--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ শেষত অনুষ্ঠিত হ’বলগীয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে। ইফালে মঙলবাৰে (২৭ জুন) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণসূচী হাতত লৈ মধ্যপ্ৰদেশত উপস্থিত হয়। ১ জুলাইতো মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এনে নিৰ্বাচনী পৰিৱেশত সাধাৰণ লোকৰ জনমত জানিবলৈ চি-ভোটাৰে এক সমীক্ষা চলাইছে।

চি-ভোটাৰে অ’পিনিয়ন প’লত প্ৰশ্ন কৰিছিল যে প্ৰধানমন্ত্ৰী মোদীৰ মধ্যপ্ৰদেশ ভ্ৰমণৰ পৰা বিজেপি লাভৱান হ’বনে? সমীক্ষাত জড়িত ৫১ শতাংশ লোকে কয় যে হয় বিজেপি লাভৱান হ’ব। ৩৬ শতাংশ লোকে নোৱাৰে বুলি উত্তৰ দিয়ে, আৰু আন ১৩ শতাংশ লোকে এই বিষয়ে একো ক’ব নোৱাৰো বুলি উল্লেখ কৰে।

মঙলবাৰে ভূপালত বিজেপিৰ ‘মেৰা বুথ সবসে সৌভাগ’ কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ চহৰসমূহ সংযোগ কৰা পাঁচখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰি বিৰোধী দলসমূহক আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।তেওঁ কয় যে "বিজেপিয়ে সিদ্ধান্ত লৈছে যে আমি তুষ্টিকৰণ বা ভোট বেংকৰ পথ অনুসৰণ কৰিব নালাগে। আমি বিশ্বাস কৰোঁ যে তুষ্টিকৰণ দেশৰ ভাল কাম কৰাৰ উপায় নহয়।"

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ইউনিফৰ্ম চিভিল কোড, তিনি তালাক আৰু বিৰোধী দলৰ বৈঠকৰ সন্দৰ্ভতো মন্তব্য কৰে। তদুপৰি ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ শ্বাহদোল জিলা ভ্ৰমণ বাতিল কৰিবলগীয়া হয়। অহা ১ জুলাইত লালপুৰ আৰু পকাৰিয়াত প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি  মোদীয়ে পকাৰিয়া গাঁৱলৈ গৈ জনজাতীয় সমাজ, আত্মসহায়ক গোট, বিভিন্ন পঞ্চায়ত সমিতিৰ নেতা আৰু গাঁৱৰ ফুটবল ক্লাবৰ অধিনায়কৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিব ৰাষ্ট্ৰীয় ছিকল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে