--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টিভিৰ ধাৰাবাহিক চাই খুব ভাল পাইছিল কিংবদন্তী সংগীত শিল্পী লতা মংগেশকাৰে৷ বিশেষকৈ ছ'নি টেলিভিছনত সম্প্ৰচাৰ হোৱা চিআইডিৰ অনুৰাগী আছিল লতাজী৷ প্ৰায়ে অনুষ্ঠানটোৰ কলা-কুশলীসকলক জলপান বা দুপৰীয়াৰ আহাৰৰ বাবে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণো জনাইছিল। অনুষ্ঠানটোৰ প্ৰতি লতাৰ আছিল বিশেষ আগ্ৰহ৷ দীঘলীয়া সময় সম্প্ৰচাৰ হোৱাপ পাছত যেতিয়া অনুষ্ঠানটোৰ প্ৰচাৰ বন্ধ হৈছিল তেতিয়া লতা দিদি বৰ হতাশ হৈ পৰিছিল। বিগত বৰ্ষত, ছ'নি টিভিয়ে অনুষ্ঠানটোৰ সম্প্ৰচাৰ বন্ধ কৰিছিল আৰু লতাই এই খবৰটো শুনি বৰ দুখ পাইছিল। কিয়নো তেওঁ দীৰ্ঘদিন ধৰি চলি থকা অনুষ্ঠানটোৰ এগৰাকী উৎসাহী অনুৰাগী আছিল। 'দৈনিক ভাস্কৰ' নামৰ বাতৰি কাকতত হোৱা সাক্ষাৎকাৰত চিআইডিৰ তাৰকা দয়া শংকৰ পাণ্ডেই এই কথা সদৰি কৰিছে। তেওঁ অনুষ্ঠানটোৰ পৰিচালক, প্ৰযোজক, কলাকুশলী আৰু কৰ্মচাৰীসকলক ফোন কৰিছিল যাতে অনুষ্ঠানটো অব্যাহত থাকে আৰু প্ৰচাৰ কৰে। এক প্ৰকাৰে, তেওঁৰ ফোনক'লে চিআইডিৰ প্ৰডাকচন হাউচটো কঁপাই তুলিছিল। দয়া শংকৰ পাণ্ডেই এয়াও প্ৰকাশ কৰিছিল যে, যেতিয়া তেওঁ লতা দিদিৰ ঘৰলৈ গৈ শান্ত হৈ বহি থাকে, তেতিয়া লতাদিয়ে তেওঁক প্ৰশ্ন কৰিছিল- 'আপুনি ইমান শান্ত কিয়? আপোনাৰ কাৰোবাৰ ওপৰত খং উঠিছে নেকি?' এই সকলো কথা প্ৰকাশ কৰি আৱেগিক হৈ পৰিছিল অভিনেতাগৰাকী৷ উল্লেখ্য যে, সমগ্ৰ দেশৰ বাবে আটাইতকৈ দুখদায়ক দিন হিচাপে চিহ্নিত দেওবাৰৰ দিনটোত সকলোকে কন্দুৱাই লতা মংগেশকাৰ গুচি গৈছিল দূৰ-দিগন্তলৈ; কাহানিও ঘূৰি নহাৰ বাটেৰে৷ ‘ব্ৰিচ কেণ্ডি’ চিকিৎসালয়ৰ চিকিৎসাধীন হৈ থকা অৱস্থাতে ক'ভিডোত্তৰ শাৰীৰিক জটিলতাৰ বাবে তেওঁৰ মৃত্যু হৈছিল। কিন্তু শিল্পীগৰাকীৰ অসাধাৰণ কণ্ঠ আৰু সুৰৰ প্ৰতিধ্বনি চিৰকাল যেন তেওঁ এৰি গৈছে তেওঁৰ অজস্ৰ অনুৰাগীৰ অন্তৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক