--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহ মেৰামতিৰ বাবে হোৱা ব্যয়ৰ বিশেষ অডিট কৰিব কেগে। উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ পৰামৰ্শ অনুসৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেগৰ অডিটত অনুমোদন জনাইছে।

চিভিল লাইনত থকা আপৰ মুৰব্বী কেজৰিৱালৰ ঘৰটো প্ৰশাসনিক আৰু বিত্তীয় অনিয়মৰ অভিযোগত ক্ৰমাৎ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।ভাৰতৰ আগশাৰীৰ বাতৰি কাকতৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনৰ পৰা ২০২২ চনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ সংস্কাৰৰ কামত দিল্লী চৰকাৰে প্ৰায় ৪৫ কোটি টকা ব্যয় কৰিছিল। এই ধন আমদানিকৃত মাৰ্বল, ইণ্টেৰিয়ৰ আদি কামত ব্যয় কৰা হৈছিল।

এই সমগ্ৰ বিষয়ত আম আদমী পাৰ্টিয়েও স্পষ্টীকৰণ দিছে। আপৰ সাংসদ তথা দলৰ মুখপাত্ৰ ৰাঘৱ চাদ্ধাই কয় যে কেজৰিৱাল থকা ঘৰটো ১৯৪২ চনত নিৰ্মাণ কৰা হৈছিল। তেওঁ কয় যে আগতে ঘৰৰ ভিতৰৰ পৰা শোৱা কোঠালৈ চিলিঙৰ পৰা পানী টোপাল টোপালকৈ বৈ আহিছিল।সেইবাবেই মেৰামতি কৰা হৈছে বুলি উল্লেখ কৰিছিল৷

এই গোটেই বিষয়টোক লৈ যথেষ্ট ৰাজনীতি হৈছিল। বিজেপি আৰু আপৰ মাজত তীব্ৰ মৌখিক যুদ্ধৰ সৃষ্টি হয় আৰু বিজেপিয়ে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি সংস্কাৰ সন্দৰ্ভত কেইবাটাও অভিযোগ উত্থাপন কৰে। কোভিড সংক্ৰমণৰ সময়ত কেজৰিৱালৰ বাসগৃহৰ সলনিৰ বাবে দিল্লী চৰকাৰে ৪৫ কোটি টকা ব্যয় কৰা বুলি অভিযোগ কৰিছিল বিজেপিয়ে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে