--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীক বঞ্চিত কৰা হৈছে। অতি সোনকালে তেওঁক আইচিচিলৈ পঠাওক।– প্ৰধানমন্ত্ৰীলৈ এইদৰে এখনি পত্ৰৰ যোগেৰে নিজৰ ক্ষোভ উজাৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

বেনাৰ্জীয়ে অভিযোগ কৰে যে গাংগুলীক বিচিচিআইৰ সভাপতি পদৰ পৰা অন্যায়ভাৱে বাদ দিয়া দিয়া হৈছে। ইয়াক দুখজনক বুলি তেওঁ অভিহিত কৰে।

 “তেওঁক বঞ্চনা কৰা হৈছে। কিন্তু কিয়? তেওঁৰ কি দোষ? সকলোৱে এই বিষয়ে জানে।”- মমতাই সাংবাদিকৰ আগত এইদৰে কয়- “তেওঁ (গাংগুলী) এজন জনপ্ৰিয় ব্যক্তি। সেইবাবেই তেওঁক বঞ্চনা কৰা হৈছে নেকি? মই হতচকিত হৈছো।”

“মই প্ৰধানমন্ত্ৰীক অনুৰোধ কৰো যাতে গাংগুলীক আইচিচিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুমতি প্ৰদান কৰে।”- মমতাই কয়।

 “মই চৰকাৰক অনুৰোধ কৰো যাতে বিষয়টো ৰাজনৈতিকভাৱে নলয়।”- মমতাই কয়- “গাংগুলী কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। ক্ৰিকেটৰ বাবে এটা সিদ্ধান্ত লোৱা হওক।”

উল্লেখ্য যে আইচিচিৰ চেয়াৰমেনৰ পদবীৰ নিৰ্বাচনৰ বাবে ২০ অক্টোবৰত মনোনয়ন দিব লাগিব। গাংগুলীয়ে এই নিৰ্বাচনত অংশ ল’বলৈ বিচিচিআইৰ অনুমতি লাগিব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক