--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ একৈশ অভাৰতে শেষ হ’ল এছিয়া কাপৰ ফাইনেল। চমকপ্ৰদ বলিঙেৰে ঘূৰ্ণী বতাহ সৃষ্টি কৰিলে মহম্মদ চিৰাজে। এছিয়া কাপৰ ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকা আৰু টীম ইণ্ডিয়াৰ মাজত আকৰ্ষণীয় এখন ফাইনেল দেখা যাব বুলি আশা কৰা হৈছিল। কিন্তু আৰু প্ৰেমদাসা ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৯২ টা বলত ৫০ ৰাণ কৰিয়ে ইনিংছ শেষ কৰিবলগা হয়।

শ্ৰীলংকাৰ এই বিপৰ্যয়ৰ মূলতে হ’ল ভাৰতীয় ফাষ্ট বলাৰসকলৰ দূৰ্দান্ত প্ৰদৰ্শন। মহম্মদ চিৰাজে সাত অভাৰত ২১ ৰাণ দি ৬টাকৈ উইকেট লাভ কৰে। হাৰ্দিক পাণ্ডিয়াই মাত্ৰ তিনি ৰাণ খৰচ কৰি লাভ কৰে তিনিটা উইকেট। আৰম্ভণিৰে পৰা শ্ৰীলংকাৰ এটাৰ পাছত এটাকৈ উইকেট খহিব ধৰে। কেৱল কুশল মেন্ডিছ (১৭) আৰু ডাছুন হেমন্থ (১৩)-ই দশকৰ সংখ্যা পাৰ কৰিবলৈ সক্ষম হয়। ব্যৰ্থ হয় দলটোৰ নতুন তাৰকা সমৰাবিক্ৰমা (০), আছালাংকা (০), ধনঞ্জয় দি ছিলভা (৪)ৰ দৰে বেটাৰসকল।

একপক্ষীয় ফলাফল লাভ কৰে টীম ইণ্ডিয়াই। ৫০ ৰাণৰ অনুসৰণ কৰি ৩৭টা বলত এটাও উইকেট নেহেৰুৱাকৈ জয়লাভ কৰে ৰোহিত বাহিনীয়ে। অপেনাৰদ্বয় ঈশান কিশান (২৩) আৰু শুভমন গীল (২৭)- এ নিশ্চিত ফলাফলৰ দিশেৰে লৈ যায়।

উল্লেখ্য যে শ্ৰীলংকাৰ শেহতীয়া প্ৰদৰ্শনক লৈ আশাবাদী আছিল ক্ৰিকেট মহল। মাহেলা জয়াবৰ্ধনে, কুমাৰ ছাংগাক্কাৰা, তিলকাৰত্ন দিলছান, মুথিয়া মুৰালিধৰণ, লাচিথ মালিংগা, ছামিণ্ডা ভাছৰ দৰে সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেট তাৰকাসকলে অৱসৰ লোৱাৰ পাছত দলটোৱে এটা পৰ্যায়ৰ মাজেৰে অগ্ৰসৰ হৈ আহিছে। তাৰ মাজতে কেইবাখনো মেতচ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে, কিন্তু টীম ইণ্ডিয়াৰ হাতত এই পুতৌজনক পৰাজয় আগন্তুক বিশ্বকাপৰ বাবে এটা শিকণি হৈ ৰ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু