--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

এছ এছ চি দুৰ্নীতিয়ে এতিয়া জোঁকাৰি গৈছে সমগ্ৰ পশ্চিমবংগক। ইডিৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে মন্ত্ৰসভাৰ পৰা অপসাৰিত হৈছিল পাৰ্থ চট্টোপাধ্যায়৷ তৃণমূল বিধায়ক এজনৰ বান্ধৱী অৰ্পিতা মুখপাধ্যায়ৰ দুটি ফ্লেটত পঞ্চাছ কোটি টকা উদ্ধাৰ কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী বিষয়াই৷ বৰ্তমান পাৰ্থ চট্টোপাধ্যায়  আৰু অৰ্পিতা মুখপাধ্যায় আৰক্ষীৰ জিম্মাত আছে ৷ 

আনহাতে অৰ্পিতা মুখপাধ্যায়ৰ ফ্লেটত উদ্ধাৰ হোৱা টকাক লৈ বিস্ফোৰক মন্তব্য কৰিছে তৃণমূল নেতা দেৱাংশু ভট্টচার্যয়ে। তৃণমূল নেতাজনে মন্তব্য কৰে যে,  পাৰ্থ চট্টোপাধ্যায়ৰ বান্ধৱীৰ ঘৰত ৫০ কোটি টকা উদ্ধাৰ হৈছে ।কিন্তু প্ৰকৃততে কিমান ধন উদ্ধাৰ হৈছে সেইয়া আমি নাজানো ৷ ধৰা হওঁক উদ্ধাৰ হৈছে এশ কোটি টকা। চি বি আইয়ে সংবাদ মাধ্যমক কৈছে যে ৫০ কোটি টকা। এই টকাবোৰ  বিজেপিৰ দলীয় পুঁজিত জমা হ’ব। আৰু এই টকাৰেই  “ আকৌ এবাৰ মোদী চৰকাৰ ” বুলি প’ষ্টাৰ চপা কৰা হ’ব ৷”
ইয়াৰোপৰি চি বি আইৰ পকেটত কিমান টকা জমা হৈছে  বুলিও নেতাজনে মন্তব্য কৰে৷ 
হাওড়াত অনুষ্ঠিত এখন জনসভাত তৃণমূল নেতা দেৱাংশু ভট্টাচাৰ্যয়ে এই মন্তব্য কৰে৷

দেৱাংশু ভট্টাচাৰ্যৰ এই মন্তব্যয়ে এতিয়া চি বি আইৰ স্বচ্ছতাক লৈ প্ৰশ্ন তুলিছে৷ এই অভিযোগ  চি বি আই নাইবা বিজেপি চৰকাৰখনে কেনেদৰে খণ্ডিত কৰে 
তাক লৈ যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু