--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই আৰক্ষী বিভাগত যোগদান কৰাটো এটা ডাঙৰ কথা। ভাৰতবৰ্ষত নাৰী সবলীকৰণৰ কথা সদায় চৰ্চা চলি থাকে, আৰু তাৰমাজতে ইউনিফৰ্ম পিন্ধা কোনো মহিলাক দেখিলেই গৌৰৱেৰে বুকুখন ফুলি উঠে। বৰ্তমান সময়ত এগৰাকী মহিলা আৰক্ষী বিষয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নেটিজেনসকলে তেওঁক বহুত প্ৰশংসা কৰিছে। 

ছিকিমৰ বাসিন্দা এগৰাকী মহিলা আৰক্ষীৰ বিষয়াৰ নাম একশা হাংমা চুব্বা ওৰফে একশা কেৰুং। তেওঁৰ বয়স মাত্ৰ ২১ বছৰ। একশা কেৱল এগৰাকী আৰক্ষী বিষয়াই নহয়, তেওঁ এগৰাকী ছুপাৰমডেল, বাইকাৰ আৰু বক্সাৰ। ছিকিমৰ ৰুম্বুক গাঁৱৰ বাসিন্দা একশাই যুদ্ধ ক্ৰীড়া ভাল পায়। শৈশৱতে তেওঁ গাঁৱৰ বক্সিং ক্লাবৰ পৰা প্ৰশিক্ষণ লৈছিল।
सुपरमॉडल से कम नहीं है ये 21 साल की पुलिस ऑफिसर, बंदूक के साथ पोस्ट करती हैं ऐसी तस्वीरें
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত একশাই কয় যে তেওঁৰ সপোন আৰু আবেগক উৎসাহিত কৰা পিতৃয়েই তেওঁক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছিল। দেউতাকে তেওঁক শাৰীৰিক ফিটনেছৰ বাবে ক্লাছত যোগদান কৰিবলৈ কৈছিল। কেৱল এয়াই নহয়, একশাই ছিকিমকো প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। একশা বাইক চলোৱাৰ প্ৰতিও অতি আকৰ্ষিত আৰু ককায়েকে তেওঁক বাইক চলাবলৈ শিকাইছিল। 

২০১৯ চনত একশা হাংমা চুব্বাই ছিকিম পুলিচত চাকৰি লাভ কৰে। একশাই লগতে কয় যে এখন সৰু ৰাজ্য হোৱাৰ বাবে ছিকিমত চৰকাৰী চাকৰিক বহুত গুৰুত্ব দিয়া হয়।

বৰ্তমান একশাই তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য। ষ্টেট ৰিজাৰ্ভ লাইনলৈ বদলি হোৱাৰ পূৰ্বে এই চাকৰিৰ বাবে ১৪ মাহৰ অনুশাসন প্ৰশিক্ষণ ল’বলগীয়া হৈছিল। কওঁ যে তেওঁ এমটিভি ছুপাৰমডেল অৱ দ্য ইয়েৰৰ বাবেও স্বীকৃতি লাভ কৰিছে। একশাই বিভাগৰ সহকৰ্মী আৰু চিনিয়ৰসকলৰ সমৰ্থন লাভ কৰাৰ লগতে আন প্ৰতিযোগিতালৈও যায়। 

একশাই কয়, ‘আগতে মই ভাবিছিলোঁ, নিজকে প্ৰশ্ন কৰিছিলো তুমি কি কৰি আছা একশা? কিন্তু এতিয়া মই নিজকে বৰ ভাগ্যৱান বুলি ভাবো। মহিলা পুলিচ হিচাপে মানুহে মোক বহুত ভাল পায় আৰু মোক মানুহে মডেল হিচাপেও আদৰি লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক