--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ শেষত অনুষ্ঠিত হ’বলগীয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে। ইফালে মঙলবাৰে (২৭ জুন) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণসূচী হাতত লৈ মধ্যপ্ৰদেশত উপস্থিত হয়। ১ জুলাইতো মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এনে নিৰ্বাচনী পৰিৱেশত সাধাৰণ লোকৰ জনমত জানিবলৈ চি-ভোটাৰে এক সমীক্ষা চলাইছে।

চি-ভোটাৰে অ’পিনিয়ন প’লত প্ৰশ্ন কৰিছিল যে প্ৰধানমন্ত্ৰী মোদীৰ মধ্যপ্ৰদেশ ভ্ৰমণৰ পৰা বিজেপি লাভৱান হ’বনে? সমীক্ষাত জড়িত ৫১ শতাংশ লোকে কয় যে হয় বিজেপি লাভৱান হ’ব। ৩৬ শতাংশ লোকে নোৱাৰে বুলি উত্তৰ দিয়ে, আৰু আন ১৩ শতাংশ লোকে এই বিষয়ে একো ক’ব নোৱাৰো বুলি উল্লেখ কৰে।

মঙলবাৰে ভূপালত বিজেপিৰ ‘মেৰা বুথ সবসে সৌভাগ’ কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ চহৰসমূহ সংযোগ কৰা পাঁচখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰি বিৰোধী দলসমূহক আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।তেওঁ কয় যে "বিজেপিয়ে সিদ্ধান্ত লৈছে যে আমি তুষ্টিকৰণ বা ভোট বেংকৰ পথ অনুসৰণ কৰিব নালাগে। আমি বিশ্বাস কৰোঁ যে তুষ্টিকৰণ দেশৰ ভাল কাম কৰাৰ উপায় নহয়।"

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ইউনিফৰ্ম চিভিল কোড, তিনি তালাক আৰু বিৰোধী দলৰ বৈঠকৰ সন্দৰ্ভতো মন্তব্য কৰে। তদুপৰি ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ শ্বাহদোল জিলা ভ্ৰমণ বাতিল কৰিবলগীয়া হয়। অহা ১ জুলাইত লালপুৰ আৰু পকাৰিয়াত প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি  মোদীয়ে পকাৰিয়া গাঁৱলৈ গৈ জনজাতীয় সমাজ, আত্মসহায়ক গোট, বিভিন্ন পঞ্চায়ত সমিতিৰ নেতা আৰু গাঁৱৰ ফুটবল ক্লাবৰ অধিনায়কৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিব ৰাষ্ট্ৰীয় ছিকল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু