--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডু চৰকাৰে ৰাজ্যখনৰ গোচৰৰ তদন্তৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা(চিবিআই)ক দিয়া সাধাৰণ সন্মতি প্ৰত্যাহাৰ কৰিছে৷ এনে কৰা দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডু দশম ৰাজ্য হিচাপে পৰিগণিত হৈছে। চিবিআইয়ে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ অনুমতি লৈ ৰাজ্যখনৰ লগতে ইয়াৰ বাসিন্দাসকলৰ বিৰুদ্ধে তদন্ত কৰিব লাগিব।

ইতিমধ্যে চিবিআইৰ সাধাৰণ সন্মতি প্ৰত্যাহাৰ কৰা আন ৯খন ৰাজ্য হ’ল -- ছত্তীশগড়, ঝাৰখণ্ড, কেৰালা, মেঘালয়, মিজোৰাম, পঞ্জাৱ, ৰাজস্থান, তেলেংগানা আৰু পশ্চিম বংগ। তামিলনাডুৰ মন্ত্ৰী সান্থিল বালাজীক ধন সৰবৰাহৰ গোচৰত কেন্দ্ৰীয় সংস্থা প্ৰবৰ্তন সঞ্চালকাল(ED)য়ে গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামানৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।

বুধবাৰে প্ৰায় ১.৩০ বজাত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ হোৱাৰ পিছত ডি এম কে নেতাগৰাকীয়ে বুকুৰ বিষৰোঅভিযোগ উত্থাপন কৰাৰ বাবে চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁক সোনকালে বাইপাছ অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। তেওঁ অধিক চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ অনুমতি বিচাৰি আদালতত আবেদন দাখিল কৰে আৰু অন্তৱৰ্তীকালীন জামিনৰ বাবেও আবেদন কৰে। চৰকাৰী সূত্ৰই জনোৱা মতে, দীৰ্ঘদিন ধৰি সোধা-পোছাৰ অন্তত বালাজীক গ্ৰেপ্তাৰ কৰা হয়।


ইয়াৰ পাছত স্থানীয় আদালতে তেওঁক ২৮ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।বালাজীৰ আৰক্ষীৰ জিম্মাত বিচৰা ইডিৰ স্প্ৰেয়াৰৰ উপৰিও অন্তৱৰ্তীকালীন জামিন আৰু ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ অনুমতিৰ বাবে আবেদনৰ ওপৰতো আদালতে আদেশ আৰু সংৰক্ষণ কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান