--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীৰ লগতে অন্যান্য কেবিনেট সদস্যসকলে। সেই অনুষ্ঠানলৈ বহু দেশী-বিদেশী অতিথিক নিমন্ত্ৰণ কৰা হৈছে। মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ  সামগ্ৰিক সুৰক্ষা নিশ্চিত কৰিবলৈ সমগ্ৰ ৰাজধানী চহৰ খনতে  কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চল কাৰ্যতঃ ঘেৰাও কৰি ৰখা হৈছে আৰু তিনি তৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে।

দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি  সমগ্ৰ ৰাজধানী চহৰ খনতে  জি-২০ বৈঠকৰ পূৰ্বে যেনে ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল ঠিক একেধৰণৰ নিৰাপত্তা বেহুৱেই গঢ়ি তোলা হৈছে। তিনি তৰপীয়া নিৰাপত্তা বেহুৰ প্ৰথম দুটা স্তৰতআছে  দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। তৃতীয় পৰ্যায়ত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো ৰখা হৈছে।  চোৰাংচোৱা বিষয়া আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়েও নিৰাপত্তা নিশ্চিত কৰিব।

মোডীৰ শপতগ্ৰহণত অংশগ্ৰহণ কৰিবলৈ বিদেশৰ বহু  ৰাষ্ট্ৰনেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে। ৰাজধানীৰ ডাঙৰ ডাঙৰ হোটেলত ৰখা হ’ব তেওঁলোকক । সেই হোটেলসমূহৰ সন্মুখতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। শনিবাৰে বিয়লিৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা অঞ্চলত  ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে।

ইফালে, ৰাজধানী চহৰ খনৰ  ওপৰত চকু ৰাখিবলৈ দেওবাৰে পুৱাৰে পৰা বায়ুসেনা আৰু সেনাবাহিনীৰ  হেলিকপ্টাৰ সক্ৰিয় কৰা হ’ব। এই হেলিকপ্টাৰত এন এছ জি আৰু সেনাৰ বিষয়া থাকিব। দিল্লীৰ গুৰুত্বপূৰ্ণ ওখ অট্টালিকাবোৰত  মোতায়েন কৰা হ’ব এন এছ জি আৰু সেনাৰ স্নাইপাৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ