--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ একৈশ অভাৰতে শেষ হ’ল এছিয়া কাপৰ ফাইনেল। চমকপ্ৰদ বলিঙেৰে ঘূৰ্ণী বতাহ সৃষ্টি কৰিলে মহম্মদ চিৰাজে। এছিয়া কাপৰ ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকা আৰু টীম ইণ্ডিয়াৰ মাজত আকৰ্ষণীয় এখন ফাইনেল দেখা যাব বুলি আশা কৰা হৈছিল। কিন্তু আৰু প্ৰেমদাসা ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৯২ টা বলত ৫০ ৰাণ কৰিয়ে ইনিংছ শেষ কৰিবলগা হয়।

শ্ৰীলংকাৰ এই বিপৰ্যয়ৰ মূলতে হ’ল ভাৰতীয় ফাষ্ট বলাৰসকলৰ দূৰ্দান্ত প্ৰদৰ্শন। মহম্মদ চিৰাজে সাত অভাৰত ২১ ৰাণ দি ৬টাকৈ উইকেট লাভ কৰে। হাৰ্দিক পাণ্ডিয়াই মাত্ৰ তিনি ৰাণ খৰচ কৰি লাভ কৰে তিনিটা উইকেট। আৰম্ভণিৰে পৰা শ্ৰীলংকাৰ এটাৰ পাছত এটাকৈ উইকেট খহিব ধৰে। কেৱল কুশল মেন্ডিছ (১৭) আৰু ডাছুন হেমন্থ (১৩)-ই দশকৰ সংখ্যা পাৰ কৰিবলৈ সক্ষম হয়। ব্যৰ্থ হয় দলটোৰ নতুন তাৰকা সমৰাবিক্ৰমা (০), আছালাংকা (০), ধনঞ্জয় দি ছিলভা (৪)ৰ দৰে বেটাৰসকল।

একপক্ষীয় ফলাফল লাভ কৰে টীম ইণ্ডিয়াই। ৫০ ৰাণৰ অনুসৰণ কৰি ৩৭টা বলত এটাও উইকেট নেহেৰুৱাকৈ জয়লাভ কৰে ৰোহিত বাহিনীয়ে। অপেনাৰদ্বয় ঈশান কিশান (২৩) আৰু শুভমন গীল (২৭)- এ নিশ্চিত ফলাফলৰ দিশেৰে লৈ যায়।

উল্লেখ্য যে শ্ৰীলংকাৰ শেহতীয়া প্ৰদৰ্শনক লৈ আশাবাদী আছিল ক্ৰিকেট মহল। মাহেলা জয়াবৰ্ধনে, কুমাৰ ছাংগাক্কাৰা, তিলকাৰত্ন দিলছান, মুথিয়া মুৰালিধৰণ, লাচিথ মালিংগা, ছামিণ্ডা ভাছৰ দৰে সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেট তাৰকাসকলে অৱসৰ লোৱাৰ পাছত দলটোৱে এটা পৰ্যায়ৰ মাজেৰে অগ্ৰসৰ হৈ আহিছে। তাৰ মাজতে কেইবাখনো মেতচ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে, কিন্তু টীম ইণ্ডিয়াৰ হাতত এই পুতৌজনক পৰাজয় আগন্তুক বিশ্বকাপৰ বাবে এটা শিকণি হৈ ৰ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক