--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এটা দশকত দেশৰ ৭১  জন সাংসদৰ সম্পত্তি  বৃদ্ধি পাইছে ২৮৬  শতাংশ৷ এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, বিজেপিৰ তিনিজন সাংসদ তালিকাৰ শীৰ্ষ তিনিটা স্থানত আছে।এইসকল সাংসদ  ২০০৯ চনৰ পৰা ২০১৯ চনলৈ তিনিটা  লোকসভা নিৰ্বাচনত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত হৈছিল। 

এই তালিকাত মুঠ ৭১ জন সাংসদ আছে। এটা দশকত তেওঁলোকৰ মুঠ সম্পদ গড়ে প্ৰায় ২৮৬  শতাংশ বৃদ্ধি হৈছে!এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ  শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ প্ৰতিবেদন অনুসৰি, সম্পত্তিৰ বৃদ্ধিৰ  শীৰ্ষত আছে কৰ্ণাটকৰ বিজেপি সাংসদ ৰমেশ চন্দ্ৰপ্পা জিগাজিনাগী (২০১৬ চনৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল)। ২০০৯ চনত তেওঁৰ সম্পত্তিৰ মুঠ মূল্য আছিল ১.১৮ কোটি টকা হৈছিল।

২০১৪  চনত সেয়া ৮৯.৪  নিযুতলৈ বৃদ্ধি হৈছিল। ২০১৯ চনত বৃদ্ধি হৈছিল ৫০ কোটি ৪১ লাখ। শতাংশ হিচাপে এটা দশকত প্ৰায় ৪,১৮৯  বাৰ বৃদ্ধি হৈছে সাংসদগৰাকীৰ সম্পত্তি!কৰ্ণাটকৰ বিজেপি সাংসদ পিচি মোহনক এডিআৰ প্ৰতিবেদনত দ্বিতীয় স্থান দিয়া হৈছে। বাংগালুৰুৰ  বিজেপি সাংসদজনৰ ২০০৯ চনত ৫.৩৭ কোটি টকাৰ সম্পত্তি আছিল। ২০১৯  চনতসেয়া ৭৫.৫৫ কোটিলৈ বৃদ্ধি হয়। সংখ্যা হিচাপে প্ৰায় ১,৩০৬  বাৰ তেওঁৰ সম্পত্তি বৃদ্ধি হৈছে।

 তৃতীয় স্থানত থকা উত্তৰ প্ৰদেশৰ পিলিভিটৰ বিজেপি সাংসদ বৰুণ গান্ধীৰ ২০০৯ চনত মুঠ সম্পত্তি  ৪.৯২ কোটি টকাৰ পৰা ২০১৯ চনত ৬০.৩২ কোটি টকা হৈছিল।পৰৱৰ্তী তিনিটা স্থানত বিৰোধী দলৰ তিনিজন সাংসদ, শিৰোমণি অকালি দলৰ হৰচিমৰত কৌৰ, এনচিপিৰ সুপ্ৰিয়া চুলে আৰু বিজেডিৰ পিনাকী মিশ্ৰ আছে। ২০০৯  চনত পঞ্জাৱৰ ভাটিণ্ডাৰ এজন সাংসদ হৰচিমৰাটৰ ৬০.৩১ কোটি টকাৰ সম্পত্তি আছিল। ২০১৯  চনত সেয়া ২১৭  কোটি ৯৯  লাখত উপনীত হৈছিল। মহাৰাষ্ট্ৰৰ বাৰামতীৰ সাংসদ সুপ্ৰিয়াৰ সম্পত্তি  ৫১.৫৩ কোটি টকাৰ পৰা ১৪০.৮৮ কোটি (১৭৩ শতাংশ) বৃদ্ধি হৈছে। উৰিষ্যাৰ পুৰীৰ সাংসদ পিনাকীয়ে তেওঁৰ সম্পত্তি এক দশকত ২৯.৬৯ কোটি টকাৰ পৰা ১১৭.৪৭ কোটি টকালৈ বৃদ্ধি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক