--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তিত জীৱনশৈলী আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে ডায়েবেটিছ এক ভয়াৱহ ৰোগত পৰিণত হৈছে। যদি কাৰোবাৰ ছুগাৰৰ মাত্ৰা বৃদ্ধি হৈছে, তেন্তে তেওঁ নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি আৰু ঔষধ বা ইনচুলিনৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰে। 

কিন্তু আপুনি জানেনে যে ছুগাৰৰ মাত্ৰা বৃদ্ধি যিমানেই গুৰুতৰ, তেজৰ ছুগাৰৰ মাত্ৰা হ্ৰাস পোৱাটোও সমানেই বিপদজনক। তেজৰ ছুগাৰৰ পৰিমাণ কম হ’লে হাইপ’গ্লাইচেমিয়া বোলা হয়। যদিও এই সমস্যা যিকোনো ব্যক্তিৰ লগত হ’ব পাৰে, কিন্তু যদি আপোনাৰ ইয়াৰ বিষয়ে সঠিক তথ্য থাকে, তেন্তে লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসা ল’ব পাৰে। 

তেজত ছুগাৰৰ পৰিমাণ কম হোৱাৰ লক্ষণ

মূৰৰ বিষ হয়।
গাৰ কঁপনি, মূৰ ঘূৰোৱা, ভোক, বিভ্ৰান্তি, খিংখিঙীয়া, হৃদস্পন্দন বৃদ্ধি আদিও কম ছুগাৰৰ লক্ষণ।
ঠাণ্ডা অনুভৱ
ছাল হালধীয়া হোৱা, ঘাম ওলোৱা আৰু দুৰ্বলতা
এই লক্ষণসমূহক আওকাণ কৰিলে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ’ব পাৰে।
তেজৰ ছুগাৰৰ পৰিমাণ কম হ’লে সময়মতে চিকিৎসা নকৰিলে ক’মালৈ যোৱাৰ আশংকা থাকে।

ছুগাৰ কিয় কম হয়?

বহু কাৰণত তেজৰ ছুগাৰৰ পৰিমাণ কম হ’ব পাৰে।
ঔষধ আৰু ইনচুলিন বেজীৰ অত্যধিক ব্যৱহাৰে ছুগাৰৰ মাত্ৰা হ্ৰাস কৰিব পাৰে।
ডায়েবেটিছ ৰোগীয়ে যদি খাদ্য এৰি দিয়ে বা কমকৈ খায় তেন্তে তেওঁলোকৰ তেজৰ ছুগাৰৰ পৰিমাণ কম হ’ব পাৰে।

তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শ

১) চিকিৎসকৰ পৰামৰ্শ মতে প্ৰতিদিনে ব্লাড চুগাৰ পৰীক্ষা কৰক।
২) ঘৰৰ পৰা ওলোৱাৰ আগতে ব্ৰেকফাষ্ট কৰক।
৩) তেজত ছুগাৰ কম হ’লে কাৰ্বহাইড্ৰেট সমৃদ্ধ জলপান খাব লাগে।
৪) যদি তেজৰ চেনি কম হয় তেন্তে ইয়াক বৃদ্ধি কৰিবলৈ মিঠাই বা চকলেট খুৱাব নালাগে। চেনি, গুড়, গ্লুক’জ পাউদাৰ সেৱন কৰক।
৫) আধা কাপ ফলৰ ৰস খাব পাৰে।
৬) ORS সেৱন কৰিলে তেজৰ ছুগাৰ মাত্ৰা ঠিকে থাকে।
৭) গাখীৰ একাপ খাব লাগে। 
৮) এচামুচ মৌও খাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক