--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তিত জীৱনশৈলী আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে ডায়েবেটিছ এক ভয়াৱহ ৰোগত পৰিণত হৈছে। যদি কাৰোবাৰ ছুগাৰৰ মাত্ৰা বৃদ্ধি হৈছে, তেন্তে তেওঁ নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি আৰু ঔষধ বা ইনচুলিনৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰে। 

কিন্তু আপুনি জানেনে যে ছুগাৰৰ মাত্ৰা বৃদ্ধি যিমানেই গুৰুতৰ, তেজৰ ছুগাৰৰ মাত্ৰা হ্ৰাস পোৱাটোও সমানেই বিপদজনক। তেজৰ ছুগাৰৰ পৰিমাণ কম হ’লে হাইপ’গ্লাইচেমিয়া বোলা হয়। যদিও এই সমস্যা যিকোনো ব্যক্তিৰ লগত হ’ব পাৰে, কিন্তু যদি আপোনাৰ ইয়াৰ বিষয়ে সঠিক তথ্য থাকে, তেন্তে লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসা ল’ব পাৰে। 

তেজত ছুগাৰৰ পৰিমাণ কম হোৱাৰ লক্ষণ

মূৰৰ বিষ হয়।
গাৰ কঁপনি, মূৰ ঘূৰোৱা, ভোক, বিভ্ৰান্তি, খিংখিঙীয়া, হৃদস্পন্দন বৃদ্ধি আদিও কম ছুগাৰৰ লক্ষণ।
ঠাণ্ডা অনুভৱ
ছাল হালধীয়া হোৱা, ঘাম ওলোৱা আৰু দুৰ্বলতা
এই লক্ষণসমূহক আওকাণ কৰিলে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ’ব পাৰে।
তেজৰ ছুগাৰৰ পৰিমাণ কম হ’লে সময়মতে চিকিৎসা নকৰিলে ক’মালৈ যোৱাৰ আশংকা থাকে।

ছুগাৰ কিয় কম হয়?

বহু কাৰণত তেজৰ ছুগাৰৰ পৰিমাণ কম হ’ব পাৰে।
ঔষধ আৰু ইনচুলিন বেজীৰ অত্যধিক ব্যৱহাৰে ছুগাৰৰ মাত্ৰা হ্ৰাস কৰিব পাৰে।
ডায়েবেটিছ ৰোগীয়ে যদি খাদ্য এৰি দিয়ে বা কমকৈ খায় তেন্তে তেওঁলোকৰ তেজৰ ছুগাৰৰ পৰিমাণ কম হ’ব পাৰে।

তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শ

১) চিকিৎসকৰ পৰামৰ্শ মতে প্ৰতিদিনে ব্লাড চুগাৰ পৰীক্ষা কৰক।
২) ঘৰৰ পৰা ওলোৱাৰ আগতে ব্ৰেকফাষ্ট কৰক।
৩) তেজত ছুগাৰ কম হ’লে কাৰ্বহাইড্ৰেট সমৃদ্ধ জলপান খাব লাগে।
৪) যদি তেজৰ চেনি কম হয় তেন্তে ইয়াক বৃদ্ধি কৰিবলৈ মিঠাই বা চকলেট খুৱাব নালাগে। চেনি, গুড়, গ্লুক’জ পাউদাৰ সেৱন কৰক।
৫) আধা কাপ ফলৰ ৰস খাব পাৰে।
৬) ORS সেৱন কৰিলে তেজৰ ছুগাৰ মাত্ৰা ঠিকে থাকে।
৭) গাখীৰ একাপ খাব লাগে। 
৮) এচামুচ মৌও খাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন