--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভাৰত ভিক্ষাৰীৰ পৰা মুক্ত' হ’ব। দেশৰ কেইবাখনো চহৰক ভিক্ষাৰীমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব।  প্ৰথম পদক্ষেপ হিচাপে কেন্দ্ৰই দেশৰ ৩০ খন চহৰ চিনাক্ত কৰিছে। তালিকাখনত  উত্তৰৰ অযোধ্যাৰ পৰা দক্ষিণৰ তিৰুৱন্তপুৰমলৈকে বহু চহৰ  বিস্তৃত হৈ আছে। একেদৰে পূবৰ গুৱাহাটীৰ পৰা পশ্চিমৰ ত্ৰিম্বকেশ্বৰলৈ চহৰো এই তালিকাত আছে।চৰকাৰৰ  লক্ষ্য হৈছে ২০২৬  চনৰ ভিতৰত এই চহৰবোৰক 'ভিক্ষাৰী-মুক্ত' কৰা। 

চৰকাৰে বিশেষকৈ মহিলা আৰু শিশুসকলক ভিক্ষা কৰাৰ পৰা বিৰত ৰাখিবলৈ বিশেষ পদক্ষেপ গ্ৰহণৰ পোশকতা কৰিছে। ভিক্ষাৰীমুক্ত ভাৰতৰ জৰীপ আৰম্ভণিতে ৩০ খন নিৰ্বাচিত চহৰত কৰা হ'ব। কোনবোৰ চহৰত অধিক ভিক্ষাৰী আছে, যিবোৰ ভিক্ষাৰীৰ  'হটস্পট', সেইবোৰ চহৰ প্ৰথমে ভিক্ষাৰীসকলৰ পৰা মুক্ত কৰা হ’ব । তাৰ পিছত জৰীপৰ  ফলাফলৰ ওপৰত ভিত্তি কৰি পদক্ষেপ গ্ৰহণ কৰা  হ'ব। ভিক্ষাৰীসকলৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। উদ্যোগটো সামাজিক ন্যায় আৰু সবলীকৰণ  মন্ত্ৰালয়ৰ দ্বাৰা গ্ৰহণ কৰা হ’ব।

 সমাজৰ প্ৰান্তীয় লোকসকলৰ 'জীৱিকা '  অৰ্জনৰ বাবে  'স্মাইল' প্ৰকল্পৰ অধীনত কাম চলি আছে। কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপৰ নিৰীক্ষণ আৰু সফল ৰূপায়ণৰ বাবে এটা  সমগ্ৰ ভাৰতৰ বাবে পৰ্টেল আৰু এটা মোবাইল এপ আনিব। সকলো তথ্য তাত থাকিব। চিনাক্ত কৰা চহৰবোৰৰ ভিক্ষাৰীসকলক সঠিক আশ্ৰয় দিয়া হৈছে নে নাই, তেওঁলোকে শিক্ষা লাভ কৰিছে নে নাই – সকলো আপডেট এপ আৰু পৰ্টেলত উপলব্ধ হ'ব। এপ আৰু পৰ্টেলটো ফেব্ৰুৱাৰীৰ মাজভাগত মুকলি কৰা হ’ব।

এতিয়ালৈকে লাভ কৰা  বাতৰি অনুসৰি ধৰ্মীয়, ঐতিহাসিক আৰু পৰ্যটনৰ গুৰুত্বৰ ওপৰত আধাৰিত  ৩০  খন চহৰ বাছনি কৰা হৈছে। পৰৱৰ্তী দুবছৰত তালিকাখনত অধিক চহৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। চিনাক্ত কৰা চহৰবোৰ হৈছে অযোধ্যা, কাংৰা, ওমকাৰেশ্বৰ, উজ্জয়িনী, সোমনাথ, পৱাগড়, ত্ৰিম্বকেশ্বৰ, বোধগয়া, গুৱাহাটী আৰু মাদুৰাই। বিজয়ৱাড়া, কেৱাদিয়া, শ্ৰীনগৰ, নামচাই, কুশীনগৰ, চাঞ্চি, খাজুৰাহো, জয়ছলমেৰ, তিৰুৱন্তপুৰম, পুডুচেৰী, অমৃতসৰ, উদয়পুৰ, কটক, ইন্দোৰ, চিমলা আৰু তেজপুৰ পৰ্যটনৰ বাবে বিখ্যাত চহৰসমূহতো একে পদক্ষেপেই গ্ৰহণ কৰা হ’ব।   নিৰ্বাচিত ৩০ খন চহৰৰ ভিতৰত ২৫ খন চহৰৰ বাবে   ইতিমধ্যে কাৰ্য পৰিকল্পনা যুগুত  কৰা হৈছে।জৰীপৰ প্ৰাথমিক পৰ্যায়টো কোজিকোড, বিজয়ৱাড়া, মাদুৰাই আৰু মাইচুৰুত সম্পূৰ্ণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু