--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ আৰু কন্যাৰ মাজৰ সম্পৰ্ক অতি মধুৰ। পিতৃৰ হৃদয়ত কন্যাৰ প্ৰতি আছুতীয়াকৈ মৰম থাকে বুলি বিশ্বাস কৰা হয়। আপুনি নিশ্চয় ভাবিছে যে আমি হঠাতে এই বিষয়ে কিয় কৈছো? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে যিটো চাই আপুনিও নিশ্চয়কৈ ক’ব সঁচাই পিতৃ-কন্যাৰ সম্পৰ্ক অতুলনীয়। 

ভিডিঅ’টো চাই বুজিব পাৰি যে পিতৃগৰাকীয়ে ছুইগিত চাকৰি পাইছে আৰু সেই আনন্দতে তেওঁৰ কন্যা জপিয়াই উঠিছে। দেউতাকৰ নতুন চাকৰি পোৱাৰ আনন্দ উদযাপন কৰা এগৰাকী সৰু ছোৱালীৰ এটা সৰু ভিডিঅ’ ক্লিপে সকলোৰে অন্তৰ জয় কৰিছে। এই ভিডিঅ’টো চাই নিশ্চয় আপুনিও আৱেগিক হৈ পৰিব। 

বৰ্তমান ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল পূজা অৱন্তিকা নামৰ এগৰাকী ইউজাৰে। হৃদয়স্পৰ্শী ক্লিপটোত এগৰাকী কণমানি ছোৱালীয়ে চকু দুটা ঢাকি থিয় হৈ থকা দেখা যায়। হাতত ছুইগিৰ ট্ৰেডমাৰ্ক থকা টি-চাৰ্ট লৈ পিতৃ তাইৰ সন্মুখত থিয় হৈ আছিল। ছোৱালীজনীয়ে চকু দুটা মেলি বুজি পালে দেউতাকে ছুইগিত নতুন চাকৰি এটা পাইছে। তাই আনন্দত জপিয়াই উঠিবলৈ ধৰিলে আৰু দেউতাকক আৱেগেৰে সাৱটি ধৰিলে। 

চাওক ভিডিঅ’



পোষ্টটোৰ কেপচনত লিখা আছিল "Appa's new job," (দেউতাৰ নতুন চাকৰি)

অনলাইনত শ্বেয়াৰ কৰাৰ পিছতে এই ভিডিঅ’টোৱে ভাইৰেল হৈ পৰে। ছোৱালীজনীৰ প্ৰতিক্ৰিয়া চাই নেটিজেনসকলে আপ্লুত হৈ কমেণ্ট ছেকচনত নিজৰ মৰম প্ৰকাশ কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু