--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ আন এজন প্ৰাক্তন সদস্যই দেশ এৰি বহিঃৰাজ্যত ফ্ৰেঞ্চাইজি লীগত যোগদান কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই পি এল খেলা বেটছমেনগৰাকীক দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগত দেখা যাব। ইতিমধ্যে তেওঁ ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।

দক্ষিণ আফ্ৰিকাৰ ফ্ৰেঞ্চাইজি লীগ নিলামত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰবিন উথাপ্পা। ২০০৭ চনত দক্ষিণ আফ্ৰিকাত ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য উথাপ্পা। তেওঁ মহেন্দ্ৰ সিং ধোনিৰ ঘনিষ্ঠ সতীৰ্থ হিচাপে পৰিচিত। বেটিঙৰ উপৰিও উথাপ্পাই উইকেটকীপাৰ হিচাপেও খেলিব পাৰে।

২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগৰ নিলাম। দক্ষিণ আফ্ৰিকাৰ বাহিৰেও ১৪খন দেশৰ ১২২গৰাকী ক্ৰিকেটাৰে এই নিলামত প্ৰৱেশ কৰিছে। তাৰ ভিতৰত উথাপ্পাৰ নামো আছে। ইয়াৰ পূৰ্বেও তেওঁক বিদেশী ফ্ৰেঞ্চাইজি লীগত দেখা গৈছে। ২০২৩ চনত ডুবাই কেপিটেলছ আৰু হাৰাৰে হাৰিকেনছৰ হৈ খেলিছিল। ২০২২ চনলৈকে চি এছ কেৰ হৈ আই পি এল খেলিছিল।

৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ হৈ ৪৬খন এদিনীয়া মেচ আৰু ১৩খন টি-২০ মেচ খেলিছে। কেকেআৰৰ হৈ ছবছৰ খেলিছিল। ছয়খন ফ্ৰেঞ্চাইজিৰ বাবে আই পি এল খেলাৰ অভিজ্ঞতা তেওঁৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু