--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'এয়াই সকলো, তাৰ বাদে একো নাই-' এটি ইনষ্ট্ৰাগ্ৰাম পোষ্ট৷ আৰু তাৰ পাছতেই আৱেগিক হৈ পৰে সহস্ৰধিক অনুৰাগী৷ মাতৃৰ হৃদয় সন্তানৰ বাবে সদায় আকুল৷ সাধাৰণ নাৰীৰ পৰা বলীউডৰ অভিনেত্ৰীসকললৈ৷ মাতৃপ্ৰেমৰ সুন্দৰ ফটো প্ৰায়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱা দেখা যায়৷ এইবাৰ অভিনেত্ৰী দিয়া মিৰ্জাই তেওঁৰ পুত্ৰ অভিয়ানৰ সৈতে সময় অতিবাহিত কৰা ফটো শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। অভিনেত্ৰীজনে বাগিচাত কণমানি অভিয়ানৰ সৈতে সময় কটোৱা দুখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছিল। দিয়াই অভিয়ানক কেঁচুৱা বাহকত কঢ়িয়াই নিয়াৰ উপৰিও বাগিচাৰ সেউজীয়া উপভোগ কৰাৰ সময়ত মূৰত চুমা খাই থকা ফটো শ্বেয়াৰ কৰিছিল। তেওঁৰ ইনষ্ট্ৰাগ্ৰাম 'দেওবাৰ' বুলি লিখি শ্বেয়াৰ কৰিছিল এইখন ধুনীয়া ফটো৷ আনখন ফটোখনত অভিনেত্ৰীগৰাকীয়ে কণমানিজনক বাগিচাৰ সৌন্দৰ্য দেখাই আছিল। অভিয়ানে ৰম্পাৰ পিন্ধিছিল আৰু দিয়াই এটা ফ্ল'ৰি পোছাক পিন্ধিছিল। ফটোখনত ওৰত তেওঁ লিখিছিল 'এয়াই সকলো, তাৰ বাদে একো নাই৷' দিয়া মিৰ্জা আৰু তেওঁৰ স্বামী বৈভৱ ৰেখিৰ বৈবাহিক জীৱনৰ সকলোতকৈ সুন্দৰ উপহাৰ আছিল অভিয়ান৷ বিগত বৰ্ষৰ মে’ মাহত জন্ম লাভ কৰিছিল অভিয়ানে৷ অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যজনিত কাৰণৰ বাবে জৰুৰীকালীন চিজেৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁক সোনকালে প্ৰসৱ কৰা হৈছিল। দিয়াই তেওঁৰ জন্মৰ কথা এটা বিবৃতিৰে ঘোষণা কৰিছিল য'ত তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ অভিয়ানক বহুতো বাধাৰ মাজতো প্ৰসৱ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু