--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মহম্মদ ছিৰাজে ৬টা উইকেট দখল কৰে। শেষবাৰৰ চেম্পিয়ন দলটোক ভাৰতীয় পেচাৰগৰাকীৰ দমনীয় প্ৰদৰ্শনৰ ফলত মাত্ৰ ৫০ ৰাণতে বল আউট হৈছিল।

ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত ছিৰাজে নতুন বলত বলিং কৰে। কিন্তু সাধাৰণতে তেওঁ ক্ৰছ ছিম (বলৰ চিমৰ সৈতে আঙুলিটো ক্ৰছ কৰা হয়) ধৰি বলিং কৰে। ফলত খেলপথাৰত বলটো ছিমত নপৰে। ক্ৰছ ছিমত বল এটা খুন্দা মাৰিলে খেলপথাৰত বল এটা বাউন্স হয়। আকৌ এটা বল অলপ তলত যাব পাৰে। এইদৰে বল কৰিলে সাধাৰণতে অধিক ইনছুইং হয়।

শ্ৰীলংকাৰ বিৰুদ্ধে ছিৰাজে নিজৰ চিম সলনি কৰিলে। ভাৰতীয় পেচাৰগৰাকীয়ে কয়, ‘মই সাধাৰণতে ক্ৰছ ছিমত বলিং কৰো। কিন্তু এই মেচখনত মই চিম ধৰি বল কৰিলো। গতিকে ইনছুইংতকৈ আউটছুইং বেছি আছিল। সেইটোৱে কাম কৰিলে। বেছিভাগ বেটছমেনেই আউটছুইঙত আউট হৈছিল।''

বেটছমেনৰ ভৰিৰ কাশত ছিৰাজে বলিং কৰে। খেলিবলৈ বাধ্য হয়। ছিৰাজে যি লেংথত বলিং কৰিছিল, সেইটো বেটছমেনসকলৰ বাবে শ্বট খেলিবলৈ সুবিধাজনক। কিন্তু ভাৰতীয় পেচাৰগৰাকীয়ে সেই লেংথৰ বলিং কৰিয়ে সফলতা লাভ কৰিছিল। এই প্ৰসংগত ছিৰাজে কয়-  ''বলটো চুইং হৈছিল। গতিকে বেছি একো কৰিবলৈ চেষ্টা কৰা নাছিলো। মাত্ৰ বেটছমেনৰ বেটত বল লগাবলৈ চেষ্টা কৰিলোঁ। তাৰ পিছত বাকী কামবোৰ পিটচে কৰিলে। বেটছমেন খেলিবলৈ চেষ্টা কৰিছিল। সেইবাবেই মই সফল হ'লো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু