--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ আৰু কন্যাৰ মাজৰ সম্পৰ্ক অতি মধুৰ। পিতৃৰ হৃদয়ত কন্যাৰ প্ৰতি আছুতীয়াকৈ মৰম থাকে বুলি বিশ্বাস কৰা হয়। আপুনি নিশ্চয় ভাবিছে যে আমি হঠাতে এই বিষয়ে কিয় কৈছো? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে যিটো চাই আপুনিও নিশ্চয়কৈ ক’ব সঁচাই পিতৃ-কন্যাৰ সম্পৰ্ক অতুলনীয়। 

ভিডিঅ’টো চাই বুজিব পাৰি যে পিতৃগৰাকীয়ে ছুইগিত চাকৰি পাইছে আৰু সেই আনন্দতে তেওঁৰ কন্যা জপিয়াই উঠিছে। দেউতাকৰ নতুন চাকৰি পোৱাৰ আনন্দ উদযাপন কৰা এগৰাকী সৰু ছোৱালীৰ এটা সৰু ভিডিঅ’ ক্লিপে সকলোৰে অন্তৰ জয় কৰিছে। এই ভিডিঅ’টো চাই নিশ্চয় আপুনিও আৱেগিক হৈ পৰিব। 

বৰ্তমান ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল পূজা অৱন্তিকা নামৰ এগৰাকী ইউজাৰে। হৃদয়স্পৰ্শী ক্লিপটোত এগৰাকী কণমানি ছোৱালীয়ে চকু দুটা ঢাকি থিয় হৈ থকা দেখা যায়। হাতত ছুইগিৰ ট্ৰেডমাৰ্ক থকা টি-চাৰ্ট লৈ পিতৃ তাইৰ সন্মুখত থিয় হৈ আছিল। ছোৱালীজনীয়ে চকু দুটা মেলি বুজি পালে দেউতাকে ছুইগিত নতুন চাকৰি এটা পাইছে। তাই আনন্দত জপিয়াই উঠিবলৈ ধৰিলে আৰু দেউতাকক আৱেগেৰে সাৱটি ধৰিলে। 

চাওক ভিডিঅ



পোষ্টটোৰ কেপচনত লিখা আছিল "Appa's new job," (দেউতাৰ নতুন চাকৰি)

অনলাইনত শ্বেয়াৰ কৰাৰ পিছতে এই ভিডিঅ’টোৱে ভাইৰেল হৈ পৰে। ছোৱালীজনীৰ প্ৰতিক্ৰিয়া চাই নেটিজেনসকলে আপ্লুত হৈ কমেণ্ট ছেকচনত নিজৰ মৰম প্ৰকাশ কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক