--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহ মেৰামতিৰ বাবে হোৱা ব্যয়ৰ বিশেষ অডিট কৰিব কেগে। উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ পৰামৰ্শ অনুসৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেগৰ অডিটত অনুমোদন জনাইছে।

চিভিল লাইনত থকা আপৰ মুৰব্বী কেজৰিৱালৰ ঘৰটো প্ৰশাসনিক আৰু বিত্তীয় অনিয়মৰ অভিযোগত ক্ৰমাৎ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।ভাৰতৰ আগশাৰীৰ বাতৰি কাকতৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনৰ পৰা ২০২২ চনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ সংস্কাৰৰ কামত দিল্লী চৰকাৰে প্ৰায় ৪৫ কোটি টকা ব্যয় কৰিছিল। এই ধন আমদানিকৃত মাৰ্বল, ইণ্টেৰিয়ৰ আদি কামত ব্যয় কৰা হৈছিল।

এই সমগ্ৰ বিষয়ত আম আদমী পাৰ্টিয়েও স্পষ্টীকৰণ দিছে। আপৰ সাংসদ তথা দলৰ মুখপাত্ৰ ৰাঘৱ চাদ্ধাই কয় যে কেজৰিৱাল থকা ঘৰটো ১৯৪২ চনত নিৰ্মাণ কৰা হৈছিল। তেওঁ কয় যে আগতে ঘৰৰ ভিতৰৰ পৰা শোৱা কোঠালৈ চিলিঙৰ পৰা পানী টোপাল টোপালকৈ বৈ আহিছিল।সেইবাবেই মেৰামতি কৰা হৈছে বুলি উল্লেখ কৰিছিল৷

এই গোটেই বিষয়টোক লৈ যথেষ্ট ৰাজনীতি হৈছিল। বিজেপি আৰু আপৰ মাজত তীব্ৰ মৌখিক যুদ্ধৰ সৃষ্টি হয় আৰু বিজেপিয়ে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি সংস্কাৰ সন্দৰ্ভত কেইবাটাও অভিযোগ উত্থাপন কৰে। কোভিড সংক্ৰমণৰ সময়ত কেজৰিৱালৰ বাসগৃহৰ সলনিৰ বাবে দিল্লী চৰকাৰে ৪৫ কোটি টকা ব্যয় কৰা বুলি অভিযোগ কৰিছিল বিজেপিয়ে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু