--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভাৰত ভিক্ষাৰীৰ পৰা মুক্ত' হ’ব। দেশৰ কেইবাখনো চহৰক ভিক্ষাৰীমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব।  প্ৰথম পদক্ষেপ হিচাপে কেন্দ্ৰই দেশৰ ৩০ খন চহৰ চিনাক্ত কৰিছে। তালিকাখনত  উত্তৰৰ অযোধ্যাৰ পৰা দক্ষিণৰ তিৰুৱন্তপুৰমলৈকে বহু চহৰ  বিস্তৃত হৈ আছে। একেদৰে পূবৰ গুৱাহাটীৰ পৰা পশ্চিমৰ ত্ৰিম্বকেশ্বৰলৈ চহৰো এই তালিকাত আছে।চৰকাৰৰ  লক্ষ্য হৈছে ২০২৬  চনৰ ভিতৰত এই চহৰবোৰক 'ভিক্ষাৰী-মুক্ত' কৰা। 

চৰকাৰে বিশেষকৈ মহিলা আৰু শিশুসকলক ভিক্ষা কৰাৰ পৰা বিৰত ৰাখিবলৈ বিশেষ পদক্ষেপ গ্ৰহণৰ পোশকতা কৰিছে। ভিক্ষাৰীমুক্ত ভাৰতৰ জৰীপ আৰম্ভণিতে ৩০ খন নিৰ্বাচিত চহৰত কৰা হ'ব। কোনবোৰ চহৰত অধিক ভিক্ষাৰী আছে, যিবোৰ ভিক্ষাৰীৰ  'হটস্পট', সেইবোৰ চহৰ প্ৰথমে ভিক্ষাৰীসকলৰ পৰা মুক্ত কৰা হ’ব । তাৰ পিছত জৰীপৰ  ফলাফলৰ ওপৰত ভিত্তি কৰি পদক্ষেপ গ্ৰহণ কৰা  হ'ব। ভিক্ষাৰীসকলৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। উদ্যোগটো সামাজিক ন্যায় আৰু সবলীকৰণ  মন্ত্ৰালয়ৰ দ্বাৰা গ্ৰহণ কৰা হ’ব।

 সমাজৰ প্ৰান্তীয় লোকসকলৰ 'জীৱিকা '  অৰ্জনৰ বাবে  'স্মাইল' প্ৰকল্পৰ অধীনত কাম চলি আছে। কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপৰ নিৰীক্ষণ আৰু সফল ৰূপায়ণৰ বাবে এটা  সমগ্ৰ ভাৰতৰ বাবে পৰ্টেল আৰু এটা মোবাইল এপ আনিব। সকলো তথ্য তাত থাকিব। চিনাক্ত কৰা চহৰবোৰৰ ভিক্ষাৰীসকলক সঠিক আশ্ৰয় দিয়া হৈছে নে নাই, তেওঁলোকে শিক্ষা লাভ কৰিছে নে নাই – সকলো আপডেট এপ আৰু পৰ্টেলত উপলব্ধ হ'ব। এপ আৰু পৰ্টেলটো ফেব্ৰুৱাৰীৰ মাজভাগত মুকলি কৰা হ’ব।

এতিয়ালৈকে লাভ কৰা  বাতৰি অনুসৰি ধৰ্মীয়, ঐতিহাসিক আৰু পৰ্যটনৰ গুৰুত্বৰ ওপৰত আধাৰিত  ৩০  খন চহৰ বাছনি কৰা হৈছে। পৰৱৰ্তী দুবছৰত তালিকাখনত অধিক চহৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। চিনাক্ত কৰা চহৰবোৰ হৈছে অযোধ্যা, কাংৰা, ওমকাৰেশ্বৰ, উজ্জয়িনী, সোমনাথ, পৱাগড়, ত্ৰিম্বকেশ্বৰ, বোধগয়া, গুৱাহাটী আৰু মাদুৰাই। বিজয়ৱাড়া, কেৱাদিয়া, শ্ৰীনগৰ, নামচাই, কুশীনগৰ, চাঞ্চি, খাজুৰাহো, জয়ছলমেৰ, তিৰুৱন্তপুৰম, পুডুচেৰী, অমৃতসৰ, উদয়পুৰ, কটক, ইন্দোৰ, চিমলা আৰু তেজপুৰ পৰ্যটনৰ বাবে বিখ্যাত চহৰসমূহতো একে পদক্ষেপেই গ্ৰহণ কৰা হ’ব।   নিৰ্বাচিত ৩০ খন চহৰৰ ভিতৰত ২৫ খন চহৰৰ বাবে   ইতিমধ্যে কাৰ্য পৰিকল্পনা যুগুত  কৰা হৈছে।জৰীপৰ প্ৰাথমিক পৰ্যায়টো কোজিকোড, বিজয়ৱাড়া, মাদুৰাই আৰু মাইচুৰুত সম্পূৰ্ণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement