--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টিভিৰ ধাৰাবাহিক চাই খুব ভাল পাইছিল কিংবদন্তী সংগীত শিল্পী লতা মংগেশকাৰে৷ বিশেষকৈ ছ'নি টেলিভিছনত সম্প্ৰচাৰ হোৱা চিআইডিৰ অনুৰাগী আছিল লতাজী৷ প্ৰায়ে অনুষ্ঠানটোৰ কলা-কুশলীসকলক জলপান বা দুপৰীয়াৰ আহাৰৰ বাবে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণো জনাইছিল। অনুষ্ঠানটোৰ প্ৰতি লতাৰ আছিল বিশেষ আগ্ৰহ৷ দীঘলীয়া সময় সম্প্ৰচাৰ হোৱাপ পাছত যেতিয়া অনুষ্ঠানটোৰ প্ৰচাৰ বন্ধ হৈছিল তেতিয়া লতা দিদি বৰ হতাশ হৈ পৰিছিল। বিগত বৰ্ষত, ছ'নি টিভিয়ে অনুষ্ঠানটোৰ সম্প্ৰচাৰ বন্ধ কৰিছিল আৰু লতাই এই খবৰটো শুনি বৰ দুখ পাইছিল। কিয়নো তেওঁ দীৰ্ঘদিন ধৰি চলি থকা অনুষ্ঠানটোৰ এগৰাকী উৎসাহী অনুৰাগী আছিল। 'দৈনিক ভাস্কৰ' নামৰ বাতৰি কাকতত হোৱা সাক্ষাৎকাৰত চিআইডিৰ তাৰকা দয়া শংকৰ পাণ্ডেই এই কথা সদৰি কৰিছে। তেওঁ অনুষ্ঠানটোৰ পৰিচালক, প্ৰযোজক, কলাকুশলী আৰু কৰ্মচাৰীসকলক ফোন কৰিছিল যাতে অনুষ্ঠানটো অব্যাহত থাকে আৰু প্ৰচাৰ কৰে। এক প্ৰকাৰে, তেওঁৰ ফোনক'লে চিআইডিৰ প্ৰডাকচন হাউচটো কঁপাই তুলিছিল। দয়া শংকৰ পাণ্ডেই এয়াও প্ৰকাশ কৰিছিল যে, যেতিয়া তেওঁ লতা দিদিৰ ঘৰলৈ গৈ শান্ত হৈ বহি থাকে, তেতিয়া লতাদিয়ে তেওঁক প্ৰশ্ন কৰিছিল- 'আপুনি ইমান শান্ত কিয়? আপোনাৰ কাৰোবাৰ ওপৰত খং উঠিছে নেকি?' এই সকলো কথা প্ৰকাশ কৰি আৱেগিক হৈ পৰিছিল অভিনেতাগৰাকী৷ উল্লেখ্য যে, সমগ্ৰ দেশৰ বাবে আটাইতকৈ দুখদায়ক দিন হিচাপে চিহ্নিত দেওবাৰৰ দিনটোত সকলোকে কন্দুৱাই লতা মংগেশকাৰ গুচি গৈছিল দূৰ-দিগন্তলৈ; কাহানিও ঘূৰি নহাৰ বাটেৰে৷ ‘ব্ৰিচ কেণ্ডি’ চিকিৎসালয়ৰ চিকিৎসাধীন হৈ থকা অৱস্থাতে ক'ভিডোত্তৰ শাৰীৰিক জটিলতাৰ বাবে তেওঁৰ মৃত্যু হৈছিল। কিন্তু শিল্পীগৰাকীৰ অসাধাৰণ কণ্ঠ আৰু সুৰৰ প্ৰতিধ্বনি চিৰকাল যেন তেওঁ এৰি গৈছে তেওঁৰ অজস্ৰ অনুৰাগীৰ অন্তৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু