--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ৰাজকীয় বিবাহ৷ সেয়ে  ব্যৱস্থাপনাও  কম নহয়। বিয়াখনৰ  খৰচো আকাশচুম্বী! সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ অনুষ্ঠান ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ।সূৰ্যগড় হোটেলত ছিড-কিয়াৰাৰ বিয়ালৈ আমন্ত্ৰণ জনোৱা অতিথিসকলৰ বাবে  বিশেষ ব্যৱস্থা কৰা হৈছে ৷ আপুনি জানেনে বিয়াখনৰ মূল্য ৰাতিটোৰ বাবে কিমান খৰচ  হ'ব? 

আনুষ্ঠানিকভাবে ৬ ফেব্ৰুৱাৰীত ছিড-কিয়াৰাৰ বিবাহপাশত আবদ্ধ হ’ব৷  অৱশ্যে বিবাহৰ  উৎসৱ ৪  তাৰিখেই  আৰম্ভ হৈছে। সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী জয়ছলমেৰৰ সূৰ্যগড় হোটেলত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। যদিও বিয়া খনকলৈ বহু চৰ্চা হৈছে, তথাপি  তেওঁলোকে অতি ব্যক্তিগত পৰিসৰত বিবাহপাশত আৱদ্ধ হ'ব বিচাৰিছে। গতিকে আমন্ত্ৰিতসকলৰ তালিকাত কেৱল ১০০-১২৫  জন লোকৰ নামহে  আছে। তেওঁলোকৰ ভিতৰত পৰিচালক কৰণ জোহৰ আৰু ডিজাইনাৰ  মনীষ মালহোত্ৰাও আছে। কিন্তু আটাইতকৈ আচৰিত হ'বলগীয়া কথাটো হ’ল   সূৰ্যগড় হোটেলৰ  নামটোহে  হোটেল, দৰাচলতে ই এটা প্ৰাসাদৰ দৰে।

 ইয়াত  ইমানেই বেছি অলিগলি আছে যে  এদিনত চাই শেষ কৰিব নোৱাৰি৷  অতিথিসকলৰ বাবে চিড-কিয়াৰাৰ বিয়াত থকাৰ ব্যৱস্থাও কৰা হৈছে ৷ বিয়াত  এটা ৰাতিৰ বাবে কিমান খৰচ হ'ব?বিয়াৰ কেইদিনমানৰ বাবে  চুইট আৰু হাভেলিত একেলগে এটা ৰাতিত কেইকোটি মান টকা ভাড়া হিচাবে আদায় দিব লাগিব। কাৰণ,সূৰ্যগড়ৰ আটাইতকৈ সস্তা ঘৰটোৰ ভাড়াই  হৈছে এৰাতিত ২০ হাজাৰ টকা।  আনহাতে, চুইট আৰু হাভেলিৰ প্ৰতিটোৰ মূল্য হ'ব ১,১০,০০০ টকা।সেয়ে বিয়াত কেৱল অতিথি থকাৰ বাবেই কেইবা কোটি টকা খৰচ পৰিব৷ অতিথিসকলে ভ্ৰমণ কৰিবলৈ ৭০ খন বিলাসী গাড়ীও থাকিব। ইয়াৰ ভিতৰত আছে মাৰ্চিডিজ, জাগুয়াৰ, বিএমডব্লিউ ইত্যাদি। যোধপুৰৰ বিমানবন্দৰৰ পৰা অতিথিসকলক বিয়াৰ স্থানলৈ লৈ যোৱাৰ বাবে এই গাড়ীবোৰ  মজুত ৰখা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু