--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লীৰ আবকাৰী নীতিত হোৱা অনিয়মৰ অভিযোগত চিবিআইয়ে চমন জাৰি কৰাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ প্ৰকাশ কৰিছে আপ চৰকাৰৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আঙুলি টোঁৱাই ছিছ’দিয়াই দেশৰ ৰাজধানীত দেখা দিয়া আইন-শৃংখলাজনিত বিশৃংখলাসমূহ উল্লেখ কৰিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ দিল্লীত কেইবাটাও হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

“মই অনুৰোধ কৰো যে যাতে এই বিষয়টোৰ ওপৰতো আপুনি কিছু ব্যৱস্থা লয়।”- ৰাজ্যপাল ভি কে চাক্সেনালৈ প্ৰেৰণ কৰা এখন পত্ৰত ছিছ’দিয়াই এইদৰে লিখে- “যোৱা কিছু দিনৰ ভিতৰতে দিল্লীত কেইবাটাও ধৰ্ষণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈ গৈছে।”

উল্লেখযোগ্য যে শনিবাৰেও দিল্লীত এটা হত্যাকাণ্ড সংঘটিত হৈ গৈছে। ইয়াৰ পূৰ্বেও দছেৰাৰ দিনা একেধৰণৰ ঘটনা হৈ গৈছে।

“এনে লাগিছে যেন দিল্লী অপৰাধৰ ৰাজধানী হৈ গৈছে। অপৰাধীবিলাকৰ আইনকানুনৰ প্ৰতি কোনো ভয়-শংকা নোহোৱা হৈছে।”- ছিছ’দিয়াই লিখে- ““মই অনুৰোধ কৰো যে যাতে এই বিষয়টোৰ ওপৰতো আপুনি কিছু ব্যৱস্থা লয়। ই দিল্লীবাসীক সকাহ দিব।”

উল্লেখ্য যে দেওবাৰে পুৱাৰ ভাগত ছিছ’দিয়াক চিবিআইয়ে সোমবাৰে চমনজাৰি কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে আম আদমী পাৰ্টিয়ে কৈছিল যে গুজৰাট বিধানসভা নিৰ্বানচলৈ লক্ষ্য ৰাখি ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিবলৈ বিজেপিয়ে ব্যাপক ষড়যন্ত্ৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক