--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ সৰবৰাহৰ গোচৰত কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান এতিয়া মুক্ত ৷ আদালতে ড্ৰাগছৰ গোচৰত দোষমুক্ত কৰাৰ পিছতে তেওঁ এতিয়া ঘৰতে সময় অতিবাহিত কৰিছে৷ ঘৰত  এনেয়ে বহি থাকি আমনি লাগিছে শ্বাহৰুখ পুত্ৰৰ৷ সেইবাবে এইবাৰ তেওঁ নিজাকৈ ব্যৱসায় কৰাৰ কথা ভাবিছে৷ সেই মতে তেওঁ কি ব্যৱসায় কৰিব সেয়াও নিৰ্ধাৰণ কৰি লৈছে৷

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ব্যৱসায়িক জগতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তেওঁৰ পিতৃয়েও বিশেষ সঁহাৰি জনাইছে৷ আৰিয়ান খানে  ভাৰতত তেওঁৰ প্ৰথম ভদকা ব্ৰেণ্ড মুকলি কৰি ব্যৱসায়ৰ জগত খনত খোজ পেলাবলৈ মন্স্থ কৰিছে। ইয়াৰ বাবে তেওঁ আৰু তেওঁৰ একাংশ ব্যৱসায়িক অংশীদাৰে  বিশ্বৰ সৰ্ববৃহৎ ভদকা  ব্ৰিউয়িং কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে।

মিণ্টৰ এক  প্ৰতিবেদনত কোৱা হৈছে যে আৰিয়ান খান  আৰু তেওঁৰ দুই অংশীদাৰ - বাণ্টি সিং আৰু লেটি ব্লাগোয়েভাই   প্ৰিমিয়াম ভদকা ব্ৰেণ্ড মুকলি কৰাৰ আৰু পিছলৈ   স্পিৰিট বজাৰত মেলি দিয়াৰ   পৰিকল্পনা কৰিছে। ইয়াৰ বাবে তেওঁলোকে স্লেব ভেঞ্চাৰ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা   কৰিছে৷ এই কোম্পানীটোৱে ভদকাৰ  বিতৰণ আৰু বিপণনৰ উদ্দেশ্যে বিশ্বৰ সৰ্ববৃহৎ ব্ৰেৱাৰ আনহেউজাৰ-বুছ ইনবেভ (এবি ইনবেভ)ৰ  সৈতে চুক্তিবদ্ধ হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু