--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীক বঞ্চিত কৰা হৈছে। অতি সোনকালে তেওঁক আইচিচিলৈ পঠাওক।– প্ৰধানমন্ত্ৰীলৈ এইদৰে এখনি পত্ৰৰ যোগেৰে নিজৰ ক্ষোভ উজাৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

বেনাৰ্জীয়ে অভিযোগ কৰে যে গাংগুলীক বিচিচিআইৰ সভাপতি পদৰ পৰা অন্যায়ভাৱে বাদ দিয়া দিয়া হৈছে। ইয়াক দুখজনক বুলি তেওঁ অভিহিত কৰে।

 “তেওঁক বঞ্চনা কৰা হৈছে। কিন্তু কিয়? তেওঁৰ কি দোষ? সকলোৱে এই বিষয়ে জানে।”- মমতাই সাংবাদিকৰ আগত এইদৰে কয়- “তেওঁ (গাংগুলী) এজন জনপ্ৰিয় ব্যক্তি। সেইবাবেই তেওঁক বঞ্চনা কৰা হৈছে নেকি? মই হতচকিত হৈছো।”

“মই প্ৰধানমন্ত্ৰীক অনুৰোধ কৰো যাতে গাংগুলীক আইচিচিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুমতি প্ৰদান কৰে।”- মমতাই কয়।

 “মই চৰকাৰক অনুৰোধ কৰো যাতে বিষয়টো ৰাজনৈতিকভাৱে নলয়।”- মমতাই কয়- “গাংগুলী কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। ক্ৰিকেটৰ বাবে এটা সিদ্ধান্ত লোৱা হওক।”

উল্লেখ্য যে আইচিচিৰ চেয়াৰমেনৰ পদবীৰ নিৰ্বাচনৰ বাবে ২০ অক্টোবৰত মনোনয়ন দিব লাগিব। গাংগুলীয়ে এই নিৰ্বাচনত অংশ ল’বলৈ বিচিচিআইৰ অনুমতি লাগিব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু