--°C
Loading...
Listen to Article
2 min read
80%

প্ৰতিৰক্ষা বাজেট বৃদ্ধি চীন চৰকাৰৰ

ডিজিটেল ডেস্ক : বিশ্বৰ ছুপাৰ পাৱাৰ হ’বলৈ গৈ আছে চীন! দেশখনে ইয়াৰ প্ৰতিৰক্ষা বিভাগত সকলোতকৈ বেছি গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। কেৱল এয়াই নহয়, ক’ভিড মহামাৰীত সমগ্ৰ বিশ্ব বিধ্বস্ত হৈ যোৱাৰ সময়তো চীনে অৰ্থনীতিৰ জখলাডালৰ আৰোহণ কৰিয়েই থাকিল। যাৰ ফলস্বৰূপে অৰ্থনৈতিক দিশতো অপ্ৰতিৰোধ্য চীনে প্ৰথমস্থান দখন কৰিবলৈ সমৰ্থ হ’ল। ইণ্ডো-পেছিফিক অঞ্চলত চীনৰ সামৰিক-অনুশীলন বৃদ্ধিৰ মাজতে পুনৰ চীনৰ প্ৰতিৰক্ষাত বৃহৎ সংযোজন। চীনে শনিবাৰে ইয়াৰ প্ৰতিৰক্ষা বাজেট বিগত বছৰৰ ২০৯ বিলিয়ন ডলাৰৰ পৰা ৭.১ শতাংশ বৃদ্ধি কৰি ২৩০ বিলিয়ন ডলাৰ কৰাৰ প্ৰস্তাৱ দিছিল। এতিয়া ইয়াৰ প্ৰতিৰক্ষা বাজেট ভাৰতৰ তিনিগুণলৈ বৃদ্ধি হ’ল। প্ৰধানমন্ত্ৰী লি কেকিয়াঙে শনিবাৰে চীনৰ সংসদৰ ৰাষ্ট্ৰীয় গণ কংগ্ৰেছত(এনপিচি) উপস্থাপন কৰা এখন খচৰা বাজেট উত্থাপন কৰি চীন চৰকাৰে ২০২২ বিত্তীয় বৰ্ষৰ বাবে ১,৪৫০ বিলিয়ন ইউয়ানৰ প্ৰতিৰক্ষা বাজেটৰ প্ৰস্তাৱ দিছে। এয়া বিগত বছৰৰ তুলনাত ৭.১ শতাংশ অধিক। চীনৰ প্ৰধানমন্ত্ৰীয়ে সংসদত উপস্থাপন কৰা তেওঁৰ প্ৰতিবেদনত পিপলছ লিবাৰেচন আৰ্মী(পিএলএ)ৰ যুদ্ধৰ প্ৰস্তুতিক বৃহৎ পৰিমাণে শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে পিএলএ-এ দৃঢ় আৰু নমনীয়ভাৱে সামৰিক সংঘৰ্ষ কৰিব লাগিব৷ প্ৰতিৰক্ষা বাজেটৰ উপৰি, চীনৰ আভ্যন্তৰীণ সুৰক্ষা বাজেট পৃথক। যি প্ৰায়ে প্ৰতিৰক্ষা ব্যয়তকৈ অধিক হয়। চীনে ২০২১ বিত্তীয় বৰ্ষত ইয়াৰ প্ৰতিৰক্ষা বাজেট ৬.৮ শতাংশ বৃদ্ধি কৰিছিল, যাৰ ফলত ইয়াৰ মুঠ প্ৰতিৰক্ষা বাজেট ২০৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছিল। ২০১২ চনত ৰাষ্ট্ৰপতি জি জিনপিং শাসনলৈ অহাৰ পাছত বিগত কেইবছৰমানত প্ৰতিৰক্ষা ব্যয় বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু