--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

১৯৮৫ চনত ইন্দিৰা গান্ধীৰ হত্যাৰ পিছতেই এছ পি জি স্থাপিত হৈছিল৷এই ঘটনাৰ পিছতেই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে ভি আই পি সকলৰ সুৰক্ষাৰ বাবে কিছু সংখ্যক বিশেষ কামাণ্ডক নিযুক্তি দিয়া হৈছিল৷ এই কামাণ্ড সকল উচ্চ প্ৰশিক্ষণ প্ৰাপ্ত৷  অপৰাধী সকলে ব্যৱহাৰ কৰিব পৰা  প্ৰতিবিধ অস্ত্ৰৰ বিষয়ে এই কামাণ্ড সকলৰ জ্ঞান আছে৷

 ভাৰতবৰ্ষৰ ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত উলহমালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হ’ব। সেয়েহে এছ পি জি কামাণ্ড সকলক অভ্যাস তীব্ৰতৰ কৰি তোলা হৈছে। ভাৰতবৰ্ষৰ নেতা আৰু ভি আই পি সকলক সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে প্ৰতি মূহূৰ্ততে এই কামাণ্ড সকল বৰ্তমান প্ৰতি মূহূৰ্ততে সজাগ উঠিছে। 


 প্ৰায়েই নেতা বা ভি আই পি সকলৰ দেহৰক্ষী সকলে এটা ব্ৰীফকেছ লৈ ফুৰা দেখা যায়৷  এইয়া 
কোনো সাধাৰণ ব্ৰীফকেছ নহয়। এই চুটকেছ এক জীৱনৰক্ষাৰ কৱচৰ দৰে৷ বিপদৰ সময়ত এই ব্ৰীফকেছ খোল খাই বিপদ প্ৰতিহত কৰিব পৰা ঢাল স্বৰূপ হৈ উঠে৷ব্ৰীফকেছ খোল খোৱাৰ পিছতে ভি আই পি জনৰ চাৰিওপিনে দেহৰক্ষী সকলে দেৱালৰ দৰে ঘেৰি ধৰে৷ এই ব্ৰীফকেছটো হৈছে বুলেটপ্ৰুফ৷ 
এই ব্ৰীফকেছটোত কিছু উচ্চ মানদণ্ডৰ সুবিধা সংযোজিত কৰা হৈছে। ইয়াত এটা এম পি -৫ পিষ্টলো  আছে। 

ভাৰতীয় সেনা বাহিনীৰ এগৰাকী অৱসৰ প্ৰাপ্ত বিষয়াৰ মতে, এছ পি জি প্ৰতিষ্ঠিত হোৱাৰ সময়ত কামাণ্ড সকলক  আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপনীয় সেৱাৰ গাইড লাইন অনুসৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল৷ বৰ্তমান তেওঁলোকক বিশ্বৰ আন দেশ সমূহৰ আধাৰতো প্ৰশিক্ষণ প্ৰদানপ্ৰদা কৰা হৈছে৷  

পূৰ্বতে এছ পি জি কামাণ্ড সকলে কেৱল ভাৰতবৰ্ষৰ  প্ৰধানমন্ত্ৰীকহে সুৰক্ষা প্ৰদান কৰিছিল। কিন্তু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলকো এছ পি জি কামাণ্ড সকলে সুৰক্ষা প্ৰদান কৰিবলৈ লয়৷ ইয়াৰোপৰি, ২০০৩ চনত হোৱা সংশোধনীৰ পিছতে প্ৰতিজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পৰিয়ালৰ সদস্য সকলকো এনে ধৰণৰ সুৰক্ষা প্ৰদান কৰি অহা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement