--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

১৯৮৫ চনত ইন্দিৰা গান্ধীৰ হত্যাৰ পিছতেই এছ পি জি স্থাপিত হৈছিল৷এই ঘটনাৰ পিছতেই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে ভি আই পি সকলৰ সুৰক্ষাৰ বাবে কিছু সংখ্যক বিশেষ কামাণ্ডক নিযুক্তি দিয়া হৈছিল৷ এই কামাণ্ড সকল উচ্চ প্ৰশিক্ষণ প্ৰাপ্ত৷  অপৰাধী সকলে ব্যৱহাৰ কৰিব পৰা  প্ৰতিবিধ অস্ত্ৰৰ বিষয়ে এই কামাণ্ড সকলৰ জ্ঞান আছে৷

 ভাৰতবৰ্ষৰ ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত উলহমালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হ’ব। সেয়েহে এছ পি জি কামাণ্ড সকলক অভ্যাস তীব্ৰতৰ কৰি তোলা হৈছে। ভাৰতবৰ্ষৰ নেতা আৰু ভি আই পি সকলক সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে প্ৰতি মূহূৰ্ততে এই কামাণ্ড সকল বৰ্তমান প্ৰতি মূহূৰ্ততে সজাগ উঠিছে। 


 প্ৰায়েই নেতা বা ভি আই পি সকলৰ দেহৰক্ষী সকলে এটা ব্ৰীফকেছ লৈ ফুৰা দেখা যায়৷  এইয়া 
কোনো সাধাৰণ ব্ৰীফকেছ নহয়। এই চুটকেছ এক জীৱনৰক্ষাৰ কৱচৰ দৰে৷ বিপদৰ সময়ত এই ব্ৰীফকেছ খোল খাই বিপদ প্ৰতিহত কৰিব পৰা ঢাল স্বৰূপ হৈ উঠে৷ব্ৰীফকেছ খোল খোৱাৰ পিছতে ভি আই পি জনৰ চাৰিওপিনে দেহৰক্ষী সকলে দেৱালৰ দৰে ঘেৰি ধৰে৷ এই ব্ৰীফকেছটো হৈছে বুলেটপ্ৰুফ৷ 
এই ব্ৰীফকেছটোত কিছু উচ্চ মানদণ্ডৰ সুবিধা সংযোজিত কৰা হৈছে। ইয়াত এটা এম পি -৫ পিষ্টলো  আছে। 

ভাৰতীয় সেনা বাহিনীৰ এগৰাকী অৱসৰ প্ৰাপ্ত বিষয়াৰ মতে, এছ পি জি প্ৰতিষ্ঠিত হোৱাৰ সময়ত কামাণ্ড সকলক  আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপনীয় সেৱাৰ গাইড লাইন অনুসৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল৷ বৰ্তমান তেওঁলোকক বিশ্বৰ আন দেশ সমূহৰ আধাৰতো প্ৰশিক্ষণ প্ৰদানপ্ৰদা কৰা হৈছে৷  

পূৰ্বতে এছ পি জি কামাণ্ড সকলে কেৱল ভাৰতবৰ্ষৰ  প্ৰধানমন্ত্ৰীকহে সুৰক্ষা প্ৰদান কৰিছিল। কিন্তু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলকো এছ পি জি কামাণ্ড সকলে সুৰক্ষা প্ৰদান কৰিবলৈ লয়৷ ইয়াৰোপৰি, ২০০৩ চনত হোৱা সংশোধনীৰ পিছতে প্ৰতিজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পৰিয়ালৰ সদস্য সকলকো এনে ধৰণৰ সুৰক্ষা প্ৰদান কৰি অহা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু