--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মহম্মদ ছিৰাজে ৬টা উইকেট দখল কৰে। শেষবাৰৰ চেম্পিয়ন দলটোক ভাৰতীয় পেচাৰগৰাকীৰ দমনীয় প্ৰদৰ্শনৰ ফলত মাত্ৰ ৫০ ৰাণতে বল আউট হৈছিল।

ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত ছিৰাজে নতুন বলত বলিং কৰে। কিন্তু সাধাৰণতে তেওঁ ক্ৰছ ছিম (বলৰ চিমৰ সৈতে আঙুলিটো ক্ৰছ কৰা হয়) ধৰি বলিং কৰে। ফলত খেলপথাৰত বলটো ছিমত নপৰে। ক্ৰছ ছিমত বল এটা খুন্দা মাৰিলে খেলপথাৰত বল এটা বাউন্স হয়। আকৌ এটা বল অলপ তলত যাব পাৰে। এইদৰে বল কৰিলে সাধাৰণতে অধিক ইনছুইং হয়।

শ্ৰীলংকাৰ বিৰুদ্ধে ছিৰাজে নিজৰ চিম সলনি কৰিলে। ভাৰতীয় পেচাৰগৰাকীয়ে কয়, ‘মই সাধাৰণতে ক্ৰছ ছিমত বলিং কৰো। কিন্তু এই মেচখনত মই চিম ধৰি বল কৰিলো। গতিকে ইনছুইংতকৈ আউটছুইং বেছি আছিল। সেইটোৱে কাম কৰিলে। বেছিভাগ বেটছমেনেই আউটছুইঙত আউট হৈছিল।''

বেটছমেনৰ ভৰিৰ কাশত ছিৰাজে বলিং কৰে। খেলিবলৈ বাধ্য হয়। ছিৰাজে যি লেংথত বলিং কৰিছিল, সেইটো বেটছমেনসকলৰ বাবে শ্বট খেলিবলৈ সুবিধাজনক। কিন্তু ভাৰতীয় পেচাৰগৰাকীয়ে সেই লেংথৰ বলিং কৰিয়ে সফলতা লাভ কৰিছিল। এই প্ৰসংগত ছিৰাজে কয়-  ''বলটো চুইং হৈছিল। গতিকে বেছি একো কৰিবলৈ চেষ্টা কৰা নাছিলো। মাত্ৰ বেটছমেনৰ বেটত বল লগাবলৈ চেষ্টা কৰিলোঁ। তাৰ পিছত বাকী কামবোৰ পিটচে কৰিলে। বেটছমেন খেলিবলৈ চেষ্টা কৰিছিল। সেইবাবেই মই সফল হ'লো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক