--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন অপৰাজেয় ব্যক্তি!জীৱনৰ গৰিষ্ঠসংখ্যক সময় নিৰ্বাচনী ৰাজনীতিত জয়ৰ মুখ নেদেখা স্বত্বেও এইজন ব্যক্তি হাৰি যোৱা নাই৷জীৱনত সন্মুখীন হোৱা পৰাজয়ৰ মাজতো তেওঁ বিচাৰি লৈছে এক অনবদ্য সোৱাদ৷ব্যক্তিজনৰ নাম তীতৰ সিং৷ৰাজস্থানৰ তীতৰ সিঙে ১৯৭০ চনৰ পৰা প্ৰতিটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। কেতিয়াও জয়ী নোহোৱাৰ পাছতো ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পুনৰবাৰ মনোনয়ন দাখিল কৰিছে।

২৫ নৱেম্বৰত হ’বলগীয়া বিধানসভা নিৰ্বাচনত পুনৰ অৱতীৰ্ণ হ’বলৈ সাজু হৈছে ৭৮ বছৰীয়া এমজিএনআৰইজিএছৰ কৰ্মচাৰীজন৷কৰণপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুঁজিছে সিঙে, আৰু ইতিমধ্যে এই আসনৰ পৰা মনোনয়ন দাখিল কৰিছে।

৫০ বছৰত ২০টা নিৰ্বাচনত যুঁজি পৰাস্ত হোৱাৰ পাছতো তেওঁক পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কিহে প্ৰেৰণা দিছে সেই সম্পৰ্কে সোধাত তীতৰ সিঙে যোগাত্মক উত্তৰ দিয়ে৷এতিয়ালৈকে প্ৰায় ২০টা নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতো কিয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি সোধাত সিঙে উত্তৰ দিলে, ‘মই কিয় যুঁজিব নোৱাৰো নেকি?’

তেওঁ সংবাদ সংস্থা পিটিআইক জনায় যে তেওঁ জনপ্ৰিয়তা বা অভিলেখৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।“ নিজৰ অধিকাৰ লাভৰ অস্ত্ৰ,আৰু বয়সৰ লগে লগে এই অধিকাৰ ম্লান হোৱা নাই বুলি সিঙে দাবী কৰে।পঞ্চায়তৰ পৰা লোকসভা নিৰ্বাচনলৈকে প্ৰতিটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিও প্ৰতিবাৰেই পৰাজয়ৰ সন্মুখীন হোৱা বুলি বৰ্ষীয়ান ব্যক্তিজনে উল্লেখ কৰে।তেওঁ লগতে কয় যে একে আবেগ আৰু উৎসাহেৰে পুনৰবাৰ সাজু হৈছে আৰু চলিত মাহৰ শেষৰ ফালে বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে।

দলিত সমাজৰ সদস্য সিং ৰাজস্থানৰ ‘২৫ এফ’ গাঁৱৰ বাসিন্দা৷ চৰকাৰী ভূমি আবণ্টনৰ পৰা বঞ্চিত হোৱা অনুভৱ কৰি তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয়।তীতৰ সিঙে দাবী যে চৰকাৰে ভূমিহীন আৰু দৰিদ্ৰ শ্ৰমিকক মাটি আবণ্টন দিব লাগে আৰু ইয়াৰ লগে লগে প্ৰতিবাৰেই সুযোগ আহিলেই তেওঁ নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে।

সিঙে পিটিআইক জনাইছে যে তেওঁৰ তিনিগৰাকী কন্যা আৰু দুজন পুত্ৰ আছে আৰু আনকি তেওঁৰ নাতি-নাতিনীয়েও বিয়া পাতিছে। সিঙে লগতে কয় যে তেওঁৰ হাতত জমা মূলধন হিচাপে ২৫০০ টকা নগদ ধন আছে যদিও মাটি, সম্পত্তি বা বাহন নাই।সাধাৰণ দিনত তেওঁ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি (MGNREGA)ৰ অধীনত দৈনিক মজুৰি শ্ৰমিক হিচাপে কাম কৰে যদিও নিৰ্বাচন অহাৰ লগে লগে তেওঁ নিজৰ বাবে প্ৰচাৰ চলোৱাৰ দিশত গুৰুত্ব আৰোপ কৰে।কিন্তু ফলাফল কেতিয়াও তেওঁৰ পক্ষত হোৱা নাই আৰু প্ৰতিবাৰেই তেওঁ জমা ধন হেৰুৱাইছে।

উল্লেখ্য যে, ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত সিঙে ৬৫৩ টা, ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত ৪২৭ টা ভোট, ২০০৮ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনত ৯৩৮ টা ভোট লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ