--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই আৰক্ষী বিভাগত যোগদান কৰাটো এটা ডাঙৰ কথা। ভাৰতবৰ্ষত নাৰী সবলীকৰণৰ কথা সদায় চৰ্চা চলি থাকে, আৰু তাৰমাজতে ইউনিফৰ্ম পিন্ধা কোনো মহিলাক দেখিলেই গৌৰৱেৰে বুকুখন ফুলি উঠে। বৰ্তমান সময়ত এগৰাকী মহিলা আৰক্ষী বিষয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নেটিজেনসকলে তেওঁক বহুত প্ৰশংসা কৰিছে। 

ছিকিমৰ বাসিন্দা এগৰাকী মহিলা আৰক্ষীৰ বিষয়াৰ নাম একশা হাংমা চুব্বা ওৰফে একশা কেৰুং। তেওঁৰ বয়স মাত্ৰ ২১ বছৰ। একশা কেৱল এগৰাকী আৰক্ষী বিষয়াই নহয়, তেওঁ এগৰাকী ছুপাৰমডেল, বাইকাৰ আৰু বক্সাৰ। ছিকিমৰ ৰুম্বুক গাঁৱৰ বাসিন্দা একশাই যুদ্ধ ক্ৰীড়া ভাল পায়। শৈশৱতে তেওঁ গাঁৱৰ বক্সিং ক্লাবৰ পৰা প্ৰশিক্ষণ লৈছিল।
सुपरमॉडल से कम नहीं है ये 21 साल की पुलिस ऑफिसर, बंदूक के साथ पोस्ट करती हैं ऐसी तस्वीरें
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত একশাই কয় যে তেওঁৰ সপোন আৰু আবেগক উৎসাহিত কৰা পিতৃয়েই তেওঁক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছিল। দেউতাকে তেওঁক শাৰীৰিক ফিটনেছৰ বাবে ক্লাছত যোগদান কৰিবলৈ কৈছিল। কেৱল এয়াই নহয়, একশাই ছিকিমকো প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। একশা বাইক চলোৱাৰ প্ৰতিও অতি আকৰ্ষিত আৰু ককায়েকে তেওঁক বাইক চলাবলৈ শিকাইছিল। 

২০১৯ চনত একশা হাংমা চুব্বাই ছিকিম পুলিচত চাকৰি লাভ কৰে। একশাই লগতে কয় যে এখন সৰু ৰাজ্য হোৱাৰ বাবে ছিকিমত চৰকাৰী চাকৰিক বহুত গুৰুত্ব দিয়া হয়।

বৰ্তমান একশাই তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য। ষ্টেট ৰিজাৰ্ভ লাইনলৈ বদলি হোৱাৰ পূৰ্বে এই চাকৰিৰ বাবে ১৪ মাহৰ অনুশাসন প্ৰশিক্ষণ ল’বলগীয়া হৈছিল। কওঁ যে তেওঁ এমটিভি ছুপাৰমডেল অৱ দ্য ইয়েৰৰ বাবেও স্বীকৃতি লাভ কৰিছে। একশাই বিভাগৰ সহকৰ্মী আৰু চিনিয়ৰসকলৰ সমৰ্থন লাভ কৰাৰ লগতে আন প্ৰতিযোগিতালৈও যায়। 

একশাই কয়, ‘আগতে মই ভাবিছিলোঁ, নিজকে প্ৰশ্ন কৰিছিলো তুমি কি কৰি আছা একশা? কিন্তু এতিয়া মই নিজকে বৰ ভাগ্যৱান বুলি ভাবো। মহিলা পুলিচ হিচাপে মানুহে মোক বহুত ভাল পায় আৰু মোক মানুহে মডেল হিচাপেও আদৰি লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু