--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

এছ এছ চি দুৰ্নীতিয়ে এতিয়া জোঁকাৰি গৈছে সমগ্ৰ পশ্চিমবংগক। ইডিৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে মন্ত্ৰসভাৰ পৰা অপসাৰিত হৈছিল পাৰ্থ চট্টোপাধ্যায়৷ তৃণমূল বিধায়ক এজনৰ বান্ধৱী অৰ্পিতা মুখপাধ্যায়ৰ দুটি ফ্লেটত পঞ্চাছ কোটি টকা উদ্ধাৰ কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী বিষয়াই৷ বৰ্তমান পাৰ্থ চট্টোপাধ্যায়  আৰু অৰ্পিতা মুখপাধ্যায় আৰক্ষীৰ জিম্মাত আছে ৷ 

আনহাতে অৰ্পিতা মুখপাধ্যায়ৰ ফ্লেটত উদ্ধাৰ হোৱা টকাক লৈ বিস্ফোৰক মন্তব্য কৰিছে তৃণমূল নেতা দেৱাংশু ভট্টচার্যয়ে। তৃণমূল নেতাজনে মন্তব্য কৰে যে,  পাৰ্থ চট্টোপাধ্যায়ৰ বান্ধৱীৰ ঘৰত ৫০ কোটি টকা উদ্ধাৰ হৈছে ।কিন্তু প্ৰকৃততে কিমান ধন উদ্ধাৰ হৈছে সেইয়া আমি নাজানো ৷ ধৰা হওঁক উদ্ধাৰ হৈছে এশ কোটি টকা। চি বি আইয়ে সংবাদ মাধ্যমক কৈছে যে ৫০ কোটি টকা। এই টকাবোৰ  বিজেপিৰ দলীয় পুঁজিত জমা হ’ব। আৰু এই টকাৰেই  “ আকৌ এবাৰ মোদী চৰকাৰ ” বুলি প’ষ্টাৰ চপা কৰা হ’ব ৷”
ইয়াৰোপৰি চি বি আইৰ পকেটত কিমান টকা জমা হৈছে  বুলিও নেতাজনে মন্তব্য কৰে৷ 
হাওড়াত অনুষ্ঠিত এখন জনসভাত তৃণমূল নেতা দেৱাংশু ভট্টাচাৰ্যয়ে এই মন্তব্য কৰে৷

দেৱাংশু ভট্টাচাৰ্যৰ এই মন্তব্যয়ে এতিয়া চি বি আইৰ স্বচ্ছতাক লৈ প্ৰশ্ন তুলিছে৷ এই অভিযোগ  চি বি আই নাইবা বিজেপি চৰকাৰখনে কেনেদৰে খণ্ডিত কৰে 
তাক লৈ যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ