--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'এয়াই সকলো, তাৰ বাদে একো নাই-' এটি ইনষ্ট্ৰাগ্ৰাম পোষ্ট৷ আৰু তাৰ পাছতেই আৱেগিক হৈ পৰে সহস্ৰধিক অনুৰাগী৷ মাতৃৰ হৃদয় সন্তানৰ বাবে সদায় আকুল৷ সাধাৰণ নাৰীৰ পৰা বলীউডৰ অভিনেত্ৰীসকললৈ৷ মাতৃপ্ৰেমৰ সুন্দৰ ফটো প্ৰায়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱা দেখা যায়৷ এইবাৰ অভিনেত্ৰী দিয়া মিৰ্জাই তেওঁৰ পুত্ৰ অভিয়ানৰ সৈতে সময় অতিবাহিত কৰা ফটো শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। অভিনেত্ৰীজনে বাগিচাত কণমানি অভিয়ানৰ সৈতে সময় কটোৱা দুখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছিল। দিয়াই অভিয়ানক কেঁচুৱা বাহকত কঢ়িয়াই নিয়াৰ উপৰিও বাগিচাৰ সেউজীয়া উপভোগ কৰাৰ সময়ত মূৰত চুমা খাই থকা ফটো শ্বেয়াৰ কৰিছিল। তেওঁৰ ইনষ্ট্ৰাগ্ৰাম 'দেওবাৰ' বুলি লিখি শ্বেয়াৰ কৰিছিল এইখন ধুনীয়া ফটো৷ আনখন ফটোখনত অভিনেত্ৰীগৰাকীয়ে কণমানিজনক বাগিচাৰ সৌন্দৰ্য দেখাই আছিল। অভিয়ানে ৰম্পাৰ পিন্ধিছিল আৰু দিয়াই এটা ফ্ল'ৰি পোছাক পিন্ধিছিল। ফটোখনত ওৰত তেওঁ লিখিছিল 'এয়াই সকলো, তাৰ বাদে একো নাই৷' দিয়া মিৰ্জা আৰু তেওঁৰ স্বামী বৈভৱ ৰেখিৰ বৈবাহিক জীৱনৰ সকলোতকৈ সুন্দৰ উপহাৰ আছিল অভিয়ান৷ বিগত বৰ্ষৰ মে’ মাহত জন্ম লাভ কৰিছিল অভিয়ানে৷ অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যজনিত কাৰণৰ বাবে জৰুৰীকালীন চিজেৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁক সোনকালে প্ৰসৱ কৰা হৈছিল। দিয়াই তেওঁৰ জন্মৰ কথা এটা বিবৃতিৰে ঘোষণা কৰিছিল য'ত তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ অভিয়ানক বহুতো বাধাৰ মাজতো প্ৰসৱ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু