--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ আন এজন প্ৰাক্তন সদস্যই দেশ এৰি বহিঃৰাজ্যত ফ্ৰেঞ্চাইজি লীগত যোগদান কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই পি এল খেলা বেটছমেনগৰাকীক দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগত দেখা যাব। ইতিমধ্যে তেওঁ ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।

দক্ষিণ আফ্ৰিকাৰ ফ্ৰেঞ্চাইজি লীগ নিলামত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰবিন উথাপ্পা। ২০০৭ চনত দক্ষিণ আফ্ৰিকাত ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য উথাপ্পা। তেওঁ মহেন্দ্ৰ সিং ধোনিৰ ঘনিষ্ঠ সতীৰ্থ হিচাপে পৰিচিত। বেটিঙৰ উপৰিও উথাপ্পাই উইকেটকীপাৰ হিচাপেও খেলিব পাৰে।

২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগৰ নিলাম। দক্ষিণ আফ্ৰিকাৰ বাহিৰেও ১৪খন দেশৰ ১২২গৰাকী ক্ৰিকেটাৰে এই নিলামত প্ৰৱেশ কৰিছে। তাৰ ভিতৰত উথাপ্পাৰ নামো আছে। ইয়াৰ পূৰ্বেও তেওঁক বিদেশী ফ্ৰেঞ্চাইজি লীগত দেখা গৈছে। ২০২৩ চনত ডুবাই কেপিটেলছ আৰু হাৰাৰে হাৰিকেনছৰ হৈ খেলিছিল। ২০২২ চনলৈকে চি এছ কেৰ হৈ আই পি এল খেলিছিল।

৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ হৈ ৪৬খন এদিনীয়া মেচ আৰু ১৩খন টি-২০ মেচ খেলিছে। কেকেআৰৰ হৈ ছবছৰ খেলিছিল। ছয়খন ফ্ৰেঞ্চাইজিৰ বাবে আই পি এল খেলাৰ অভিজ্ঞতা তেওঁৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক