--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এটা দশকত দেশৰ ৭১  জন সাংসদৰ সম্পত্তি  বৃদ্ধি পাইছে ২৮৬  শতাংশ৷ এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, বিজেপিৰ তিনিজন সাংসদ তালিকাৰ শীৰ্ষ তিনিটা স্থানত আছে।এইসকল সাংসদ  ২০০৯ চনৰ পৰা ২০১৯ চনলৈ তিনিটা  লোকসভা নিৰ্বাচনত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত হৈছিল। 

এই তালিকাত মুঠ ৭১ জন সাংসদ আছে। এটা দশকত তেওঁলোকৰ মুঠ সম্পদ গড়ে প্ৰায় ২৮৬  শতাংশ বৃদ্ধি হৈছে!এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ  শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ প্ৰতিবেদন অনুসৰি, সম্পত্তিৰ বৃদ্ধিৰ  শীৰ্ষত আছে কৰ্ণাটকৰ বিজেপি সাংসদ ৰমেশ চন্দ্ৰপ্পা জিগাজিনাগী (২০১৬ চনৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল)। ২০০৯ চনত তেওঁৰ সম্পত্তিৰ মুঠ মূল্য আছিল ১.১৮ কোটি টকা হৈছিল।

২০১৪  চনত সেয়া ৮৯.৪  নিযুতলৈ বৃদ্ধি হৈছিল। ২০১৯ চনত বৃদ্ধি হৈছিল ৫০ কোটি ৪১ লাখ। শতাংশ হিচাপে এটা দশকত প্ৰায় ৪,১৮৯  বাৰ বৃদ্ধি হৈছে সাংসদগৰাকীৰ সম্পত্তি!কৰ্ণাটকৰ বিজেপি সাংসদ পিচি মোহনক এডিআৰ প্ৰতিবেদনত দ্বিতীয় স্থান দিয়া হৈছে। বাংগালুৰুৰ  বিজেপি সাংসদজনৰ ২০০৯ চনত ৫.৩৭ কোটি টকাৰ সম্পত্তি আছিল। ২০১৯  চনতসেয়া ৭৫.৫৫ কোটিলৈ বৃদ্ধি হয়। সংখ্যা হিচাপে প্ৰায় ১,৩০৬  বাৰ তেওঁৰ সম্পত্তি বৃদ্ধি হৈছে।

 তৃতীয় স্থানত থকা উত্তৰ প্ৰদেশৰ পিলিভিটৰ বিজেপি সাংসদ বৰুণ গান্ধীৰ ২০০৯ চনত মুঠ সম্পত্তি  ৪.৯২ কোটি টকাৰ পৰা ২০১৯ চনত ৬০.৩২ কোটি টকা হৈছিল।পৰৱৰ্তী তিনিটা স্থানত বিৰোধী দলৰ তিনিজন সাংসদ, শিৰোমণি অকালি দলৰ হৰচিমৰত কৌৰ, এনচিপিৰ সুপ্ৰিয়া চুলে আৰু বিজেডিৰ পিনাকী মিশ্ৰ আছে। ২০০৯  চনত পঞ্জাৱৰ ভাটিণ্ডাৰ এজন সাংসদ হৰচিমৰাটৰ ৬০.৩১ কোটি টকাৰ সম্পত্তি আছিল। ২০১৯  চনত সেয়া ২১৭  কোটি ৯৯  লাখত উপনীত হৈছিল। মহাৰাষ্ট্ৰৰ বাৰামতীৰ সাংসদ সুপ্ৰিয়াৰ সম্পত্তি  ৫১.৫৩ কোটি টকাৰ পৰা ১৪০.৮৮ কোটি (১৭৩ শতাংশ) বৃদ্ধি হৈছে। উৰিষ্যাৰ পুৰীৰ সাংসদ পিনাকীয়ে তেওঁৰ সম্পত্তি এক দশকত ২৯.৬৯ কোটি টকাৰ পৰা ১১৭.৪৭ কোটি টকালৈ বৃদ্ধি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু