ খনতে  কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চল কাৰ্যতঃ ঘেৰাও কৰি ৰখা হৈছে আৰু তিনি তৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে।

দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি  সমগ্ৰ ৰাজধানী চহৰ খনতে  জি-২০ বৈঠকৰ পূৰ্বে যেনে ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল ঠিক একেধৰণৰ নিৰাপত্তা বেহুৱেই গঢ়ি তোলা হৈছে। তিনি তৰপীয়া নিৰাপত্তা বেহুৰ প্ৰথম দুটা স্তৰতআছে  দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। তৃতীয় পৰ্যায়ত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো ৰখা হৈছে।  চোৰাংচোৱা বিষয়া আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়েও নিৰাপত্তা নিশ্চিত কৰিব।

মোডীৰ শপতগ্ৰহণত অংশগ্ৰহণ কৰিবলৈ বিদেশৰ বহু  ৰাষ্ট্ৰনেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে। ৰাজধানীৰ ডাঙৰ ডাঙৰ হোটেলত ৰখা হ’ব তেওঁলোকক । সেই হোটেলসমূহৰ সন্মুখতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। শনিবাৰে বিয়লিৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চলত  ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে।

ইফালে, ৰাজধানী চহৰ খনৰ  ওপৰত চকু ৰাখিবলৈ দেওবাৰে পুৱাৰে পৰা বায়ুসেনা আৰু সেনাবাহিনীৰ  হেলিকপ্টাৰ সক্ৰিয় কৰা হ’ব। এই হেলিকপ্টাৰত এন এছ জি আৰু সেনাৰ বিষয়া থাকিব। দিল্লীৰ গুৰুত্বপূৰ্ণ ওখ অট্টালিকাবোৰত  মোতায়েন কৰা হ’ব এন এছ জি আৰু সেনাৰ স্নাইপাৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা