--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ছত্তীশগড়ত পুনৰ নক্সালৰ আক্ৰমণ ৷ ৰাজ্য খনৰ  বিজাপুৰ জিলাত নক্সালৰ  সৈতে হোৱা সংঘৰ্ষত চিআৰপিএফৰ  তিনিজন জোৱান  নিহত হয়। বাতৰি অনুসৰি এনকাউণ্টাৰটোত ১৪ জন জোৱান  আহত হৈছে। আৰক্ষী মহাপৰিদৰ্শক (বাস্তাৰ ৰেঞ্জ) পি সুন্দৰৰাজে প্ৰকাশ কৰা  মতে  ঘটনাটো তেকালগুডেম গাঁৱৰ ওচৰত সংঘটিত হৈছে৷ 

 চিআৰপিএফৰ  এটা যুটীয়া দলে  তালাচী অভিযানৰ বাবে  ওলাই যোৱাৰ সময়তে এই সংঘৰ্ষৰ ঘটনা ঘটে৷ আঘাতপ্ৰাপ্ত জোৱানসকলক  চিকিৎসাৰ বাবে ৰায়পুৰলৈ লৈ যোৱা হৈছে৷   তেওঁলোকক বিপদমুক্ত বুলি কোৱা হৈছে।  বিজাপুৰ আৰু চুকমা জিলাৰ সীমাত অৱস্থিত গাঁওখনত নক্সাল বিদ্ৰোহীয়ে পূৰ্বৰে পৰা খাপ পিটি আছিল৷ 

২০১ কোব্ৰা বেটেলিয়ন আৰু চিআৰপিএফৰ ১৫০ বেটেলিয়নৰ এটা দলে অঞ্চলটোলৈ যাত্ৰা কৰাৰ সময়তে নক্সালে হঠাতে আক্ৰমণ কৰে৷  লক্ষণীয়ভাৱে, ২০২১ চনতো  ছত্তীশগড়ত চুকমা-বিজাপুৰ সীমান্তত সংঘৰ্ষৰ সময়ত নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰায় ২২ জন জোৱান নিহত হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু