--°C
Loading...
Listen to Article
2 min read
80%

প্ৰতিৰক্ষা বাজেট বৃদ্ধি চীন চৰকাৰৰ

ডিজিটেল ডেস্ক : বিশ্বৰ ছুপাৰ পাৱাৰ হ’বলৈ গৈ আছে চীন! দেশখনে ইয়াৰ প্ৰতিৰক্ষা বিভাগত সকলোতকৈ বেছি গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। কেৱল এয়াই নহয়, ক’ভিড মহামাৰীত সমগ্ৰ বিশ্ব বিধ্বস্ত হৈ যোৱাৰ সময়তো চীনে অৰ্থনীতিৰ জখলাডালৰ আৰোহণ কৰিয়েই থাকিল। যাৰ ফলস্বৰূপে অৰ্থনৈতিক দিশতো অপ্ৰতিৰোধ্য চীনে প্ৰথমস্থান দখন কৰিবলৈ সমৰ্থ হ’ল। ইণ্ডো-পেছিফিক অঞ্চলত চীনৰ সামৰিক-অনুশীলন বৃদ্ধিৰ মাজতে পুনৰ চীনৰ প্ৰতিৰক্ষাত বৃহৎ সংযোজন। চীনে শনিবাৰে ইয়াৰ প্ৰতিৰক্ষা বাজেট বিগত বছৰৰ ২০৯ বিলিয়ন ডলাৰৰ পৰা ৭.১ শতাংশ বৃদ্ধি কৰি ২৩০ বিলিয়ন ডলাৰ কৰাৰ প্ৰস্তাৱ দিছিল। এতিয়া ইয়াৰ প্ৰতিৰক্ষা বাজেট ভাৰতৰ তিনিগুণলৈ বৃদ্ধি হ’ল। প্ৰধানমন্ত্ৰী লি কেকিয়াঙে শনিবাৰে চীনৰ সংসদৰ ৰাষ্ট্ৰীয় গণ কংগ্ৰেছত(এনপিচি) উপস্থাপন কৰা এখন খচৰা বাজেট উত্থাপন কৰি চীন চৰকাৰে ২০২২ বিত্তীয় বৰ্ষৰ বাবে ১,৪৫০ বিলিয়ন ইউয়ানৰ প্ৰতিৰক্ষা বাজেটৰ প্ৰস্তাৱ দিছে। এয়া বিগত বছৰৰ তুলনাত ৭.১ শতাংশ অধিক। চীনৰ প্ৰধানমন্ত্ৰীয়ে সংসদত উপস্থাপন কৰা তেওঁৰ প্ৰতিবেদনত পিপলছ লিবাৰেচন আৰ্মী(পিএলএ)ৰ যুদ্ধৰ প্ৰস্তুতিক বৃহৎ পৰিমাণে শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে পিএলএ-এ দৃঢ় আৰু নমনীয়ভাৱে সামৰিক সংঘৰ্ষ কৰিব লাগিব৷ প্ৰতিৰক্ষা বাজেটৰ উপৰি, চীনৰ আভ্যন্তৰীণ সুৰক্ষা বাজেট পৃথক। যি প্ৰায়ে প্ৰতিৰক্ষা ব্যয়তকৈ অধিক হয়। চীনে ২০২১ বিত্তীয় বৰ্ষত ইয়াৰ প্ৰতিৰক্ষা বাজেট ৬.৮ শতাংশ বৃদ্ধি কৰিছিল, যাৰ ফলত ইয়াৰ মুঠ প্ৰতিৰক্ষা বাজেট ২০৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছিল। ২০১২ চনত ৰাষ্ট্ৰপতি জি জিনপিং শাসনলৈ অহাৰ পাছত বিগত কেইবছৰমানত প্ৰতিৰক্ষা ব্যয় বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু