--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লীৰ আবকাৰী নীতিত হোৱা অনিয়মৰ অভিযোগত চিবিআইয়ে চমন জাৰি কৰাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ প্ৰকাশ কৰিছে আপ চৰকাৰৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আঙুলি টোঁৱাই ছিছ’দিয়াই দেশৰ ৰাজধানীত দেখা দিয়া আইন-শৃংখলাজনিত বিশৃংখলাসমূহ উল্লেখ কৰিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ দিল্লীত কেইবাটাও হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

“মই অনুৰোধ কৰো যে যাতে এই বিষয়টোৰ ওপৰতো আপুনি কিছু ব্যৱস্থা লয়।”- ৰাজ্যপাল ভি কে চাক্সেনালৈ প্ৰেৰণ কৰা এখন পত্ৰত ছিছ’দিয়াই এইদৰে লিখে- “যোৱা কিছু দিনৰ ভিতৰতে দিল্লীত কেইবাটাও ধৰ্ষণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈ গৈছে।”

উল্লেখযোগ্য যে শনিবাৰেও দিল্লীত এটা হত্যাকাণ্ড সংঘটিত হৈ গৈছে। ইয়াৰ পূৰ্বেও দছেৰাৰ দিনা একেধৰণৰ ঘটনা হৈ গৈছে।

“এনে লাগিছে যেন দিল্লী অপৰাধৰ ৰাজধানী হৈ গৈছে। অপৰাধীবিলাকৰ আইনকানুনৰ প্ৰতি কোনো ভয়-শংকা নোহোৱা হৈছে।”- ছিছ’দিয়াই লিখে- ““মই অনুৰোধ কৰো যে যাতে এই বিষয়টোৰ ওপৰতো আপুনি কিছু ব্যৱস্থা লয়। ই দিল্লীবাসীক সকাহ দিব।”

উল্লেখ্য যে দেওবাৰে পুৱাৰ ভাগত ছিছ’দিয়াক চিবিআইয়ে সোমবাৰে চমনজাৰি কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে আম আদমী পাৰ্টিয়ে কৈছিল যে গুজৰাট বিধানসভা নিৰ্বানচলৈ লক্ষ্য ৰাখি ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিবলৈ বিজেপিয়ে ব্যাপক ষড়যন্ত্ৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু