--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লীৰ নৃশংস শ্ৰদ্ধা হত্যাকাণ্ডই কিছুদিন পূৰ্বে তোলপাৰ লগাইছিল সমগ্ৰ দেশ। এই নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য অদ্যপি মাৰ যোৱা নাই। শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰেই পোহৰলৈ অহা আন এক হত্যাকাণ্ডই সম্প্ৰতি পুনৰ আলোড়নৰ সৃষ্টি কৰিছে।

এইবাৰ এই হত্যাকাণ্ড সংঘটিত হৈছে কৰ্ণাটকত। কৰ্ণাটকৰ বাগালকোটৰ এগৰাকী যুৱকে পিতৃক হত্যা কৰি তেওঁৰ মৃতদেহ কাটি ৩২ টুকুৰা কৰি মুকলি খাদত পেলাই দিয়া বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে যোৱা ৬ ডিচেম্বৰত ২০ বৰ্ষীয় বিঠালাই লোহাৰ ৰড ব্যৱহাৰ কৰি পিতৃ পৰশুৰাম কুলালী (৫৩)ক হত্যা কৰিছিল।

আৰক্ষীৰ মতে, পৰশুৰামৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰ পৃথকে থকাৰ বিপৰীতে কনিষ্ঠ পুত্ৰ বিঠালা পিতৃৰ সৈতে একেলগে আছিল। কিন্তু পৰশুৰামে নিয়মিতভাৱে মদ্যপান কৰি কনিষ্ঠ পুত্ৰ বিঠালাক গালি-গালাজ তথা মানসিক নিৰ্যাতন চলাইছিল।

পিতৃৰ এনে নিয়মীয়া অত্যাচাৰত ক্ষোভিত হৈ পৰিছিল বিঠালা আৰু অৱশেষত যোৱা মঙলবাৰে অতিষ্ঠ হৈ বিঠালাই লোহাৰ ৰড এডালেৰে পিতৃক হত্যা কৰিছিল।

হত্যাকাণ্ডৰ পিছতে বিঠালাই পৰশুৰামৰ মৃতদেহটো ৩২ টুকুৰা কৰি অংশবোৰ বাগালকোট জিলাৰে মন্তুৰ বাইপাছৰ সমীপত অৱস্থিত নিজৰ ফাৰ্মৰ মুকলি খাদত পেলাই দিয়ে।

এই জঘন্য হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বিঠালাক গ্ৰেপ্তাৰ কৰে আৰু নিহত পৰশুৰামৰ মৃতদেহৰ কাটি পেলোৱা অংগসমূহো উদ্ধাৰ কৰে।

আৰ্থমুভাৰ ব্যৱহাৰ কৰি আৰক্ষীয়ে মৃত ব্যক্তিগৰাকীৰ শৰীৰৰ অংগ উদ্ধাৰ কৰে আৰু অভিযুক্ত বিঠালা কুলালিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু