--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ছত্তীশগড়ত পুনৰ নক্সালৰ আক্ৰমণ ৷ ৰাজ্য খনৰ  বিজাপুৰ জিলাত নক্সালৰ  সৈতে হোৱা সংঘৰ্ষত চিআৰপিএফৰ  তিনিজন জোৱান  নিহত হয়। বাতৰি অনুসৰি এনকাউণ্টাৰটোত ১৪ জন জোৱান  আহত হৈছে। আৰক্ষী মহাপৰিদৰ্শক (বাস্তাৰ ৰেঞ্জ) পি সুন্দৰৰাজে প্ৰকাশ কৰা  মতে  ঘটনাটো তেকালগুডেম গাঁৱৰ ওচৰত সংঘটিত হৈছে৷ 

 চিআৰপিএফৰ  এটা যুটীয়া দলে  তালাচী অভিযানৰ বাবে  ওলাই যোৱাৰ সময়তে এই সংঘৰ্ষৰ ঘটনা ঘটে৷ আঘাতপ্ৰাপ্ত জোৱানসকলক  চিকিৎসাৰ বাবে ৰায়পুৰলৈ লৈ যোৱা হৈছে৷   তেওঁলোকক বিপদমুক্ত বুলি কোৱা হৈছে।  বিজাপুৰ আৰু চুকমা জিলাৰ সীমাত অৱস্থিত গাঁওখনত নক্সাল বিদ্ৰোহীয়ে পূৰ্বৰে পৰা খাপ পিটি আছিল৷ 

২০১ কোব্ৰা বেটেলিয়ন আৰু চিআৰপিএফৰ ১৫০ বেটেলিয়নৰ এটা দলে অঞ্চলটোলৈ যাত্ৰা কৰাৰ সময়তে নক্সালে হঠাতে আক্ৰমণ কৰে৷  লক্ষণীয়ভাৱে, ২০২১ চনতো  ছত্তীশগড়ত চুকমা-বিজাপুৰ সীমান্তত সংঘৰ্ষৰ সময়ত নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰায় ২২ জন জোৱান নিহত হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক