--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ৰাজকীয় বিবাহ৷ সেয়ে  ব্যৱস্থাপনাও  কম নহয়। বিয়াখনৰ  খৰচো আকাশচুম্বী! সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ অনুষ্ঠান ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ।সূৰ্যগড় হোটেলত ছিড-কিয়াৰাৰ বিয়ালৈ আমন্ত্ৰণ জনোৱা অতিথিসকলৰ বাবে  বিশেষ ব্যৱস্থা কৰা হৈছে ৷ আপুনি জানেনে বিয়াখনৰ মূল্য ৰাতিটোৰ বাবে কিমান খৰচ  হ'ব? 

আনুষ্ঠানিকভাবে ৬ ফেব্ৰুৱাৰীত ছিড-কিয়াৰাৰ বিবাহপাশত আবদ্ধ হ’ব৷  অৱশ্যে বিবাহৰ  উৎসৱ ৪  তাৰিখেই  আৰম্ভ হৈছে। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী জয়ছলমেৰৰ সূৰ্যগড় হোটেলত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। যদিও বিয়া খনকলৈ বহু চৰ্চা হৈছে, তথাপি  তেওঁলোকে অতি ব্যক্তিগত পৰিসৰত বিবাহপাশত আৱদ্ধ হ'ব বিচাৰিছে। গতিকে আমন্ত্ৰিতসকলৰ তালিকাত কেৱল ১০০-১২৫  জন লোকৰ নামহে  আছে। তেওঁলোকৰ ভিতৰত পৰিচালক কৰণ জোহৰ আৰু ডিজাইনাৰ  মনীষ মালহোত্ৰাও আছে। কিন্তু আটাইতকৈ আচৰিত হ'বলগীয়া কথাটো হ’ল   সূৰ্যগড় হোটেলৰ  নামটোহে  হোটেল, দৰাচলতে ই এটা প্ৰাসাদৰ দৰে।

 ইয়াত  ইমানেই বেছি অলিগলি আছে যে  এদিনত চাই শেষ কৰিব নোৱাৰি৷  অতিথিসকলৰ বাবে চিড-কিয়াৰাৰ বিয়াত থকাৰ ব্যৱস্থাও কৰা হৈছে ৷ বিয়াত  এটা ৰাতিৰ বাবে কিমান খৰচ হ'ব?বিয়াৰ কেইদিনমানৰ বাবে  চুইট আৰু হাভেলিত একেলগে এটা ৰাতিত কেইকোটি মান টকা ভাড়া হিচাবে আদায় দিব লাগিব। কাৰণ,সূৰ্যগড়ৰ আটাইতকৈ সস্তা ঘৰটোৰ ভাড়াই  হৈছে এৰাতিত ২০ হাজাৰ টকা।  আনহাতে, চুইট আৰু হাভেলিৰ প্ৰতিটোৰ মূল্য হ'ব ১,১০,০০০ টকা।সেয়ে বিয়াত কেৱল অতিথি থকাৰ বাবেই কেইবা কোটি টকা খৰচ পৰিব৷ অতিথিসকলে ভ্ৰমণ কৰিবলৈ ৭০ খন বিলাসী গাড়ীও থাকিব। ইয়াৰ ভিতৰত আছে মাৰ্চিডিজ, জাগুয়াৰ, বিএমডব্লিউ ইত্যাদি। যোধপুৰৰ বিমানবন্দৰৰ পৰা অতিথিসকলক বিয়াৰ স্থানলৈ লৈ যোৱাৰ বাবে এই গাড়ীবোৰ  মজুত ৰখা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক